ETV Bharat / city

লক্ ডাউনৰ আহৰি সময়ৰ সদব্যৱহাৰ ভাস্কৰৰ

বিভিন্ন আৰ্হিৰ ঘৰ, ফুলদানি তথা অনান‍্য সৌন্দৰ্য বৰ্ধন কৰা সামগ্ৰী সাজি ব্যাপক সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে নগাঁও পলিটেক্নিক (Polly Technic) ৰ এগৰাকী ছাত্ৰই ৷ দেখিলে আপুনিও আচৰিত হ'ব ৷

Artistic Bambo Work at Kaliabor
সৃষ্টিশীল কৰ্মৰে বিশেষ সমাদৰ এগৰাকী ছাত্ৰৰ
author img

By

Published : Aug 10, 2021, 7:04 PM IST

কলিয়াবৰ, 10 আগষ্ট : কৰ'ণা সৃষ্ট আতংকময় পৰিৱেশ‌ পৰিস্থিতিৰ মাজতেই কলিয়াবৰ (Kaliabor)ৰ এগৰাকী ছাত্ৰই বাঁহেৰে সাজি উলিয়াইছে বহু সা-সামগ্ৰী ৷ ইতিমধ্যে, সৃষ্টিশীল কৰ্মত নিয়োজিত হৈ বিভিন্ন সৃষ্টিকৰ্মেৰে কলিয়াবৰীয়া ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে ছাত্ৰগৰাকী । বিশেষভাৱে চৰ্চিত হোৱা ছাত্ৰগৰাকী হৈছে কলিয়াৰ মহকুমাৰ চতিয়াল গাঁৱৰ ভাস্কৰজ্যোতি দাস ৷ বৰ্তমান নগাঁও পলিটেক্নিক (Polly Technic)ৰ চতুৰ্থ ষান্মাষিকৰ ছাত্ৰ তেওঁ ৷

ভাস্কৰে বাঁহৰ জৰিয়তে বিভিন্ন আৰ্হিৰ ঘৰ, ফুলদানি তথা অনান‍্য সৌন্দৰ্য বৰ্ধন কৰা সামগ্ৰী সাজি উলিয়াবলৈ সক্ষম হৈছে । যোৱা বৰ্ষৰ লকডাউনৰ সময়ত ঘৰত ইউ টিউব (YouTube) তথা বিভিন্ন সামাজিক মাধ‍্যমত প্ৰচাৰিত কিছু শিল্প কৰ্মৰ ভিডিঅ' চাই তেওঁ এই কৰ্মৰ প্ৰতি আগ্ৰহী হয় ৷ সেই ভিডিঅ' সমূহ প্ৰত্যক্ষ কৰিয়েই এপদ-দুপদকৈ বাঁহৰ কাম কৰিবলৈ আৰম্ভ কৰে ভাস্কৰে ।

সৃষ্টিশীল কৰ্মৰে বিশেষ সমাদৰ এগৰাকী ছাত্ৰৰ

লগতে পঢ়ক- সময়ৰ সোঁতত বিলীন হ’ব নেকি মনোমতীৰ জন্মস্থান ?
অৱশ্যে যিবোৰ সা-সামগ্ৰী সাজি উলিয়াইছে, সেইবোৰ বিক্ৰীৰ বাবে নহয় ৷ কিন্তু দুই-এপদ বস্তু শুভাকাংশী সকলক বিক্ৰী কৰিছে বুলি সাংবাদিকৰ আগত সদৰি কৰিছে ভাস্কৰে । ভৱিষ‍্যতে বাঁহ শিল্পক এক মঞ্চ প্ৰদান কৰাত আগ্ৰহী ভাস্কৰ দাস ৷ কাল-কৰ'ণাৰ ক্ষণত হতাশা-অৱসাদে আৱৰি থকা ছাত্ৰ-ছাত্ৰীসকলক ভাস্কৰৰ এই সৃষ্টি কৰ্মই কিঞ্চিৎ হ'লেও প্ৰভাৱান্বিত কৰিব বুলি আশা কৰিব পাৰি ।

উল্লেখ্য যে, কৰ'ণাৰ বাবে চৰকাৰে সকলো স্কুল-কলেজ, বিভিন্ন চৰকাৰী-বেচৰকাৰী অনুষ্ঠান-প্ৰতিষ্ঠান বন্ধ ৰখাৰ নিৰ্দেশ জাৰি কৰিছে ৷ এই সময়ত বহু ছাত্ৰ-ছাত্ৰীৰ লগতে একাংশ লোকে অবাৱত আজৰি সময়বোৰ অতিবাহিত কৰিছে ৷ ইয়াৰ বিপৰীতে সময়ৰ সদব‍্যৱহাৰ কৰি সমাদাৰ লাভ কৰিছে ভাস্কৰজ্যোতিৰ দৰে বহুতেই ৷

লগতে পঢ়ক - PM মোডীৰ উজ্জ্বলা যোজনা : দ্বিতীয় পৰ্যায়ৰ শুভাৰম্ভ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.