ETV Bharat / city

স্বাৱলম্বী হ'বলৈ বায়'ফ্লক পদ্ধতিৰে মীন পালন কৰকঃ আঙুৰলতা - বিধায়িকা আঙুৰলতা ডেকা

জামুগুৰিৰ তিনিজন শিক্ষিত যুৱকে বায়'ফ্লক পদ্ধতিৰে মীন পালনৰ কৰিছে ৷ ইতিমধ্যে উক্ত স্থান পৰিদৰ্শন কৰিবলৈ উপস্থিত হৈছে বিধায়িকা আঙুৰলতা ডেকা ৷

ETV BHARAT
স্বাৱলম্বী হ'বলৈ বায়'ফ্লক পদ্ধতিৰে মীন পালন কৰকঃ আঙুৰলতা
author img

By

Published : Jun 4, 2020, 5:41 PM IST

বটদ্ৰৱা, 4 জুনঃ নগাঁও জিলাৰ জামুগুৰিত উপস্থিত বিধায়িকা আঙুৰলতা ডেকা ৷ বায়'ফ্লক পদ্ধতিৰে মীন পালন কৰা তিনি যুৱকক সাক্ষাৎ কৰে বিধায়িকা গৰাকীয়ে ৷

স্বাৱলম্বী হ'বলৈ বায়'ফ্লক পদ্ধতিৰে মীন পালন কৰকঃ আঙুৰলতা

ক'ৰণা ভাইৰাছৰ ভয়াৱহতাৰ মাজতে নগাঁৱৰ জামুগুৰিত তিনি যুৱকৰ প্ৰশংসনীয় পদক্ষেপ । যি সময়ত অসমৰ যুৱকে বহিঃৰাজ্যত কৰ্মসংস্থাপনৰ বাবে হাহাকাৰ পৰিস্থিতিৰ সন্মুখীন হৈছে থিক সেই সময়তে নগাঁৱৰ তিনি যুৱকে ঘৰতে বৈজ্ঞানিক পদ্ধতিৰে মীন পালন কৰি দেখুৱালে স্বাৱলম্বীতাৰ এক অন্যতম নিদৰ্শন । বায়'ফ্লক পদ্ধতিৰে মীন পালন কৰি স্বাৱলম্বী হোৱাৰ পথ বাচি লৈছে নগাঁৱৰ জামুগুৰিৰ তিনিজন শিক্ষিত যুৱকে । যুৱক কেইজন হৈছে জামুগুৰি গাঁৱৰ উৎপল জ্যোতি নাথ,হংসনাৰায়ন পণ্ডিত আৰু পোনা নাথ ৷ যুৱক কেইজনে নিজ ঘৰতে কম ঠাইতে বায়'ফ্লক পদ্ধতিৰে অধিক পৰিমাণে মীন পালন কৰি নিজে স্বাৱলম্বী হোৱাৰ উপৰিও ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। এই তিনি যুৱকৰ কৰ্মত উৎসাহ যোগোৱাৰ উদ্দেশ্যে উপস্থিত হয় বটদ্ৰৱাৰ বিধায়িকা আঙুৰলতা ডেকা । বিধায়িকা গৰাকীয়ে যুৱক কেইজনৰ বায়'ফ্লক পদ্ধতিৰে মীন পালন কৰাৰ বাবে যুৱক কেইজনক বহুত বহুত ধন্যবাদ জনোৱাৰ লগতে কৃতজ্ঞতা জনায় ৷ লগতে ভৱিষ্যতে তেওঁলোকৰ এই ব্যৱসায়ৰ ক্ষেত্ৰত কোনো ধৰণৰ সমস্যাত নপৰে তাৰ প্ৰতি নজৰ দি যাব বুলি উল্লেখ কৰে বিধায়িকা গৰাকীয়ে ৷ লগতে সকলো শিক্ষিত যুৱক-যুৱতীক চাকৰিৰ পিছত ঘুৰি সময় নষ্ট নকৰি এই বায়ফ্লিক পদ্ধতিৰে মৎস্য পালন কৰিবলৈ আগবাঢ়ি আহিবলৈ আহ্বান জনায় বিধায়িকা গৰাকীয়ে ।

লগতে পঢ়কঃ ডিব্ৰুগড়ৰ এজন অপ্ৰতিৰুদ্ধ যোদ্ধা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.