ETV Bharat / city

গুৰুজনাৰ হৰি নামৰ ধ্বনিত মুখৰিত পবিত্ৰ বটদ্ৰৱা থান - জগত গুৰু শ্ৰীমন্ত শংকৰদেৱ

সমগ্ৰ ৰাজ্যজুৰি পালন কৰা হয় গুৰুজনাৰ তিৰোভাৱ তিথি ৷ সকলো নামঘৰতেই পুৱাৰে পৰা বৰগীত, নাম কীৰ্তন, দিহানাম, বহানাম গাই-গাই মুখৰিত কৰে আকাশ-বতাহ ৷ এই অনুষ্ঠানত ভকত বৈষ্ণৱ আই-মাতৃ সকলৰ লগতে যুৱক-যুৱতি আৰু শিশু সকলেও অংশ গ্ৰহণ কৰি গুৰুজনাক স্মৰণ কৰে ৷

death anniversary of srimanta sankardev celebration in assams batadrava
গুৰুজনাৰ হৰি নামৰ ধ্বনিত মুখৰিত পবিত্ৰ বটদ্ৰৱা থান
author img

By

Published : Aug 20, 2020, 4:22 PM IST

নগাঁও, 20 আগষ্টঃ আজি বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰক জগত গুৰু শ্ৰীমন্ত শংকৰদেৱৰ তিৰোভাৱ মহোৎসৱ ৷ গুৰুজনাৰ এই পবিত্ৰ তিৰোভাৱ তিথিৰ দিনটোত হৰি নামৰ ধ্বনিত মুখৰিত হৈ পৰিছে সমগ্ৰ ৰাজ্য ৷ সকলো ভকত-বৈষ্ণৱে নামঘৰে-নামঘৰে উলম-মালহেৰে পালন কৰিছে গুৰুজনাৰ তিৰোভাৱ তিথি ৷

গুৰুজনাৰ হৰি নামৰ ধ্বনিত মুখৰিত পবিত্ৰ বটদ্ৰৱা থান

ঠিক একেদৰে নগাঁও জিলাৰ গুৰুজনাৰ জন্মস্থান পবিত্ৰ বটদ্ৰৱা থানতো পালন কৰা হৈছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তিৰোভাৱ তিথি । পুৱাৰে পৰা হৰি-নামৰ অমৃতৰ নিজৰা বোৱাই এক আধ্যাত্মিক পৰিৱেশৰ সৃষ্টি কৰিছে বটদ্ৰৱা থানত ।

উল্লেখ্য যে, ভকত-বৈষ্ণৱ সকলে বটদ্ৰৱাৰ থানত শ্ৰীমন্ত শঙ্কৰদেৱৰ তিৰোভাৱ তিথিটো "গুৰু কীৰ্তন" উৎসৱ হিচাপে দুদিনীয়া কাৰ্যসূচীৰে পালন কৰিছে । বুধবাৰৰ পৰা আৰম্ভ হোৱা এই কাৰ্যসূচীত বৈষ্ণৱ সকলে ধৰ্মীয় পৰম্পৰা ৰক্ষা কৰি নাম কীৰ্তন, প্ৰসংগৰ মাজেৰে আৰম্ভ কৰিছে গুৰু কীৰ্তন । বুধবাৰে গুৰু কীৰ্তনৰ গন্ধোৎসৱ উপলক্ষে ৰাম ধেমালি, বাহাৰ নাচৰ আদি বিভিন্ন অনুষ্ঠানৰ অনুষ্ঠিত হোৱাৰ পাছত বৃহস্পতিবাৰে পুৱা তাল বজোৱা প্ৰসংগ, মঞ্জিৰা নামৰ পাছত আই সকলৰ নাম, খোল প্ৰসঙ্গ, দুপৰীয়া কীৰ্তন, ঘোষা কীৰ্তন আদি বিভিন্ন কাৰ্যসূচীৰ মাজেৰে অনুষ্ঠিত হয় গুৰু কীৰ্তন । ইফালে বিভিন্ন প্ৰান্তৰ পৰা অহা ভকত- বৈষ্ণৱে হৰি নাম কীৰ্ত্তনেৰে মুখৰিত কৰিছে বটদ্ৰৱা থান । ভকত বৈষ্ণৱৰ হৰি নাম কীৰ্ত্তনত দ্বিতীয় বৈকুণ্ঠলৈ পৰিণত হৈছে গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা থান ।

লগতে পঢ়ক- বৰপেটা সত্ৰত অনুষ্টুপীয়াকৈ পালন শ্ৰীমন্ত শংকৰদেৱৰ তিৰোভাৱ তিথি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.