নগাঁও, 15 ফেব্ৰুৱাৰী : শনিবাৰে নগাঁৱত তীব্ৰ প্ৰতিবাদৰ সন্মুখীন হয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৷ নগাঁৱৰ নেহেৰুৱালীত আয়োজিত নাথ যোগী সন্মিলনীৰ সামৰণি অনুষ্ঠানত অংশগ্ৰহণৰ বাবে উপস্থিত হৈছিল মুখ্যমন্ত্ৰীগৰাকী ৷ নেহেৰুৱালীৰ পৰা শংকৰদেৱ নাট্য মন্দিৰলৈ যোৱাৰ পথত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নগাঁও জিলা সমিতিয়ে সোণোৱালৰ প্ৰতিমূৰ্তি দাহ কৰাৰ লগতে ক'লা পতাকা প্ৰদৰ্শন কৰে ৷
মুখ্যমন্ত্ৰীগৰাকী নগাঁৱত উপস্থিত হোৱাৰ লগে লগে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সদস্যসকলে ৷
আৰু পঢ়ক : 2021 বিধানসভা নিৰ্বাচনত তেজপুৰৰ পৰা প্ৰতিদ্বন্দিতা আগবঢ়োৱাৰ সম্ভাৱনা ৰিপুন বৰাৰ