ETV Bharat / city

বটদ্ৰৱাত পথ নির্মাণৰ নামত ঠিকাদাৰৰ লুণ্ঠনৰাজ

বিধায়িকা আঙুৰলতা ডেকাৰ বটদ্ৰৱা সমষ্টিত পথ নিৰ্মাণৰ নামত চলিছে ঠিকাদাৰৰ অবাধ লুন্ঠন ৷ নৱনিৰ্মিত পকী পথৰ ব্লেক টেপিং তৰপে তৰপে এৰাই যোৱাৰ লগতে হাতেৰে মোহাৰি দিলেই এৰাই যায় পথ নিৰ্মাণত ব্যৱহৃত শিলগুটি ৷

তৰপে তৰপে এৰিল ব্লেক টেপিং
author img

By

Published : Oct 11, 2019, 3:12 PM IST

বটদ্ৰৱা, 11 অক্টোবৰ : বিধায়িকা আঙুৰলতা ডেকাৰ বটদ্ৰৱা সমষ্টিত পথ নিৰ্মাণৰ নামত চলিছে ঠিকাদাৰৰ অবাধ লুন্ঠনৰাজ ৷ নৱনিৰ্মিত পকী পথৰ ব্লেক টেপিং তৰপে তৰপে এৰাই যোৱাৰ লগতে হাতেৰে মোহাৰি দিলেই এৰাই যায় পথ নিৰ্মাণত ব্যৱহৃত শিলগুটিসমূহ । মুঠৰ ওপৰত চৰকাৰী ধনৰ শৰাধ কৰি বটদ্ৰৱাত অৰ্থলোভী ঠিকাদাৰে নিজৰ মইমতালিৰে অতি নিম্নমানৰ সামগ্ৰী ব্যৱহাৰ কৰি নির্মাণ কৰিছে পথটো । আনহাতে, ৰহস্যজনকভাৱে নিৰৱ দৰ্শক হৈ ৰৈছে সভাই সমিতিয়ে ঠিকাদাৰক ধমক দি অহা সমষ্টিৰ বিধায়িকা আঙুৰলতা ডেকা ।

বটদ্ৰৱাত পথ নির্মাণত ব্যাপক অনিয়ম

বটদ্ৰৱা সমষ্টিৰ কহুঁৱাআতিৰ পৰা হেকেটাং বৰি হৈ মৰিগাঁৱলৈ যোৱা এই পথটো 2018-19 বিত্তীয় বৰ্ষৰ SOPD(G) পুঁজিৰে মেৰামতিৰ কাম আৰম্ভ কৰা হৈছিল ৷ নিৰ্বাচনৰ সময়ত ভোটাৰৰ মন জয় কৰিবলৈ বিধায়িকাগৰাকীয়ে সমষ্টিটোত বহু পথৰ আধাৰশিলা নিৰ্মাণ কৰিছিল । কিন্তু নিৰ্বাচন পাৰ হৈ যোৱাৰ অত দিনৰ পাচতো এই পথ সমূহত নপৰিল এটাও শিলগুটি ৷ ইয়াৰ ফলত জীয়াতু ভূগিব লগীয়া হৈছে সাধাৰণ লোকৰ লগতে অসুস্থ ৰোগীসকলেও ৷

