নগাঁও, 7 ফেব্ৰুৱাৰীঃ ‘কা' ৰ সমৰ্থনত ৰেলী বাহিৰ কৰাক লৈ বৃহস্পতিবাৰে হোজাইত সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতিৰ ৷ হোজাই ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ ছাত্ৰ আৰু 'মহাকাল' সংঘ বুলি পৰিচিত ছাত্ৰ সংগঠনটোৰ একাংশ সদস্যই হিন্দুত্ব বিৰোধী হুচিয়াৰ, কা বিৰোধী হুছিয়াৰ, ভাৰত মাতা কি জয়, আদি ধ্বনিৰে এক বিশাল সমদল উলিয়ায় ৷
কিন্তু হোজাই জিলা প্ৰশাসনৰ পৰা কোনো অনুমতি নোলোৱা কৈয়ে বাহিৰ কৰা এই সমদলক আৰক্ষীয়ে বাধা দিয়াত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি ৷ আৰক্ষীয়ে সমদলকাৰীক ছত্ৰভংগ দিয়াৰ লগতে তিনিজন লোকক গ্ৰেপ্তাৰ কৰে ৷