ETV Bharat / city

উত্তৰ-পূৰ্বাঞ্চলৰ হজযাত্ৰীৰ পৰা দুগুণ ভাড়া সংগ্ৰহৰ অভিযোগ

হজযাত্ৰাৰ পবিত্ৰতাক অপবিত্ৰ কৰাৰ গুৰুতৰ অভিযোগ । তদন্তৰ দাবীৰে সদৌ অসম গৰীয়া-মৰিয়া যুৱ ছাত্ৰ পৰিষদৰ অৱস্থান ধৰ্মঘট ৷

author img

By

Published : Oct 23, 2019, 9:18 PM IST

assam hoj pilgrims Air fare issue

নগাঁও, 23 অক্টোবৰ: কলিয়াবৰত সদৌ অসম গৰীয়া-মৰিয়া যুৱ-ছাত্ৰ পৰিষদৰ অৱস্থান ধৰ্মঘট । উত্তৰ-পূৰ্বাঞ্চলৰ হজযাত্ৰীসকলৰ পৰা অত্যাধিক হাৰত বিমান ভাড়া লোৱাৰ প্ৰতিবাদত সংগঠনটোৱে বুধবাৰে কলিয়াবৰ মহকুমা কাৰ্যালয় প্ৰাংগণত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে ।

দেশৰ অন্য ৰাজ্যৰ হজ যাত্ৰীসকলৰ পৰা বিমান ভাড়াৰ নামত ৫০ হাজাৰ টকা লোৱাৰ বিপৰীতে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ হজযাত্ৰীসকলৰ পৰা ১ লাখ ১১ হাজাৰ টকা জমা লোৱা হয় । এই ক্ষেত্ৰত কেন্দ্ৰীয় হজ কমিটিয়ে স্বজন-তোষণ কৰাৰ অভিযোগ উত্থাপন কৰিছে সংগঠনটোৱে ।

হজ কমিটিৰ অনিয়মৰ তদন্তৰ দাবীৰে সদৌ অসম গৰীয়া-মৰিয়া যুৱ ছাত্ৰ পৰিষদৰ অৱস্থান ধৰ্মঘট

সংগঠনটোৱে এই ক্ষেত্ৰত এক উচিত তদন্ত কৰিবৰ বাবে মুখ্যমন্ত্ৰীৰ ওচৰত দাবী উথাপন কৰিছে । কলিয়াবৰ মহকুমাধিপতি কাৰ্য্যালয়ৰ সন্মুখত গৰীয়া-মৰীয়া যুৱ ছাত্ৰ পৰিষদে অৱস্থান ধর্মঘট পালন কৰি কেন্দ্ৰীয় হজ কমিটিৰ এনে স্বজন-তোষণৰ নীতি প্ৰত্যাহাৰ কৰিবলৈ দাবী জনাই মুখ্যমন্ত্ৰীক বিষয়টোত হস্তক্ষেপ কৰিবলৈ মহকুমাধিপতি বিতোপন নেওগৰ জৰিয়তে এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে ।

পৰিষদৰ প্ৰতিষ্ঠাপক উপদেষ্টা আলহাজ বদিৰত আলিয়ে কয় যে কেন্দ্ৰীয় হজ কমিটিৰ লগত লগ হৈ অসমৰ কেইজনমান লোকে পবিত্ৰ হজৰ নামত এক বৃহৎ ছিণ্ডিকেট ৰাজ চলাই আছে । হজযাত্ৰীসকলৰ পৰা বিমান ভাড়াৰ নামত অত্যাধিক হাৰত ধন আদায় লৈ আছে ।

Intro:হজ যাত্ৰাৰ অসহজ কথা

উত্তৰ-পূৰ্বাঞ্চলৰ হজ যাত্ৰীৰ পৰা দুগুণ ভাড়া সংগ্ৰহৰ অভিযোগ

হজৰ কেন্দ্ৰীয় হজ কমিটিয়ে ব‍্যৱসায় চলাই থকাৰ অভিযোগ

তদন্তৰ দাবীৰে সদৌ অসম গৰীয়া-মৰিয়া যুৱ ছাত্ৰ পৰিষদৰ অৱস্থান ধৰ্মঘট, মুখ‍্যমন্ত্ৰীলৈ স্মাৰক পত্ৰBody:হজ যাত্ৰাৰ পবিত্ৰতাক অপবিত্ৰ কৰাৰ গুৰুতৰ অভিযোগ। উত্তৰ-পূৰ্বাঞ্চলৰ হজ যাত্ৰীক বিভিন্নষম‍্যমূলক আচৰণৰ বিৰুদ্ধে প্ৰতিবাদ মুখৰ সদৌ অসম গৰীয়া-মৰিয়া যুৱ-ছাত্ৰ পৰিষদ।
কলিয়াবৰত সদৌ অসম গৰীয়া-মৰিয়া যুৱ-ছাত্ৰ পৰিষদৰ অৱস্থান ধৰ্মঘট। উত্তৰ পূৰ্বাঞ্চলৰ হজ যাত্ৰী সকলৰ পৰা অত্যাধিক হাৰত বিমান ভাড়া লোৱাৰ প্ৰতিবাদত সংগঠনটোৱে আজি কলিয়াবৰ মহকুমা কাৰ্যালয় প্ৰাংগণত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে। দেশৰ অন্য ৰাজ্যৰ হজ যাত্ৰী সকলৰ পৰা বিমান ভৰাৰ নামত ৫০ হাজাৰ টকা লোৱাৰ বিপৰীতে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ হজ যাত্ৰী সকলৰ পৰা ১ লাখ ১১ হাজাৰ টকা জমা লোৱা হয়। এই ক্ষেত্ৰত কেন্দ্ৰীয় হজ কমিটিয়ে স্বজন-তোষণ কৰাৰ অভিযোগ সংগঠন টোৰ ।এই ক্ষেত্ৰত এক উচিত তদন্ত কৰিবৰ বাবে মুখ্যমন্ত্ৰী ৰ ওচৰত দাবী উথাপন কৰিছে সংগঠনটিয়ে। মহকুমাধিপতি বিতোপন নেওগৰ জৰিয়তে মুখ্যমন্ত্ৰী লৈ এক দাবী সম্বলিত স্মাৰক পত্ৰও প্ৰেৰণ কৰে প্ৰতিবাদীসকলে।Conclusion:visuals
bite
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.