বঢ়মপুৰ, 4 আগষ্ট : শাওণৰ বলিয়া বানে কৃষকৰ সেউজীয়া সপোন উটুৱাই নি কঙাল কৰাৰ পাছত নিজ সমষ্টিৰ বানপীড়িত ৰাইজ তথা কৃষকৰ কাষত থিয় দিছে প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বঢ়মপুৰ সমষ্টিৰ বৰ্তমানৰ বিধায়ক প্ৰফুল্ল কুমাৰ মহন্ত ৷ শনিবাৰে সমষ্টিটোৰ কামপুৰৰ অঞ্চলৰ কামপুৰ গাওঁ পঞ্চায়তৰ অন্তৰ্গত মহগৰীয়া আটিত কৃষি বিভাগৰ সহযোগত বানপীড়িত কৃষকৰ মাজত মহন্তই কঠিয়া বিতৰণ কৰে ৷ নগাঁও জিলা কৃষি বিষয়া অশোক শৰ্মা খাউন্দ আৰু পঞ্চায়ত সভাপতি নিৰঞ্জন বৰা উপস্থিতিত কৃষকসকলৰ মাজত সেউজ বিপ্লৱ আচনিৰ জৰিয়তে বিতৰণ কৰা হয় ৰঞ্জিত চাপ ১ ধানৰ কঠীয়া ৷ প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীয়ে এইদৰে বিপদৰ সময়ত বানপীড়িত কৃষকৰ মাজত কঠিয়া বিতৰণ কৰা কাৰ্যক ৰাইজে শলাগ লৈছে ৷
বানপীড়িতৰ কাষত প্ৰাক্তন মুখ্যমন্ত্ৰী - After flood situations
নগাঁৱৰ কামপুৰত বানপীড়িত কৃষকৰ মাজত কঠিয়া বিতৰণ কৰিলে প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই ৷ ভয়ংকৰ বানত বিধস্ত হৈছিল অঞ্চলটোৰ বহু হেক্টৰ কৃষি ভূমি ৷
![বানপীড়িতৰ কাষত প্ৰাক্তন মুখ্যমন্ত্ৰী](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-4035582-thumbnail-3x2-okll.jpg?imwidth=3840)
বঢ়মপুৰ, 4 আগষ্ট : শাওণৰ বলিয়া বানে কৃষকৰ সেউজীয়া সপোন উটুৱাই নি কঙাল কৰাৰ পাছত নিজ সমষ্টিৰ বানপীড়িত ৰাইজ তথা কৃষকৰ কাষত থিয় দিছে প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বঢ়মপুৰ সমষ্টিৰ বৰ্তমানৰ বিধায়ক প্ৰফুল্ল কুমাৰ মহন্ত ৷ শনিবাৰে সমষ্টিটোৰ কামপুৰৰ অঞ্চলৰ কামপুৰ গাওঁ পঞ্চায়তৰ অন্তৰ্গত মহগৰীয়া আটিত কৃষি বিভাগৰ সহযোগত বানপীড়িত কৃষকৰ মাজত মহন্তই কঠিয়া বিতৰণ কৰে ৷ নগাঁও জিলা কৃষি বিষয়া অশোক শৰ্মা খাউন্দ আৰু পঞ্চায়ত সভাপতি নিৰঞ্জন বৰা উপস্থিতিত কৃষকসকলৰ মাজত সেউজ বিপ্লৱ আচনিৰ জৰিয়তে বিতৰণ কৰা হয় ৰঞ্জিত চাপ ১ ধানৰ কঠীয়া ৷ প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীয়ে এইদৰে বিপদৰ সময়ত বানপীড়িত কৃষকৰ মাজত কঠিয়া বিতৰণ কৰা কাৰ্যক ৰাইজে শলাগ লৈছে ৷
Anchor/V/O= শাওণৰ বলীয়া বানে কৃষকৰ সেউজীয়া সপোনবোৰ উটুৱাই নিয়াৰ পিছত সমষ্টিবাসীৰ কাষত থিয় দিছে প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বঢ়মপুৰ সমষ্টিৰ বিধায়ক প্ৰফুল্ল কুমাৰ মহন্ত । কামপুৰৰ নিজ কামপুৰ গাওঁ পঞ্চায়তৰ অন্তৰ্গত মহগৰীয়াআটিত মহন্তই নগাঁও জিলা কৃষি বিভাগৰ সহযোগত বানপীড়িত কৃষকৰ মাজত কঠিয়া বিতৰণ কৰে ।প্ৰলয়ংকাৰী বানত খেতি পথাৰ নিঃশেষ হৈ যোৱা কৃষকৰ মাজত চৰকাৰে আগবঢ়াইছে উন্নত মানৰ কঠীয়া । নগাঁও জিলা কৃষি বিভাগৰ সহযোগত নগাঁও জিলা কৃষি বিষয়া অশোক শৰ্মা খাউন্দৰ লগতে নিজ কামপুৰ গাঁও পঞ্চায়তৰ সভাপতি নিৰঞ্জন বৰা উপস্থিতিত সেউজ বিপ্লৱ আচনি জৰিয়তে বিধায়ক প্ৰফুল্ল কুমাৰ মহন্তই বানপিড়ীত কৃষকৰ মাজত ৰঞ্জিত চাপ ১ ধানৰ কঠীয়া বিতৰণ কৰে ।বানাক্ৰান্ত কৃষকৰ মাজত লোৱা বিধায়ক জনৰ এনে পদক্ষেপৰ শলাগ লৈছে সমষ্টিবাসীয়ে ।
Body:BYTE = অশোক শৰ্মা খাউন্দ (নগাঁও জিলা কৃষি বিষয়া )
বঢ়মপুৰৰ পৰা মাধৱ চন্দ্ৰ ভূঞা Etv Bharat AssamConclusion: