ETV Bharat / city

নগাঁৱৰ ৰৌমাৰী বিলত মৃতদেহ উদ্ধাৰ

author img

By

Published : May 26, 2021, 9:49 PM IST

নগাঁও জিলাৰ ৰৌমাৰী বিলত যুৱকৰ মৃতদেহ উদ্ধাৰ হোৱাত অঞ্চলজুৰি চাঞ্চল্য ৷ মৃত যুৱকজন বিষ্ণু নগৰৰ‌ দিপাংকৰ বিশ্বাস বুলি জানিব পৰা গৈছে ৷

নগাঁৱৰ ৰৌমাৰী বিলত মৃতদেহ উদ্ধাৰ
নগাঁৱৰ ৰৌমাৰী বিলত মৃতদেহ উদ্ধাৰ

নগাঁও, 26 মে' : ৰাজ্যজুৰি কৰ’ণা সন্ত্ৰাসৰ মাজতে নগাঁও জিলাৰ ৰৌমাৰী বিলত যুৱকৰ মৃতদেহ উদ্ধাৰ হোৱাত অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি হৈছে ৷ ইটাপাৰ আৰক্ষী চকীৰ অন্তৰ্গত ৰৌমাৰী বিলত সন্দেহ জনক ড্ৰাগছ আসক্ত যুৱকৰ মৃতদেহ উদ্ধাৰ হৈছে ৷

মৃত যুৱকজন বিষ্ণু নগৰৰ‌ দিপাংকৰ বিশ্বাস বুলি জানিব পৰা গৈছে ৷ যুৱকজনক বন্ধুৱে হত্যা কৰাৰ সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে ৷ উল্লেখ্য যে, বুধবাৰে পুৱা ৰৌমাৰীৰ স্থানীয় ৰাইজে মৃতদেহটো প্ৰত্যক্ষ কৰি ইটাপাৰা আৰক্ষীক খবৰ দিয়ে ৷

ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰে ৷ মৃত্যুৰ প্ৰকৃত কাৰণ মৰণোত্তৰ পৰীক্ষাৰ ফলাফলৰ পাছতহে জানিব পৰা যাব বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে ৷

লগতে পঢ়ক : বান আৰু গৰাখহনীয়া বাবে আগতীয়াকৈ সাজু হৈছে জিলা প্ৰশাসন: ৰণোজ পেগু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.