ETV Bharat / city

India Book of Records for Bamboo Crafting : কলিয়াবৰৰ অলিস্মিতাই গঢ়িলে ৰেকৰ্ড - কলিয়াবৰৰ অলিস্মিতা শইকীয়াৰ ইণ্ডিয়া বুক অৱ ৰেকৰ্ডচ

কলিয়াবৰৰ এগৰাকী যুৱতীয়ে স্থান দখল কৰিলে ইণ্ডিয়া বুক অৱ ৰেকৰ্ডচত (Alismita enters name into India Book of Records) ৷ মাত্ৰ এডাল বাঁহৰ কাঠিৰে অলংকাৰ প্ৰস্তুত কৰি অলিস্মিতাই লাভ কৰিলে এই খিতাপ(India Book of Records for Bamboo Crafting) ৷

alismita-enters-name-into-india-book-of-records
কলিয়াবৰৰ অলিস্মিতাই গঢ়িলে ৰেকৰ্ড
author img

By

Published : Dec 11, 2021, 2:19 PM IST

কলিয়াবৰ, 11 ডিচেম্বৰ : অসমীয়া সমাজত বাঁহৰ অৱদান অনস্বীকাৰ্য ৷ সেয়ে অসমীয়াই গাই "বাৰীৰে ঢাপৰ জাতি বাঁহ এজুপি, সিও মোৰ সোদৰৰ ভাই, জীয়াই থাকো মানে কৰো কাঠি-কামি, মৰিলে লগতে যায়" ৷ সেই সহোদৰ ভাইৰ লেখীয়া বাঁহৰ এডাল কাঠিৰেই অসমীয়া মহিলাৰ আ-অলংকাৰ বনাই অভিলেখৰ গৰাকী হ'ল কলিয়াবৰৰ এগৰাকী যুৱতী(India Book of Records for Bamboo Crafting) ৷

বাঁহৰ এডাল কাঠিৰে মহিলাৰ অলংকাৰ প্ৰস্তুত কৰি ইণ্ডিয়া বুক অৱ ৰেকৰ্ডচ(India Book of Records)ৰ খিতাপ দখল কৰিলে কলিয়াবৰৰ মেধাৱী ছাত্ৰী অলিস্মিতা শইকীয়াই (Alismita enters name into India Book of Records) ৷ কলিয়াবৰৰ কুঁৱৰীটোলৰ নিবাসী সুশেন শইকীয়াৰ একমাত্ৰ জীয়ৰী অলিস্মিতা শইকীয়াৰ এই সফলতাই স্বাভাৱিকতেই গৌৰৱান্বিত কৰি তুলিছে পিতৃ-মাতৃক ৷ ইয়াৰোপৰি অলিস্মিতাৰ এই অনন্য প্ৰতিভাত গৌৰৱ অনুভৱ কৰিছে কলিয়াবৰবাসীয়ে ৷

alismita-enters-name-into-india-book-of-records
কলিয়াবৰৰ অলিস্মিতাই গঢ়িলে ৰেকৰ্ড

ইয়াৰ পূৰ্বেও বিগত দুটা বৰ্ষ ধৰি অনলাইনৰ মাধ্যমেৰে অলিস্মিতাই বাঁহৰে প্ৰস্তুত কৰা সামগ্ৰীৰ লগতে মহিলাৰ বিভিন্ন আ-অলংকাৰ নিজাববীয়া ব্ৰেণ্ডৰ জৰিয়তে বিক্ৰী কৰি বজাৰ দখল কৰিবলৈ সক্ষম হৈছিল ৷

লগতে পঢ়ক : এক মিনিটত ৭৭ বিধ চৰাইৰ নাম কৈ অভিলেখ সৃষ্টি জনয়াৰ

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.