চামগুৰি, 5 জুন : আজি 5 জুন অৰ্থাৎ বিশ্ব পৰিৱেশ দিৱস । সমগ্ৰ বিশ্বত শনিবাৰে গছপুলি ৰোপণ কাৰ্যসূচী ৰূপায়ন কৰা হ’ব । বটদ্ৰৱা সমষ্টিত দলংঘাট ইয়ং ব্ৰিগেডৰ উদ্যোগত আৰু বটদ্ৰৱা সমষ্টিৰ বিধায়িকা শিবামণি বৰাৰ সহযোগত বটদ্ৰৱা সমষ্টিৰ ধিং প্ৰেছ ক্লাৱ, জগন্নাথ মন্দিৰকে ধৰি বহুকেইটা অনুস্থানত গছপুলি ৰোপণ কাৰ্যসূচী ৰূপায়ন কৰা হয় ।
লগতে বিধায়িকা গৰাকীয়ে দলংঘাট ব্লক আৰু দলংঘাট চিকিৎসালয় চৌহদত গছপুলি ৰোপণ কৰে । দলংঘাট চিকিৎসালয় চৌহদটো বিধায়িকা গৰাকীয়ে নিজেই চেনিটাইজ কৰে । তাৰ পাছত বিধায়িকা গৰাকীয়ে জাজৰী বজাৰত থকা কন্টেইমেন্টতত মাস্ক আৰু চেনিটাইজাৰ বিতৰণ কৰে । লগতে কন্টেইমেন্ট এলেকাত থকা প্ৰায় ২০০ ঘৰ মানুহৰ বাবে খাদ্য সামগ্ৰী বিতৰণৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে ।
লগতে পঢ়ক : শুকুৰবাৰে হোজাইত উপস্থিত হ’ল বনমন্ত্ৰী পৰিমল শুক্লবৈদ্য