ETV Bharat / city

নগাঁৱৰ তুলসীমুখত নিশা দুই ফৈদৰ মাজত তুমূল সংঘৰ্ষ

author img

By

Published : Oct 29, 2019, 11:21 AM IST

Updated : Oct 29, 2019, 12:55 PM IST

নগাঁৱৰ তুলসীমুখত দুই ফৈদৰ মাজত হোৱা সংঘৰ্ষত প্ৰায় এঘাৰ জনকৈ লোক আহত হৈছে ৷ গুৰুতৰভাৱে আহত সকলক নগাঁও অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে ৷

সংঘৰ্ষৰ ফলত আহত লোক

নগাঁও, 29 অক্টোবৰ : নগাঁৱৰ তুলসীমুখ দেউৰীগাঁৱত যোৱা নিশা দুই ফৈদৰ শতাধিক লোকৰ মাজত তুমূল সংঘৰ্ষৰ সৃষ্টি হয় ৷ এই সংঘৰ্ষৰ ফলত ডেকাৰ পৰা বৃদ্ধলৈকে সকলো আক্ৰমণৰ লক্ষ্য হৈ পৰে ৷ ঘটনাৰ বিৱৰণী অনুসৰি, দীৰ্ঘদিনৰ অন্তত নিজ গাঁৱলৈ দীপাৱলী উদযাপনৰ বাবে যোৱা পীযুষ ভূঞাই দীপাৱলীৰ নিশা 15 জনৰো অধিক যুৱকৰ সৈতে নিজ ঘৰত পাৰ্টীৰ আয়োজন কৰিছিল ৷ উচ্চস্তৰত গান-বাজনা লগাই পাৰ্টী কৰি থকাৰ সময়তে গাঁওবাসী আৰু পীযুষ ভূঞাৰ ফৈদৰ মাজত আৰম্ভ হয় সংঘৰ্ষ ৷

নিশা দুই ফৈদৰ মাজত তুমূল সংঘৰ্ষ
সংঘৰ্ষৰ ফলত আহত লোক

গাঁওবাসীয়ে কৰা অভিযোগ অনুসৰি,প্ৰথমে পীযুষ ভূঞাই গাঁৱৰ একাংশ লোকক আক্ৰমণ কৰাৰ লগতে নিজৰ স্কুটীত অগ্নিসংযোগ কৰিছিল ৷ কিন্তু,পীযুষ ভূঞাই জানিবলৈ দিয়া অনুসৰি গাওঁখনৰ একাংশ লোকেহে তেওঁৰ পৰিয়ালক শিলগুটিৰে আক্ৰমণ কৰাৰ লগতে স্কুটীত অগ্নিসংযোগ কৰিছিল ৷ এই সংঘৰ্ষৰ ফলত আহত হয় দুয়োটা ফৈদৰে প্ৰায় বিশ জনকৈ লোক ৷ আহত লোকসকলক নিশাই নগাঁও অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ৷

নগাঁৱৰ তুলসীমুখত দুই ফৈদৰ মাজত সংঘৰ্ষ

উল্লেখ্য যে, প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰাজেন গোহাঁইৰ নাৰী কেলেংকাৰীৰ সৈতে জড়িত হৈ পৰিছিল পীযুষ ভূঞা আৰু তেখেতৰ পত্নীৰ নাম ৷ কিন্তু পৰৱৰ্তী সময়ত গোচৰটো মিছা বুলি স্বীকাৰোক্তি দি গোচৰ প্ৰত্যাহাৰ কৰাত ৰাইজে মেল পাতি দুয়ো পতি-পত্নীক গাঁৱৰ পৰা উচ্ছেদ কৰাত তেওঁলোকে গুৱাহাটীত আশ্ৰয় লৈ আছিল ৷ মন কৰিবলগীয়া যে, পিচত অৱশ্যে আদালতে এই সম্পৰ্কত ৰাজেন গোহাঁইক ক্লীনচীট প্ৰদান কৰিছিল ৷

আহত প্ৰায় 20 জন লোক

Intro:পুনৰ উত্তপ্ত হ'ল নগাঁৱৰ তুলসীমুখ দেউৰীগাওঁ। গাওঁখনৰ এটা বিশেষ পৰিয়ালৰ সৈতে সংঘটিত সংঘাতত আহত হল দুয়ো পক্ষৰ প্ৰায় কুৰিজনকৈ লোক। মোতায়েন হল আৰক্ষী, চি আৰ পি এফ। পৰিয়ালটোৰ বাসগৃহত গুৱাহাটীকে ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সাত আঠ জনীয়া ভাড়াতীয়া যুৱকৰ দল বাঁহৰ পাতি থকাৰ অভিযোগ গাওঁবাসীৰ। উত্থাপন হৈছে ভাড়াতীয়া যুৱকে গাঁৱৰ একাংশ লোকক আক্ৰমণৰ অভিযোগ।লগে আকৌ এবাৰ চৰ্চালৈ আহিছে প্ৰাক্তন কেন্দ্ৰীয় ৰেল ৰাজ্য মন্ত্ৰী ৰাজেন গোহাঁইৰ যৌন কেলেংকাৰীৰ অভিযোগৰ প্ৰসংগ। কিন্তু কিয় চাওক আমাৰ এই বিশেষ প্ৰতিবেদন।

