ETV Bharat / city

ৰাষ্ট্ৰীয় ঘাইপথৰ পকী দলঙত বাঁহৰ ৰেলিং !

পকী দলঙত বাঁহৰ ৰেলিং। উজনিমুৱা ৰাষ্ট্ৰীয় ঘাইপথতে আছে এই জৰাজীৰ্ণ দলংখন। বিপদসংকুল দলঙেৰেই দৈনিক চলাচল অজস্ৰ যান বাহনৰ।

author img

By

Published : Mar 12, 2020, 1:24 PM IST

Updated : Mar 12, 2020, 1:42 PM IST

ৰাষ্ট্ৰীয় ঘাইপথৰ পকী দলঙত বাঁহৰ ৰেলিং !
ৰাষ্ট্ৰীয় ঘাইপথৰ পকী দলঙত বাঁহৰ ৰেলিং !

নগাঁও, 12 মাৰ্চ : পকী দলঙত বাঁহৰ ৰেলিং । উজনিমুৱা ৰাষ্ট্ৰীয় ঘাইপথতে আছে এই জৰাজীৰ্ণ দলংখন । বিপদসংকুল দলঙেৰেই দৈনিক চলাচল হয় অজস্ৰ যান বাহনৰ । গড়কাপ্তানি বিভাগৰ চূড়ান্ত হেমাহিৰ বাবে চামগুৰিৰ আমনিৰ অতি ব্যস্ত ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত থকা যদিও এখন জৰাজীৰ্ণ পকী দলঙে চূড়ান্ত ভাবে ভাবুকি কঢ়িয়াই আনিছে যান-বাহনৰ লগতে যাত্ৰীলৈ । দিজু নৈৰ ওপৰত থকা দলঙখনত পকী ৰেলিঙৰ বিপৰীতে বিগত প্ৰায় দুবছৰ ধৰি প্ৰশাসনে লগাই ৰাখিছে কেৱল মাত্ৰ কেইডালমান শুকান বাঁহহ । যিসমূহ বাঁহ এতিয়া নষ্ট হৈ যোৱাত দলঙখন ঠায়ে-ঠায়ে ৰেলিং বিহীন হৈ অতি বিপদসংকুল হৈ পৰা পৰিলক্ষিত হৈছে ।

উল্লেখযোগ্য যে, বিগত বছৰসমূহত পৃথকে পৃথকে বহু কেইটা ভয়াবহ দুৰ্ঘটনা সংঘটিত হৈ দলঙখনৰ কেইবাটাও অংশত ৰেলিং ভাঙি পেলাইছিল যদিও অতদিনে প্ৰশাসন তথা সংশ্লিষ্ট গড়কাপ্তানি বিভাগে বিধ্বস্ত দলঙখন মেৰামতি কৰাত কোনো ধৰণৰ গুৰুত্ব আৰোপ নকৰিলে ৷ যাৰ বাবে এতিয়া দলঙখনৰ অৱস্থা এইদৰে তথৈবচ হৈ পৰিছে আৰু এই কাৰ্যত অসন্তুষ্টি ব্যক্ত কৰিছে স্থানীয় ৰাইজ তথা অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ স্থানীয় একাংশ বিষয়ববীয়াই । চকু মুদা কুলিৰ ভাও ধৰি নিতৌ আমনিৰ বিধ্বস্ত দলঙখনৰ ওপৰেৰে পাৰ হৈ থকা ৰাজ্য খনৰ মন্ত্ৰী-বিধায়ক সকলৰ প্ৰতি চূড়ান্তভাবে ক্ষোভ উজাৰিছে বৃহত্তৰ অঞ্চলটোৰ সচেতন মহলে । অহৰহ দ্ৰুতবেগীৰে যান-বাহন চলাচল কৰি থকা দলঙখনৰে নিতৌ পাৰ হ'বলৈ শংকিত হৈ পৰা দেখি গৈছে স্কুল-কলেজৰ বহু সংখ্যক ছাত্ৰ-ছাত্ৰীকে ধৰি পথচাৰী তথা চাইকেল অথবা মটৰ চাইকেল আৰোহী সকল ।

শীঘ্ৰে অতি গুৰুত্বপূৰ্ণ ৰাজপথ চোৱাৰ ওপৰত থকা জৰাজীৰ্ণ দলং খনৰ উপযুক্ত মেৰামতি কৰি যাতায়ত উপযোগী কৰিবৰ বাবে পৰিৱৰ্তনকামী চৰকাৰ খনৰ ওচৰত দাবী জনাইছে আটছাৰ স্থানীয় নেতৃবৰ্গয়ে।

Last Updated : Mar 12, 2020, 1:42 PM IST

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.