নগাঁও, 10 মেঃ নগাঁও কাগজ কলৰ ৱেলফেয়াৰ ক্লাৱত শুকুৰবাৰে এখন নাগৰিক সভা অনুষ্ঠিত হয়। এই সভাত অংশগ্ৰহণ কৰে আলফাৰ সাধাৰণ সম্পাদক অনুপ চেতিয়া,মানৱ অধিকাৰ প্ৰাক্তন কৰ্মী লাচিত বৰদলৈ, অগপৰ মুখপাত্ৰ দিলীপ পাটগিৰিয়ে।
দুবছৰৰো অধিক কাল ধৰি বন্ধ হৈ থকা নগাঁও কাগজ কল পুনৰ কাৰ্যক্ষম কৰা আৰু কৰ্মচাৰী সকলৰ অনাদায় হৈ থকা দৰমহাৰ প্ৰসংগত সভাখন অনুষ্ঠিত কৰা হয় ৷ সভাত কেবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰি চৰকাৰক নগাঁও আৰু কাছাৰ কাগজ কল পুনৰ কাৰ্যক্ষম কৰাৰ বাবে আলফাৰ সাধাৰণ সম্পাদক অনুপ চেতিয়া আৰু লাচিত বৰদলৈয়ে আহ্বান জনায় ৷