Intro:বটদ্ৰৱাত পথ নির্মাণত ব্যাপক অনিয়ম । চপৰা চপৰে এৰি গৈছে নব নিৰ্মিত পকী পথৰ ব্লক টেপিং । নিৰব ভূমিকা বিধায়িকা আঙুৰলতা ডেকাৰ ।Body:ৰাজ্যৰ গড়কাপ্তানী মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ বাট পথৰ আমোল পৰিবৰ্তনৰ বিষয়ে যিমানেই বৰজহ মাৰি নাথাকক কিয় সেই কথা কেবল সীমাবদ্ধ সংবাদ মাধ্যমৰ কেমেৰাৰ সন্মুখতহে । হয় আপুনি ঠিকেই শুনিছে কাৰণ বটদ্ৰৱাত এতিয়া পথ নির্মাণৰ নামত চলিছে ঠিকাদাৰৰ লুণ্ঠন ৰাজ । সকলো দেখিও চকু মুদা কুলিৰ ভাও জুৰি আছে সমষ্টিৰ বিধায়িকা আঙুৰলতা ডেকাই । বিধায়িকা গৰাকীয়ে সভা সমিতিয়ে সমষ্টিৰ উন্নয়নৰ কথা কয় যদিও সচা অৰ্থত প্ৰকৃত ৰহস্য ফাদিল নকৰিলে অপুনি হয়তো গমেই নাপাব বিধায়িকা গৰাকীয়ে উন্নয়নৰ নামত কৰা ফোপোলা স্বৰূপটো । প্ৰকৃততে সমষ্টিটোত অভিলাষী আঁচনি সমূহ ৰূপায়নৰ নামত চলিছে কি ? ভালদৰে মন কৰক এই দৃশ্য সমূহলৈ । চাওঁক কেনেকৈ নবনিৰ্মাত পকী পথৰ ব্লক টেপিং তৰপে তৰপে এৰি গৈছে । হাতেৰে মোহাৰি দিলেই তৰপ সমূহ থান বান হৈ যায় শিলগুটি সমূহ । মুঠৰ উপৰত চৰকাৰী ধনৰ শৰাধ কৰি বটদ্ৰৱাত অৰ্থলিপ্সু ঠিকাদাৰে সম্পূৰ্ণ নিজৰ মইমতালিৰে অতি নিন্ম মানৰ সামগ্ৰী ব্যৱহাৰ কৰি এনেদৰেই নির্মাণ কৰিছে পথ । কিন্তু ৰহস্যজনক নিৰৱ দৰ্শক হৈ ৰৈছে সভাই সমিতিয়ে ঠিকাদাৰক ধমক দি অহা সমষ্টিৰ বিধায়িকা গৰাকী । ঠিকাদাৰ বাহিনীৰ লগত ঘনিষ্ঠ সম্পর্ক থকাৰ বাবেই সমষ্টিতোৰ বাট পথ নিৰ্মাণৰ নামত ঠিকাদাৰ বাহিনীয়ে চলাইছে লুণ্ঠন ৰাজ চলাইছে বুলিও উথ্থাপিত হৈছে অভিযোগ । এই ব্যস্ত পথটো বটদ্ৰৱা সমষ্টিৰ কহুৱাঁআতিৰ পৰা হেকেটাং বৰি হৈ মৰিগাঁনলৈ যোৱা পথ । ২০১৮-২০১৯ বিত্তীয় বৰ্ষৰ SOPD(G) পুঁজিৰে মেৰামতিৰ কামৰ কৰা হৈছিল এই গুৰুত্বপূৰ্ণ পথটো। ইফালে বছৰ-বছৰ ধৰি বটদ্ৰৱা সমষ্টিৰ বৃহত্তৰ অঞ্চলৰ ৰাইজে ৰাস্তা-ঘাটৰ দুৰৱস্থাৰ বাবে বহুবোৰ দিশত দুৰ্ভোগ ভোগ কৰি আহিব লগীয়া হৈছে যদিও বিধায়িকা আঙুৰলতা ডেকাই এইক্ষেত্ৰত কাণষাৰ নিদিয়াৰ অভিযোগ উত্থাপন হৈছে । ভোটাৰৰ মন জয় কৰিবলৈ নিৰ্বাচনৰ সময়ত চমক সৃষ্টি কৰিবলৈ বিধায়িকা গৰাকীয়ে সমষ্টিত বহু পথৰ আধাৰশিলা কৰিছিল । কিন্তু নির্বাচন পাৰ হৈ যোৱাৰ অত দিনৰ পিছতো এই পথ সমূহত নপৰিল এটাও শিলগুটি । বহুবল্কী মন্ত্ৰী হিমন্তৰ বিয়াগোম গড়কাপ্তানী বিভাগ আৰু স্থানীয় বিধায়িকা গৰাকীৰ নিৰব ভূমিকাৰ বাবেই জীয়াতু ভোগিব লগীয়া হৈছে সাধাৰণ লোকৰ লগতে অসুস্থ ৰোগী সকলেও। এতিয়া প্ৰশ্ন হয় সততে উন্নয়ণৰ কথা কোৱা বটদ্ৰৱা সমষ্টিৰ বিধায়িকা আঙুৰলতা ডেকাই নিৰ্বাচনৰ সময়ত আধাৰশিলা স্থাপন কৰি চমক সৃষ্টি কৰা এই ৰাস্তা ঘাটৰ নিৰ্মানৰ নামত সংঘটিত হোৱা অবাধ দুৰ্নীতিৰ বিৰুদ্ধে সৰৱ হৈ পৰিবনে ? নে এনেকৈ পথ নির্মাণৰ নামত ঠিকাদাৰ বাহিনীয়ে চলাই যাব লুণ্ঠন ৰাজ? সেইয়া হে হব লক্ষনীয় ।_______________বটদ্ৰৱাৰ পৰা প্ৰাঞ্জল বৰা ই টি ভি ভাৰত অসম । Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.