ETV Bharat / city

নগাঁৱত মাইক্ৰ’ফাইনেন্স উদগনি আৰু সকাহ আঁচনিৰ অধীনত চেক বিতৰণ

দেওবাৰে অসম মাইক্ৰ’ফাইনেন্স উদগণি আৰু সকাহ আঁচনি ২০২১ৰ অধীনত নগাঁৱৰ হিতাধিকাৰীৰ মাজত চেক বিতৰণ কৰা হয় (Cheques Distribution under microfinance loan waiver scheme)। এই অনুষ্ঠানত 6 হাজাৰ মহিলাক বিতৰণ চেক প্ৰদান কৰা হয় । অনুষ্ঠানত ৰাজ্য চৰকাৰৰ কেইবাগৰাকী মন্ত্ৰী আৰু বিধায়কৰ অংশগ্ৰহণ ।

author img

By

Published : Feb 6, 2022, 4:23 PM IST

cheques-distribution-under-assam-micro-finance-incentive-and-relief-scheme-2021
নগাঁৱত মাইক্ৰ’ফাইনেন্স উদগনি আৰু সকাহ আঁচনিৰ অধীনত চেক বিতৰণ

নগাঁও, 6 ফেব্ৰুৱাৰী : ৰাজ্যৰ ভিন্ন প্ৰান্তৰ মাইক্ৰ'ফাইনেন্সৰ হিতাধিকাৰী মহিলাসকলৰ বাবে ৰাজ্য চৰকাৰে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে । মহিলাসকলক সহায়ৰ বাবে চৰকাৰে বিভিন্ন জিলাত অসম মাইক্ৰ'ফাইনেন্স উদগনি আৰু সকাহ আঁচনি, ২০২১ৰ (Assam Micro Finance Incentive and Relief Scheme) অধীনত চেক বিতৰণ কৰিছে । শেহতীয়াকৈ দেওবাৰে নগাঁও জিলা প্ৰশাসনৰ উদ্যোগত নেহেৰুৱালীত আয়োজন কৰা হয় চেক বিতৰণৰ বিশেষ কাৰ্যসূচী (Cheques Distribution under microfinance loan waiver scheme)।

অনুষ্ঠানটোত নগাঁৱৰ অভিভাৱক মন্ত্ৰী পীয়ুষ হাজৰিকা (Minister Pijush Hazarika at Nagaon), স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্ত, স্থানীয় বিধায়ক ৰূপক শৰ্মা উপস্থিত থাকি চেক সমূহ বিতৰণ কৰে । জিলাখনৰ নিয়মীয়াকৈ ঋণ পৰিশোধ কৰি থকা মুঠ 86 হাজাৰ 950 গৰাকী মহিলাক মাইক্ৰ'ফাইনেঞ্চৰ ঋণ প্ৰদান কৰা হ’ব বুলি জানিব পৰা গৈছে ৷ ইয়াৰ মাজৰে মুঠ 6 হাজাৰ ঋণগ্ৰস্ত মহিলাক দেওবাৰে বিভিন্ন বেংকৰ ঋণৰ চেক প্ৰদান কৰে মন্ত্ৰী পীয়ুষ হাজৰিকাই (Cheques Distribution at Nagaon) । লগতে বাকী 80 হাজাৰ ঋণগ্ৰস্ত মহিলাক সোমবাৰৰ পৰা চেক প্ৰদানৰ ব্যৱস্থা কৰিছে নগাঁও জিলা প্ৰশাসনে ।

ইতিমধ্যে ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ দায়িত্ব লোৱাৰ পূৰ্বেই মহিলাসকলক ঋণ ৰেহাইৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল হিমন্ত বিশ্ব শৰ্মাই । সেই মৰ্মেই সম্প্ৰতি মহিলাসকলক সকাহ দিয়াৰ উদ্দেশ্যে চৰকাৰে চেক প্ৰদানৰ কাৰ্য্যসূচী হাতত লৈছে বুলি মন্তব্য কৰে মন্ত্ৰী পীয়ুষ হাজৰিকাই । ৰাজ্যৰ ঋণগ্ৰস্ত মহিলাসকলক মাইক্ৰ'ফাইনেঞ্চৰ ঋণ ৰেহাই দি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই এক অসাধ্য সাধন কৰিছে বুলিও মন্তব্য কৰে মন্ত্ৰী পীয়ুষ হাজৰিকাই ।

লগতে পঢ়ক : লতা মংগেশকাৰ: ভাৰতৰ নাইটিংগেল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.