ETV Bharat / city

খাকীত দাগ: নগাঁৱত আৰক্ষী বিষয়াৰ বিৰুদ্ধে ডকাইতিৰ গোচৰ

author img

By

Published : Jul 8, 2022, 9:09 PM IST

এটাৰ পিছত আনটো বিতৰ্কত সাঙোৰ খাইছে নগাঁও আৰক্ষী (Nagaon police controversy)। এইবাৰ সুদখোৰৰ পক্ষ লোৱাৰ অভিযোগ নগাঁও আৰক্ষীৰ বিৰুদ্ধে । এগৰাকী এ এছ আইৰ বিৰুদ্ধে ৰুজু হৈছে গোচৰ । সুদখোৰৰ পক্ষ লৈ মানসিক বিকাৰগ্ৰস্ত লোকক প্ৰহাৰ কৰাৰ অভিযোগ ৰূপহীহাট আৰক্ষীৰ বিৰুদ্ধে ।

Case registered against police ASI
Case registered against police ASI

নগাঁও, 8 জুলাই: এছ আই জোনমণি ৰাভা, হাইদৰ হুছেইন, প্ৰদীপ বণিয়াকে ধৰি কেইবাজনো আৰক্ষীয়ে নগাঁও আৰক্ষীৰ খাকী পোচাকত লগোৱা দাগ পৰিষ্কাৰ নৌহওঁতেই পোচাকজোৰক পুনৰ কলংকিত কৰিলে আন এগৰাকী আৰক্ষী বিষয়াই (Nagaon police controversy)। নগাঁৱৰ ৰূপহীহাট আৰক্ষী থানাৰ সহকাৰী উপ পৰিদৰ্শক আফচৰ উদ্দিন আহমেদৰ বিৰুদ্ধে এইবাৰ ৰুজু হৈছে ডকাইতিৰ গোচৰ (Dacoiti case against police)।

ৰূপহীহাট আৰক্ষী থানাৰ অন্তৰ্গত এটি দৰিদ্ৰ পৰিয়ালক সুদৰ টকা আদায় দিবলৈ তীব্ৰ হেঁচা প্ৰয়োগ কৰাৰ অভিযোগ উত্থাপন হৈছে খোদ আৰক্ষীৰ বিৰুদ্ধে (Allegation of pressurize family for interest money)। ৰূপহীহাটৰ কেইজনমান লোকৰ পৰা সুদত টকা লোৱা পৰিয়ালটোৱে সুদৰ টকা আদায় দিব নোৱাৰাত, সুদখোৰৰ ভেৰোণীয়া গুণ্ডাবাহিনীৰ সহযোগত ৰূপহীহাট আৰক্ষী থানাৰ এ এছ আই আফচৰ উদ্দিন আহমেদে পৰিয়ালটোক হেঁচা প্ৰদান কৰাৰ অভিযোগ ৷

নগাঁৱত আৰক্ষী বিষয়াৰ বিৰুদ্ধে ডকাইতিৰ গোচৰ

দৰিদ্ৰ পৰিয়ালটোৰ এমদাদুল ইছলাম নামৰ মানসিক বিকাৰগ্ৰস্ত সদস্যজনৰ লগতে দুখনকৈ বাহন আৰক্ষীয়ে লৈ যায় থানালৈ । কোনো এজাহাৰ নোহোৱাকৈয়ে যুৱকজনক দুই তিনিদিন আৰক্ষী থানাতে ৰাখি নিৰ্মমভাৱে প্ৰহাৰ কৰাৰো অভিযোগ উত্থাপন কৰিছে পৰিয়ালটোৱে । ঘটনা সন্দৰ্ভত এ এছ আই আফচৰ উদ্দিন আহমেদসহ কেইবাজনো লোকৰ বিৰুদ্ধে এমদাদুলৰ পত্নী এলিজা ৰহমানে দাখিল কৰে এজাহাৰ (FIR against police officer)৷ এই এজাহাৰৰ ভিত্তিত লুটপাতকে ধৰি কেইবাটাও ধাৰাৰ অধীনত ৰুজু হৈছে গোচৰ ।

সুদৰ ধন আদায় দিবলৈ পৰিয়ালটোৰ বাসগৃহত উপস্থিত হৈ এইজন এ এছ আই আফচৰ উদ্দিন আহমেদে অনুষ্ঠিত কৰিছিল মেল । কেৱল এয়াই নহয়, খোদ নগাঁৱৰ আৰক্ষী অধীক্ষকেও সুদখোৰৰ পক্ষ লৈ দৰিদ্ৰ পৰিয়ালটোক সুদৰ টকা আদায় দিবলৈ হেঁচা প্ৰয়োগ কৰাৰো অভিযোগ উত্থাপন কৰিছে পৰিয়ালটোৱে ।

ইপিনে নগাঁও আৰক্ষীৰ সহকাৰী উপ পৰিদৰ্শক আফচৰ উদ্দিন আহমেদসহ সুদখোৰ কেইজনৰ বিৰুদ্ধে গোচৰ ৰুজু হোৱাৰ পিছত অভিযুক্তক গ্ৰেপ্তাৰ কৰাৰ বিপৰীতে এজাহাৰ প্ৰত্যাহাৰ কৰিবলৈ পৰিয়ালটোক হেঁচা প্ৰয়োগ কৰাৰো ভয়ংকৰ অভিযোগ উত্থাপন হৈছে ৰূপহীহাট আৰক্ষীৰ বিৰুদ্ধে ।

অৱশ্যে অভিযুক্ত আৰক্ষী আফচৰ উদ্দিনৰ বিৰুদ্ধে শীৰ্ষ মহলে কি ব্যৱস্থা গ্ৰহণ কৰিছে সেয়া এই পৰ্যন্ত জানিব পৰা হোৱা নাই । উল্লেখযোগ্য যে, নগাঁৱৰ পূৰ্বৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই সুদখোৰৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰি ৰাইজৰ প্ৰশংসা বুটলিবলৈ সক্ষম হোৱাৰ বিপৰীতে এইবাৰ খোদ বৰ্তমানৰ আৰক্ষী অধীক্ষকৰ বিৰুদ্ধেই সুদখোৰৰ পক্ষ লোৱাৰ অভিযোগে ব্যাপক চৰ্চা লাভ কৰিছে সচেতন মহলত ।

লগতে পঢ়ক : Kirtikamal Bora fake encounter : আনন্দ মিশ্ৰক তদন্তৰ আওঁতালৈ অনাৰ দাবী উত্থাপন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.