ETV Bharat / city

ATASU protest in Nagaon: আঙুৰলতা মোগলৰ বংশধৰ: আটাছু - আহোম জাতিৰ বিৰুদ্ধে অপমানসূচক মন্তব্য

বিজেপি নেত্ৰী আঙুৰলতা ডেকাৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে টাই আহোম ছাত্ৰ সন্থা (ATASU protest against Angoorlata Deka)। আঙুৰলতা ডেকাৰ বিৰুদ্ধে নগাঁৱত উত্তাল প্ৰতিবাদ । আঙুৰলতাৰ শৰীৰত মোগলৰ তেজ থকা বুলি মন্তব্য টাই আহোম ছাত্ৰ সন্থাৰ (ATASU protest in Nagaon) ৷

ATASU protest in Nagaon
ATASU protest in Nagaon
author img

By

Published : Aug 4, 2022, 10:32 PM IST

নগাঁও, 4 আগষ্ট: আহোম জাতিৰ বিৰুদ্ধে অপমানসূচক মন্তব্য কৰি ৰাজ্য উত্তাল কৰি ৰাখিছে বিজেপি নেত্ৰী আঙুৰলতা ডেকাই (Angoorlata Deka controversy) । আহোম সকলৰ বিৰুদ্ধে অপমানসূচক মন্তব্য কৰা বিজেপি নেত্ৰী আঙুৰলতা ডেকাৰ বিৰুদ্ধে বৃহস্পতিবাৰে নগাঁৱত প্ৰতিবাদ সাব্যস্ত কৰে টাই আহোম ছাত্ৰ সন্থাৰ নগাঁও জিলা সমিতিয়ে (ATASU protest against Angoorlata Deka)। জিলা উপায়ুক্ত কাৰ্যালয়ৰ সমীপত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰি বিজেপি নেত্ৰী আঙুৰলতা ডেকাৰ বিৰুদ্ধে গৰজি উঠে সংগঠনটো ।

আঙুৰলতা ডেকাক মোগলৰ বংশধৰ আখ্যা আটাছুৰ

টাই আহোম ছাত্ৰ সন্থাৰ নগাঁও জিলা সমিতিৰ উপ সভাপতিয়ে কয়, ‘‘আঙুৰলতা ডেকা এগৰাকী পাবত গজা নেত্ৰী । আঙুৰলতা ডেকাৰ গাত মোগলৰ তেজ আছে । আঙুৰলতা ডেকা মোগলৰ বংশধৰ । আঙুৰলতা ডেকাই অসমৰ ইতিহাস নাজানে । স্বৰ্গদেউ চাওলুং ছুক্যাফাই সকলো জাতি-জনজাতিক লগত লৈ অসম সৃষ্টি কৰিছিল । আঙুৰলতা ডেকাই অসমৰ ইতিহাস পঢ়ক’’ (ATASU protest in Nagaon)।

তেওঁ আৰু কয়, ‘‘আহোমে কেতিয়াও আহোম বুলি পৰিচয় নিদিয়ে । আহোমে সদায় অসমীয়া বুলিয়েই পৰিচয় দি আহিছে । আঙুৰলতা ডেকা অসমীয়া হৈ অসমীয়াক হাঁহিছে । আহোম লৈ কৰা মন্তব্য কেতিয়াও গ্ৰহণযোগ্য নহয় । অসম চৰকাৰে অতি শীঘ্ৰে আঙুৰ লতা ডেকাৰ বিৰুদ্ধে বিহীত ব্যৱস্থা গ্ৰহণ কৰক’’ ।

বিজেপি মহিলা মৰ্চাৰ সভাপতি গৰাকীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ নকৰিলে টাই আহোম ছাত্ৰ সন্থাই অনাগত দিনত ইয়াতকৈ অধিক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিব বুলি মন্তব্য কৰে আটাছুৰ কেন্দ্ৰীয় সমিতিৰ উপ-সভাপতি গৰাকীয়ে । বিজেপি নেত্ৰী আঙুৰলতা ডেকাৰ বিৰুদ্ধে উজনি অসমতো অব্যাহত আছে প্ৰতিবাদ । আঙুৰলতা ডেকাক ক্ষমা খুজিবলৈও দাবী জনাইছে বিভিন্নজনে ।

লগতে পঢ়ক : FIR against Angurlata Deka: আঙুৰলতা ডেকাৰ বিৰুদ্ধে ডিব্ৰুগড় সদৰ থানাত গোচৰ আটাছুৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.