ETV Bharat / city

বন্যহস্তীৰ বিচৰণ সন্দৰ্ভত বন বিভাগৰ দায়সৰা মন্তব্য

দীৰ্ঘদিন ধৰি চামগুৰিৰ ভৰাগুৰিৰ পল' ফাৰ্ম (Polo Farm)ত বিচৰণ কৰি আছে এটা আঘাতপ্ৰাপ্ত বনৰীয়া হাতীয়ে ৷ মঙলবাৰে বহু সময় চেষ্টা কৰিও হাতীটো খেদি পঠিওৱাত ব্যৰ্থ হয় বন বিভাগ (Forest Depertment) ৷

A wild elephant roaming the polo farm in Bharaguri
বন-বিষয়াৰ মন্তব্যক সহজে মানি নলয় ৰাইজে কিয় !
author img

By

Published : Jul 21, 2021, 5:11 PM IST

চামগুৰি, 21 জুলাই : সংবাদ মাধ্যমত মঙলবাৰে নগাঁও জিলা(Nagaon District) ৰ চামগুৰিৰ ভৰাগুৰিৰ পল' ফাৰ্ম (Polo Farm)ত দিন-দুপৰতে মুক্ত বিচৰণ কৰি থকা এটা আঘাতপ্ৰাপ্ত বন্যহস্তী (Wild Elephant)ৰ বিষয়ে সবিস্তাৰে বাতৰি সম্প্ৰচাৰ হৈছিল ৷ উক্ত বাতৰিটো প্ৰকাশ হোৱাৰ পাছতেই গা লৰিল বন বিভাগৰ । শালনা বনাঞ্চলিক বিষয়াৰ কাৰ্যালয় আৰু উদমাৰি উপ খণ্ড বন বিষয়াৰ কাৰ্যালয়ৰ একাংশ বনকৰ্মী আঘাতপ্ৰাপ্ত হাতীটোক নিৰীক্ষণ কৰিবলৈ ঘটনাস্থলীত উপস্থিত হয় ৷

দীৰ্ঘদিন ধৰি বন্যহস্তীটোৱে ভৰাগুৰিৰ বিশেষ ঠাইডোখৰত অৱস্থান কৰি আছে । কিন্তু হাতীটোক আন চাৰিটাকৈ বনৰীয়া হাতীৰ সৈতে ডাঠ হাবিৰ মাজত অৱস্থান কৰাবলৈ যথেষ্ট চেষ্টা কৰিও বিফল হয় বন বিভাগৰ দলটো ৷ হাতীটোৰ আঘাতৰ বিষয়েও ভালদৰে প্ৰাৰম্ভিক অনুসন্ধান চলাব নোৱাৰিলে বন বিভাগৰ লোকে। ইয়াৰ বিপৰীতে ৰাইজে বন্যহস্তীটো আঘাতপ্ৰাপ্ত বুলি সদৰী কৰে যদিও পোনচাতেই ৰাইজৰ মন্তব্যক নসাৎ কৰিলে উপস্থিত বন বিষয়াগৰাকীয়ে ।

বন্যহস্তীৰ বিচৰণ সন্দৰ্ভত বন বিভাগৰ দায়সৰা মন্তব্য

ইফালে, হাতীটো নিৰীক্ষণ কৰিবলৈ অহা বন বিষয়াগৰাকীৰ মতে হাতীটো আঘাতপ্ৰাপ্ত নহয়, মাথো বয়সীয়ালহে । অঞ্চলটোত কিছুদিন বিচৰণ কৰাৰ পিছতেই কাৰ্বি পাহাৰলৈ যাবগৈ বুলিহে টুলুঙা মন্তব্য কৰে বন বিষয়াগৰাকীয়ে । বন বিভাগৰ এই আশ্বাসক সহজতে মানি লব পৰা নাই স্থানীয় ৰাইজে ৷

সমান্তৰালকৈ চিৰাং জিলাৰ মানাহ ৰাষ্ট্ৰীয় উদ্যান (Manas National Park)ত নতুনকৈ সংযোজিত বিজনীৰ কুংলুং ৰেঞ্জৰ গভীৰ অৰণ্যৰ পানীযুঁৱলিত আৱদ্ধ হৈ মৃত্যুৰে যুঁজিছে এটা বনৰীয়া মখনা হাতীয়ে । আঘাতপ্ৰাপ্ত তথা বয়সীয়াল হাতীটো খাদ্যৰ অভাৱত দুৰ্বল হৈ পানীত পৰি উঠিব নোৱাৰা হয় ৷ মঙলবাৰে পুৱা বন বিভাগ (Forest Department)ৰ লোকে হাতীটোক পানী যুঁৱলিত পৰি থকা অৱস্থাত প্ৰত্যক্ষ কৰে ৷ পাছত বন বিভাগ আৰু পশু চিকিৎসকৰ এটা দল উক্ত স্থানত উপস্থিত হৈ হাতীটোক চিকিৎসা প্ৰদান কৰে ৷

লগতে পঢ়ক- পানী-যুঁৱলিত চিৎকাৰ ৰোগাগ্ৰস্ত গজৰাজৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.