Body:পুনৰ উত্তপ্ত হৈ পৰিল নগাঁৱৰ তুলসীমুখ দেউৰীগাওঁ। কাৰণ এটা বিশেষ পৰিয়াল। পৰিয়ালটো এইবাৰ প্ৰত্যক্ষ সংঘাতত লিপ্ত হ'ল গাওঁবাসীৰ সৈতে। সংঘাতত আহত হল দুয়ো পক্ষৰ প্ৰায় কুৰিজনকৈ লোক। গাঁৱত ওৰে নিশা মোতায়েন হ'ল আৰক্ষী, চি আৰ পি এফ। এতিয়া শুনক আচল কাহিনী। গাওঁখনৰ এটা বিশেষ পৰিয়ালৰ বোৱাৰীক যৌন নিৰ্যাতন কৰাৰ অভিযোগ উত্থাপন কৰি প্ৰাক্তন কেন্দ্ৰীয় ৰেল ৰাজ্য মন্ত্ৰী ৰাজেন গোহাঁইৰ বিৰুদ্ধে আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছিল স্বামীয়ে । পৰৱৰ্তী সময়ত ভুল বুজাবুজি হোৱা বুলি গোচৰ প্ৰত্যাহাৰ কৰাৰ পিছত ই টি ভি ভাৰতৰ সন্মুখতে ভয় ভাবুকিৰ সন্মুখীন হৈ গোচৰ প্ৰত্যাহাৰ কৰাৰ অভিযোগ কৰিছিল যুৱকজনে। পুনৰ গোচৰটো মিছা বুলি স্বীকাৰোক্তি দিয়াৰ পিছতেই পৰিয়ালটোৰ ওপৰত জাঙুৰ খাই উঠিছিল গাঁওবাসী। উত্থাপন হৈছিল ৰাজেন গোহাঁইক ব্লেকমেইলিং কৰাৰো অভিযোগ। সেই সময়তেই ৰাইজমেল অনুষ্ঠিত কৰি গাওঁবাসীয়ে পৰিয়ালটোক গাঁৱৰ পৰা উচ্ছেদৰ সিদ্ধান্ত লোৱাৰ পিছৰ পৰাই ঘৰ এৰি গুৱাহাটীত আশ্ৰয় লৈছিল পত্নী সহ যুৱকজনে। দীৰ্ঘদিনৰ অন্তত পত্নীক লগত লৈ দীপাৱলী উদযাপনৰ বাবে ঘৰলৈ আহিছে যুৱকজন । লগত কেইবাজনো যুৱক । সোমবাৰে সন্ধিয়া যুৱকজনে বাসগৃহত উচ্চস্বৰে বজাই আছিল ডি জে। একে সময়তে গাওঁখনৰ কেবাটাও পৰিয়ালে আয়োজন কৰিছিল ভোজভাতৰ তেনে সময়তে হঠাৎ গাওঁবাসীৰ সৈতে সংঘাতৰ সূত্ৰপাত হয় পৰিয়ালটোৰ। সংঘাত কৰাৰ উদ্দেশ্যেই পৰিয়ালটোৰ বাসগৃহত বাঁহৰ পাতি থকা অচিনাকী যুৱককেইজনে গাঁৱৰ একাংশ লোকক চোকা অস্ত্ৰৰে আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন হৈছে। আক্ৰমণত আহত হয় গাওঁখনৰ এঘাৰ জনকৈ লোক। আহত লোকসকলক স্থানীয় চিকিৎসালয়তে ভৰ্তি কৰা হয়। আক্ৰমণৰ ঘটনা সংঘটিত হোৱাৰ পিছতেই উত্তেজিত হৈ পৰে ক্ষুব্ধ গাওঁবাসী।
bite, গাঁৱৰ ৰাইজ
vo- ইপিনে পুনৰবাৰ ৰাজেন গোহাঁইৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ উত্থাপন কৰি আক্ৰমণৰ ঘটনাতো ৰাজেন গোহাঁই জড়িত থকাৰ অভিযোগ কৰে যুৱকজনে। গাওঁখনৰ একাংশই যুৱকজনৰ পৰিয়ালৰ লোকক আক্ৰমণ কৰাৰ লগতে বাসগৃহত আক্ৰমণ, স্কুটীত অগ্নিসংযোগ কৰাৰো অভিযোগ উত্থাপন কৰে। তাৎপৰ্যপূৰ্ণভাৱে যুৱকজনে আকৌ এবাৰ স্বীকাৰ কৰিলে ৰাজেন গোহাঁইৰ বিৰুদ্ধে উত্থাপন হোৱা অভিযোগ সত্য বুলি। ভয় ভাবুকিৰ সন্মুখীন হৈ গোচৰ প্ৰত্যাহাৰৰ প্ৰসংগও উল্লেখ কৰিলে পুনৰবাৰ।
bite- husband

Conclusion:উল্লেখযোগ্য যে ৰাজেন গোহাঁইৰ বিৰুদ্ধে তৰা গোচৰত আদালতে ইতিমধ্যেই দোষমুক্ত ঘোষণা কৰিছে ৰাজেন গোহাঁইক। অৱশ্যে এই অভিযোগতেই বিগত লোকসভা নিৰ্বাচনত প্ৰাৰ্থীত্বৰ পৰা বঞ্চিত হৈছিল ৰাজেন গোহাঁই। ঘটনাত ৰাজনৈতিক ষড়যন্ত্ৰ জড়িত থকা বুলিও চৰ্চিত হৈছে বিভিন্ন মহলত।
--------------------------------------------------------------------------
নগাঁৱৰ পৰা ৰকিবুল ওৱাহিদ, ই টি ভি ভাৰত অসম
২৯-১০-১৯
Last Updated : Oct 29, 2019, 12:55 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.