ETV Bharat / city

বিনা আবেদনত কেন্দ্ৰীয় চৰকাৰৰ চাকৰি !

author img

By

Published : Aug 12, 2021, 1:56 PM IST

কলিয়াবৰৰ এগৰাকী মহিলালৈ দিল্লীৰ পৰা আহিল চৰকাৰী চাকৰিৰ এখন অনুমোদন পত্ৰ ৷ কিন্তু, অনুমোদন পত্ৰ লাভ কৰি বিপাঙতহে পৰিছে মহিলাগৰাকী ৷ কিন্তু নিযুক্তি পত্ৰ লাভ কৰাৰ পাছত কিয় বিপাঙত পৰিছে মহিলাগৰাকী ৷

Govt_Job_Approval_Letter_at_Kaliabor
কেন্দ্ৰীয় চৰকাৰৰ চাকৰিৰ অনুমোদন পত্ৰ লাভ কৰি বিপাঙত মহিলা

কলিয়াবৰ, 12 আগষ্ট : কেন্দ্ৰীয় চৰকাৰৰ অধীনত চাকৰিৰ এখন অনুমোদন পত্ৰ লাভ কৰাৰ পাছতেই বিপাঙতহে পৰিছে কলিয়াবৰৰ লাঙি গাঁৱৰ জিনু বৰা নাম মহিলাগৰাকী ৷ Department of Communication and Technology, Digital India (Govt of India) ৰ অধীনত পিয়ন চাকৰিৰ বাবে মনোনিত কৰা বুলি মহিলাগৰাকীয়ে ডাকযোগে অহা এখন পত্ৰ লাভ কৰে ৷ এই পত্ৰখনত উল্লেখ থকা অনুসৰি মহিলাগৰাকীয়ে এটা নিৰ্দিষ্ট একাউন্টত ন হাজাৰ পাঁচশ টকা জমা দিলেই পিয়ন হিচাপে নিয়োগ পত্ৰ লাভ কৰিব ৷

পত্ৰখনত লগতে উল্লেখ থকা অনুসৰি পিয়ন হিচাপে নিযুক্তি লাভ কৰাৰ পাছত মহিলাগৰাকীয়ে প্ৰতিমাহে আঠত্ৰিশ হাজাৰ দুশ টকা বেতন লাভ কৰিব ৷ মহিলাগৰাকীৰ ম'বাইলত এই সংক্ৰান্তত মেছেজ অহাৰ লগতে ফোনযোগে পত্ৰত উল্লেখিত ধনৰাশি নিদিষ্ট বেংক একাউন্টত জমা দিবলৈ নিৰ্দেশ দিয়া হৈছে । ফোনযোগে মহিলাগৰাকীক প্ৰেৰণ কৰা প-পত্ৰ পূৰণ কৰি নিদিষ্ট একাউন্টত ধনখিনি জমা দিলেই পিয়ন হিচাপে নিয়োগ পত্ৰ লাভ কৰিব ।

তাপৰ্যপূৰ্ণ যে, Department of Communication and Technology, Digital India (Govt of India)ই জিনু বৰালৈ অনুমোদন পত্ৰ প্ৰেৰণ কৰা চাকৰিটোৰ বাবে তেওঁ আবেদনেই কৰা নাছিল ৷ লক্ষ লক্ষ যুৱক-যুৱতীয়ে চাকৰিৰ বাবে তাঁত-বাটি কাঢ়ি থকা সময়তে চাকৰিৰ বাবে আবেদন নকৰাকৈয়ে অনুমোদন পত্ৰ অহা ঘটনাই নিশ্চয়কৈ তাৎপৰ্য বহন কৰিছে ৷

কোনো দুষ্টচক্ৰই পুনৰ ৰাজ্যত ভুৱা নিযুক্তিৰ নামত জাল পতা নাইতো ? নে কোনো জালিয়াতি চক্ৰই Department of Communication and Technology, Digital India (Govt of India)"ৰ নামত চাকৰি দিয়াৰ প্ৰলোভনেৰে ধন হৰলুকি কৰাৰ ফন্দি কৰিছে । এই চক্ৰটোৱে দিল্লীৰ পৰাই ডাকযোগে বিভিন্ন লোকলৈ প্ৰেৰণ কৰিছে চাকৰিৰ অনুমোদন পত্ৰ । সাৱধান ৰাইজ ! এই চক্ৰটোৰ পৰৱৰ্তী লক্ষ্য হয়তো আপুনিও হ’ব পাৰে ৷

লগতে পঢ়ক : চফ্ৰাইৰ শিশুটিক দেউতাকেই তুলি দিলে নেকি মৃত্যুৰ কোলাত !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.