ETV Bharat / city

কাজিৰঙাত অপৰিবৰ্তিত বান পৰিস্থিতিঃ জীৱ কুলৰ হাহাকাৰ - ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানী

ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীত প্লাৱিত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান । নিৰাপদ স্থান বিচাৰি হাহাকাৰ জীৱ জন্তুৰ ।

Erision At Kajiranga National Park
কাজিৰঙাত অপৰিবৰ্তিত বান পৰিস্থিতিঃ হাহাকাৰ জীৱ কুলৰ
author img

By

Published : Jun 29, 2020, 8:14 PM IST

Updated : Jun 29, 2020, 9:16 PM IST

নগাঁও, 29 জুনঃ ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীত প্লাৱিত হৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বহু অঞ্চল ৷ ইতিমধ্যে নিৰাপদ স্থানলৈ ঢাপলি মেলিছে উদ্যানখনৰ জীৱ-জন্তু বোৰ ৷

CCTVত বন্দী বন্য়হস্তীয়ে ৰাষ্ট্ৰীয় ঘাইপথ পাৰ কৰাৰ দৃশ্য

ৰাজ্য খনত দীৰ্ঘ দিনৰে পৰা হৈ থকা নেৰা-নেপেৰা বৰষুণৰ ফলত ইতিমধ্যে বিভিন্ন জিলাত সৃষ্টি হৈছে ভয়ংকৰ বান পৰিস্থিতি ৷ ঠিক একেদৰে নগাঁও জিলাৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান খনৰো বহু অংশ বানে বুৰাই পেলাইছে ৷ বানত ইতিমধ্যে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে জীৱকুলৰ মাজত ৷ ইফালে নিৰাপদ স্থান বিচাৰি ইতিমধ্যে কাৰ্বি পাহাৰৰ দিশে ঢাপলি মেলিছে উদ্যান খনৰ জীৱ জন্তুবোৰে ।

কাজিৰঙাত অপৰিবৰ্তিত বান পৰিস্থিতিঃ হাহাকাৰ জীৱ কুলৰ

আনহাতে, ৰাষ্ট্ৰীয় ঘাইপথ অতিক্ৰম কৰাৰ সময়ত বাহনৰ খুন্দাত এই পর্যন্ত মৃত্যুমুখত পৰিছে ৰাষ্ট্ৰীয় উদ্যানখনৰ তিনিটাকৈ হৰিণা পহুৰ লগতে উদ্ধাৰ হৈছে এটা এশিঙীয়া গঁড় ৷ লগতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন কৰ্মীয়ে চাৰিটাকৈ হৰিণাৰ লগতে এডাল অজগৰ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে ।

লগতে পঢ়ক- বৰপেটাত বানৰ কবলত 1,35,415 গৰাকী লোক

Last Updated : Jun 29, 2020, 9:16 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.