ETV Bharat / city

আজৱ কাণ্ড: খুটাৰ সলনি গছত লগালে উচ্চ ক্ষমতসম্পন্ন বৈদ্যুতিক তাঁৰ - high voltage wire

কলিয়াবৰৰ কুঠৰীত অসম শক্তি বিতৰণ নিগমৰ ভয়ংকৰ কাণ্ড ৷ বিদ্যুতৰ খুঁটাৰ বিপৰীতে উচ্চ ক্ষমতসম্পন্ন বিদ্যাুত পৰিবাহী তাঁৰ লগালে গছত ৷ কলিয়াবৰ বৈদ্যুতিক সংমণ্ডলৰ এনে কাণ্ডজ্ঞানহীনতাক ধিক্কাৰ দিছে সচেতন মহলে ৷

APDCL Negligence at Kaliabor
আজৱ কাণ্ডঃ খুটাৰ সলনি গছত লগালে উচ্চ ক্ষমতসম্পন্ন তাঁৰ
author img

By

Published : Jun 15, 2021, 10:33 PM IST

কলিয়াবৰ, 15 জুন : নগাঁও জিলাৰ কলিয়াবৰৰ কুঠৰীৰ ন-জানত আজৱ কাণ্ড ৷ জিলাখনৰ শক্তি বিদ্যুতৰ খুঁটাৰ বিপৰীতে উচ্চ ক্ষমতসম্পন্ন বিদ্যাুত পৰিবাহী তাঁৰ লগালে গছত ৷ অসম শক্তি বিতৰণ নিগমৰ কলিয়াবৰ সংমণ্ডলে কুঠৰীৰ ন-জান গাঁৱত উচ্চ ক্ষমতাসম্পন্ন বিদ্যুতৰ তাঁৰ পকা খুটাৰ বিপৰীতে গছত লগোাৱাত গাঁৱখনৰ মানুহৰ জীৱনলৈ ভাবুকি নামি আহিছে ৷

আজৱ কাণ্ডঃ খুটাৰ সলনি গছত লগালে উচ্চ ক্ষমতসম্পন্ন তাঁৰ

বৰষুণৰ বতৰত গছজোপা বিদ্যুৎপৃষ্ট হোৱাৰ লগতে জুই জ্বলি উঠাৰ যোৱাৰ দৃশ্য প্ৰায়েই পৰিলক্ষিত হয় বুলি স্থানীয় ৰাইজে জানিবলৈ দিয়ে ৷ যিকোনো মুহূৰ্তত গছ জোপাৰ পৰা দুৰ্ঘটনা সংঘটিত হোৱাৰ আশংকা কৰিছে ন-জান বাসীয়ে ।

স্থানীয়ে লোকসকলে বিদ্যুৎ বিভাগক সমগ্ৰ ঘটনাটো অৱগত কৰাৰ পাছতো বিভাগটোৱে গুৰুত্ব নিদিয়াৰ অভিযোগ তোলে স্থানীয় লোকসকলে । আনহাতে, কলিয়াবৰৰ দলগাঁৱৰ পৰা বামুণী সংযোগী গড়কাপ্তানী পথ দাঁতিৰ এই ট্ৰেঞ্চফৰ্মাৰটোৰ যিকোনো মুহূৰ্ততে ভয়ংকৰ ঘটনা সংঘটিত হ'ব পাৰে বুলি জানিব দিয়ে ।

পথটোৰ কাষতে উন্মুক্তভাৱে থকা ট্ৰেঞ্চফৰ্মাৰটোৰ বাবে মানুহৰ লগতে পোহনীয়া জীৱ-জন্তু বিদ্যুৎপৃষ্ট হোৱা আশংকা কৰিছে স্থানীয় লোকে । কলিয়াবৰ বৈদ্যুতিক সংমণ্ডলৰ এনে চৰম কাণ্ডক জ্ঞানহীনতাক ধিক্কাৰ দিছে সচেতন মহলে ।

লগতে পঢ়ক :অসম আৰক্ষীৰ জোৱান ঋতুৰ সন্ধান বিচাৰি মুখ্যমন্ত্ৰীলৈ পত্ৰ পিতৃৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.