ETV Bharat / city

বটদ্ৰৱা চৰকাৰী বিদ্যালয়ত অৰাজকতা!!! - নগাঁও

চৰম অৰাজকতা চলিছে বটদ্ৰৱাৰ ডুমডুমীয়া বালিসত্ৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় ৷ অভিযোগকাৰী অভিভাৱকৰ লগত বাক-বিতণ্ডতা লিপ্ত অধ্যক্ষ

বটদ্ৰৱাত চৰকাৰী বিদ্যালয়ত অৰাজকতা
author img

By

Published : Apr 17, 2019, 5:33 PM IST

নগাঁও,17এপ্ৰিলঃ শিক্ষা লাভৰ নামত চৰম প্ৰতাৰণাৰ সন্মুখীন হৈছে নগাঁও বটদ্ৰৱাৰ ডুমডুমীয়া বালিসত্ৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকল ৷ শিক্ষকৰ অনিয়মীয়া উপস্থিতিৰ বাবেই ধাৰাবাহিক শিক্ষালাভৰ পৰা বঞ্চিত হৈ আহিছে বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰীসকল ।

বটদ্ৰৱাত চৰকাৰী বিদ্যালয়ত অৰাজকতা

ইপিনে বিদ্যালয়খনত বহুকেইজন শিক্ষক থকাৰ বিপৰীতে বিভাগীয় শিক্ষকসকলৰ উপস্থিতি সেৰেঙা হোৱাৰ বাবে সচেতন অভিভাৱকে অভিযোগ দিবলৈ যাওঁতেই বিদ্যালয়খনত বুধবাৰে সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ। বিদ্যালয় চৌহদত অধ্যক্ষ মতিউৰ ৰহমানে অভিযোগকাৰী অভিভাৱক সকলৰ লগত বাক-বিতণ্ডাত লিপ্ত হৈ জাঙুৰ খাই উঠে । ইয়াৰ পাচত বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ সন্মুখতে অধ্যক্ষৰ এনে আচৰণক গৰিহণা দিয়ে বিভিন্ন দল-সংগঠনৰ লগতে সচেতন মহলে।

Intro:চৰম অৰাজগতাত চলিছে বটদ্ৰৱাৰ ডুমডুমীয়া বালিসত্ৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় ৷ অভিযোগকাৰী অভিভাৱকৰ লগত বাকবিতণ্ডাত লিপ্ত হল অধ্যক্ষ ৷Body:শিক্ষা লাভৰ নামত চৰম প্ৰতাৰনাৰ সন্মুখীন হৈছে নগাওঁ জিলা বিদ্যালয় সমুহৰ পৰিদৰ্শক কাৰ্যালয়ৰ অধীনস্থ ডুমডুমীয়া বালিসত্ৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী ৷ ৰাজ্যৰ শিক্ষাখণ্ডত অমূল পৰিবৰ্তন ঘটা বুলি চৰকাৰী পক্ষই দম্ভালি মাৰি থকাৰ সময়তে শিক্ষকৰ অনিয়মিয়া উপস্হিতৰ বাবেই ধাৰাবাহিক শিক্ষালাভৰ পৰা বঞ্চিত হৈ আহিছে ডুমডুমীয়া বালিসত্ৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে । শিক্ষা খণ্ডৰ তথা কথিত অমূল পৰিবৰ্তনৰ ফোপোলা স্বৰূপ উদঙাই দিছে এই বিদ্যালয়ৰ শৈক্ষিক পৰিবেশে ৷ বিদ্যালয়খনত বহুকেইজন শিক্ষক নিয়োজিত হৈ আছে যদিও বিভাগীয় নিতী নিয়মক বৃদ্ধাংগুষ্ট প্ৰদৰ্শন কৰি শিক্ষকৰ অনিয়মিয়া কৈ উপস্হিত থকা অভিযোগ অভিভাৱকৰ । শিক্ষকৰ অনিয়মিয়া উপস্হিতিৰ বিষয়ে সচেতন অভিভাৱকে অভিয়োগ দিবলৈ যাওতেই বিদ্যালয়খনত বুধবাৰে সৃষ্টি হয় এক উত্তপ্ত পৰিস্হিতি । বিদ্যালয় চৌহদত অধ্যক্ষ মতিউৰ ৰহমানে অভিযোগকাৰী অভিভাবকৰ লগত বাকবিতণ্ডা কৰি পিছত সৃষ্টি কৰে এই উত্তপ্ত পৰিস্হিতিৰ । বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ সন্মুখতে অধক্ষ্যৰ এনে আচৰণক গৰিহনা দল সংগঠনৰ লগতে সচেতন মহলৰ । উল্লেখ্য যে বিভিন্ন সময়ত বাতৰিৰ শিৰোনামা দখল কৰি অহা এই বিদ্যালয়ৰ সহকাৰী শিক্ষক ছাত্ৰ ছাত্ৰীৰ বৃত্তিৰ ধনৰ অভিযোগত জেল হাজোটলৈ গৈছিল ।________________বটদ্ৰৱাৰ পৰা প্ৰাঞ্জল বৰা ই টি ভি ভাৰত । Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.