ETV Bharat / city

ৰূপহীহাটত গাওঁৰক্ষী বাহিনীৰ প্ৰতিষ্ঠা দিৱস - ৰূপহীহাট

শনিবাৰে ৰূপহীহাটত উদযাপন কৰা হয় গাওঁৰক্ষী বাহিনীৰ প্ৰতিষ্ঠা দিৱস । পুৱা পতাকা উত্তোলনৰে শুভাৰম্ভনী কৰা হয় প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচী ৷

VDP Day Celebration
ৰূপহীহাটত গাওঁৰক্ষী বাহিনীৰ প্ৰতিষ্ঠা দিৱস
author img

By

Published : Jan 30, 2021, 7:03 PM IST

ৰূপহীহাট, 30 জানুৱাৰী: নগাঁও জিলাৰ লাওখোৱা অভয়াৰণ্যৰ পৰ্যটনস্থলী সুতিৰপাৰৰ কাটাখালত শনিবাৰে অসম গাওঁৰক্ষী বাহিনীৰ প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হয় ৷ উক্ত দিৱসৰ প্ৰথম কাৰ্যসূচী হিচাপে পুৱা পতাকা উত্তোলন কৰা হয় ৷ পতাকা উত্তোলন কৰে জুৰীয়া আৰক্ষী থানাৰ গাওঁৰক্ষী বাহিনীৰ সভাপতি আৰছাদ আলী মৰলে।

পুৱা পতাকা উত্তোলন কৰাৰ পিছতে বিভিন্ন স্থানত কেইবাজোপাও বৃক্ষ ৰোপণ কৰে উদ্যোক্তা সকলে ৷ ইফালে উক্ত দিৱসৰ লগত সংগতি ৰাখি স্থানীয় ৰাইজৰ সহযোগত এখন বিশাল সাংস্কৃতিৰ শোভাযাত্ৰা উলিয়াই গাওঁৰক্ষী বাহিনীৰ জোৱান সকলে ৷

ৰূপহীহাটত গাওঁৰক্ষী বাহিনীৰ প্ৰতিষ্ঠা দিৱস

শোভাযাত্ৰাৰ অন্তত এখন মুকলি সভাৰো আয়োজন কৰে গাঁওৰক্ষী বাহিনীয়ে ৷ এই মুকলি সভাত উপস্থিত থাকে নগাঁও জিলাৰ আৰক্ষী অধীক্ষক গৌৰৱ অভিজিৎ দেৱ ৷ উক্ত মুকলি সভাত ভাষণ প্ৰদান কৰে আৰক্ষী অধীক্ষক গৌৰৱ অভিজিৎ দেৱে ৷ এই প্ৰতিষ্ঠা দিৱসৰ অনুষ্ঠানত স্থানীয় ৰাইজৰ লগতে শতাধিক গাঁওৰক্ষী বাহিনীৰ লোকে অংশ গ্ৰহণ কৰে ৷

লগতে পঢ়ক- বদৰুদ্দিন আজমল চৰম সাম্প্ৰদায়িক মানুহ: আমিনুল হক লস্কৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.