ETV Bharat / city

৫৮বছৰৰ অন্তত নগাঁও ছোৱালী মহাবিদ্যালয়ে লাভ কৰিলে বিজ্ঞান শাখা - নগাওঁ ছোৱালী মহাবিদ্যালয়

৫৮ বছৰ পিছত বিজ্ঞান শাখা লাভ কৰিলে নগাওঁ ছোৱালী মহাবিদ্যালয়ে । চৰকাৰে স্নাতক বিজ্ঞান শাখা ঘোষণা কৰাৰ পিছতেই উৎফুল্লিত হৈ পৰিছে নগাওঁ ছোৱালী মহাবিদ্যালয়ৰ কৰ্তৃপক্ষ, পৰিচালনা সমিতিৰ লগতে সমগ্ৰ নগাওঁবাসী।

After 58 Years Nagaon Science Girls College Declered By Govt
৫৮বছৰৰ অন্তত নগাঁও ছোৱালী মহাবিদ্যালয়ে লাভ কৰিলে বিজ্ঞান শাখা
author img

By

Published : Aug 3, 2020, 9:29 PM IST

নগাঁও, 3 আগষ্টঃ দীৰ্ঘদিনীয়া এক সপোন পূৰণ হ'ল নগাঁও বাসীৰ। নাৰীৰ উচ্চ শিক্ষাৰ একমাত্ৰ অনুষ্ঠান নগাঁও ছোৱালী মহাবিদ্যালয়ে ৫৮ বছৰ পিছত লাভ কৰিলে বিজ্ঞান শাখা। শিক্ষা মন্ত্ৰীৰ ঘোষণাৰ পিছতেই উৎফুল্লিত নগাওঁবাসী ।

শিক্ষা মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ এক ঘোষণা আৰু তাৰ পিছতেই উৎফুল্লিত নগাওঁবাসী। মধ্য অসমৰ নাৰীৰ উচ্চশিক্ষাৰ বাবে ১৯৬২ চনতে কলঙৰ বাকৰিত স্থাপিত হৈছিল নগাওঁ ছোৱালী মহাবিদ্যালয়। নাৰীক উচ্চ শিক্ষা দিয়াৰ লক্ষ্যৰে স্থাপন কৰা নগাওঁ ছোৱালী মহাবিদ্যালয়ত স্নাতক কলা শাখাতে শিক্ষাদান কৰি অহাৰ ৫৮ টা বছৰৰ অন্তত লাভ কৰিলে স্নাতক বিজ্ঞান শাখা। NAAC ৰ A গ্ৰেড লাভ কৰা নগাওঁ ছোৱালী মহাবিদ্যালয়ৰ পৰিচালনা সমিতিয়ে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অনুমোদনক্ৰমে নিজা বিত্তীয় ব্যৱস্থাৰে স্নাতক বিজ্ঞান শাখাৰ পাঁচটা বিষয়ৰ পাঠ্যক্ৰম চলাই আহিছিল বিগত কেইবছৰ ধৰি। কিন্তু শেহতীয়াকৈ চৰকাৰে স্নাতক বিজ্ঞান শাখাৰ ঘোষণা কৰাৰ পিছতেই উৎফুল্লিত হৈ পৰিছে নগাওঁ ছোৱালী মহাবিদ্যালয়ৰ কৰ্তৃপক্ষ, পৰিচালনা সমিতিৰ লগতে সমগ্ৰ নগাওঁবাসী । স্নাতক বিজ্ঞান শাখাৰ পূৰ্ণাংগ পাঠ্যক্ৰমৰ বাবে চৰকাৰে অনুমোদন জনোৱাত এতিয়া মধ্য অসমৰ নাৰী শিক্ষা আৰু এখোজ আগুৱাবলৈ সক্ষম হ'ব বুলি মন্তব্য কৰি চৰকাৰক কৃতজ্ঞতা জ্ঞাপন কৰে মহাবিদ্যালয়খনৰ অধ্যক্ষ ড৹ বিলীন কুমাৰ ভূঞাই।

নগাওঁ ছোৱালী মহাবিদ্যালয়ত স্নাতক বিজ্ঞান শাখা চৰকাৰীভাৱে আৰম্ভ কৰিবলৈ দীৰ্ঘদিনৰ পৰাই চেষ্টা অব্যাহত ৰাখিছিল স্থানীয় বিধায়ক ৰূপক শৰ্মাই । শিক্ষামন্ত্ৰীৰ লগতে ৰাজ্যৰ মুখ্যমন্ত্ৰীকো কেইবাবাৰো অনুৰোধ জনোৱাৰ পিছত অৱশেষত মহাবিদ্যালয়খনে লাভ কৰিলে স্নাতক বিজ্ঞান শাখা । স্থানীয় বিধায়কগৰাকীয়েও ধন্যবাদ জ্ঞাপন কৰে চৰকাৰক ।

৫৮বছৰৰ অন্তত নগাঁও ছোৱালী মহাবিদ্যালয়ে লাভ কৰিলে বিজ্ঞান শাখা

উল্লেখযোগ্য যে, ১৯৫০ চনতেই নগাঁৱত নাৰীৰ উচ্চশিক্ষাৰ বাবে নগাৱঁৰ সচেতন লোকে আৰম্ভ কৰিছিল চিন্তা চৰ্চা। সেইমৰ্মে ১৯৬২ চনৰ জুন মাহত নগাওঁ নগাওঁ জিলা উপায়ুক্ত কাৰ্যালয়ত এক সভা অনুষ্ঠিত কৰি ১৯৬২ চনৰ ১২ চেপ্টেম্বৰৰ পৰা মধ্য অসমৰ একমাত্ৰ নাৰীৰ উচ্চ শিক্ষাৰ অনুষ্ঠান নগাওঁ ছোৱালী মহাবিদ্যালয়ৰ যাত্ৰা আৰম্ভ হয়। ১৯৬৮ চনলৈকে মহাবিদ্যালয়খনৰ নাম আছিল লাল চান্দ টোডি ছোৱালী মহাবিদ্যালয়। পৰৱৰ্তী সময়ত মহাবিদ্যালয়খন নগাওঁ ছোৱালী মহাবিদ্যালয় নামাকৰণ হয়। মহাবিদ্যালয়খনৰ প্ৰতিষ্ঠাপক অধ্যক্ষ আছিল অসমৰ পথিতযশা সাংবাদিক মহেশ চন্দ্ৰ দেৱ গোস্বামী। মহাবিদ্যালয়খনে পুনৰ আন এক নতুন যাত্ৰা আৰম্ভ কৰিবলৈ এতিয়া সক্ষম হৈছে ।

লগতে পঢ়ক- বৰপেটাত লাভ জেহাদৰ ঘটনা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.