ETV Bharat / city

আৰক্ষীৰ ওপৰত নাই ভৰষা, মহিলাই দিয়ে পহৰা

author img

By

Published : Jun 2, 2022, 5:13 PM IST

এইবাৰ নৈশ চকীদাৰৰ ৰূপত এদল মহিলা ৷ কিন্তু কিয় ? জানিবলৈ পঢ়ক এই বাতৰি...

Allegation against Itachali Police in Nagaon
আৰক্ষীৰ ওপৰত নাই ভৰষা, মহিলাই দিয়ে পহৰা

নগাঁও, 2 জুন : হাতত লাঠী, টৰ্চ লাইট আদি লৈ নিশাৰ ৰাজপথত তহল দি ফুৰা এটা মহিলাৰ দল ৷ চোৰ-ডকাইতৰ পৰা নিজৰ ঘৰখনক সুৰক্ষিত কৰি ৰাখিবলৈ এইদৰে ৰাজপথলৈ ওলাই আহিল এওঁলোক ৷ এই ঘটনা নগাঁৱৰ ৷ সমগ্ৰ ৰাজ্যৰ লগতে নগাঁৱতো দিনক দিনে বৃদ্ধি পাইছে চোৰৰ উপদ্ৰৱ ৷

নগাঁৱৰ ইটাচালী আৰক্ষী চকীৰ অন্তৰ্গত 9 নং ৱাৰ্ডৰ ৰামকৃষ্ণ ৰোড, বেঙ্গলীপট্টি, তিলক ডেকা পথ, কেলটেক্স আদি পথত বিগত সময়চোৱাত প্ৰায়েই সংঘটিত হৈছে চুৰিকাণ্ড ৷ নিশা হ’লেই এই অঞ্চলকেইটাত চোৰে চলাই যাই চাফাই অভিযান ৷ পিছে আৰক্ষীয়ে সকলো দেখিও চকুমুদা কুলিৰ ভাও জুৰাৰ ফলত আৰক্ষীৰ ওপৰত ভৰসা হেৰুৱাইছে এই এলেকাৰ ৰাইজে ৷

আনকি চুৰি কৰিবলৈ অহা চোৰৰ চিচি টিভিৰ ফুটেজ দিয়াৰ পিছতো আৰক্ষীযে এয়া নিচাসক্ত যুৱকৰ কাণ্ডহে বুলি দায় সৰা মন্তব্য কৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে (Allegation against Itachali Police) ৷ নগাঁও আৰক্ষীয়ে চোৰ কৰায়ত্ত কৰাৰ ক্ষেত্ৰত কোনো ব্যৱস্থা গ্ৰহণ নকৰাত মহিলাসকলে নৈশ চকিদাৰৰ ভূমিকা পালন কৰি শেতেলি এৰি নিজৰ জীৱন আৰু সা-সম্পত্তি সুৰক্ষিত কৰি ৰাখিবৰ বাবে নিশা এনেদৰে পহৰা দিছে ৷

নিশা প্ৰতিটো ঘৰ টৰ্চ মাৰি পৰীক্ষা কৰিছে এই মহিলাসকলে ৷ এনেবোৰ ঘটনাৰ পাছতো ৰাইজক নিৰাপত্তা দিয়াৰ ক্ষেত্ৰত জিলা আৰক্ষী অধীক্ষকে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া সময়েহে ক’ব ৷

লগতে পঢ়ক : Sologamy in India: কইনাৰ শিৰত শাখা সেন্দুৰ; কাষত নাই দৰা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.