টীয়ক,17 জুন: ক'ভিড মহামাৰী (COVID-19)য়ে সমগ্ৰ দেশৰ লগতে ৰাজ্যতো এক আতংকময় পৰিস্থিতিৰ সৃষ্টি কৰিছে ৷ কৰ'ণা মহামাৰী প্ৰতিৰোধ কৰাৰ উদ্দেশ্যে প্ৰতিখন ৰাজ্যৰেই চৰকাৰে জাৰি কৰিছে আংশিক লকডাউন(LOCKDOWN) ৷ জাৰি কৰা লকডাউনৰ ফলত স্তব্ধ হৈ পৰিছে সাধাৰণ জনজীৱন ৷ দেশ-বিদেশৰ পৰা বহু শ্ৰমিক তথা কৰ্মচাৰীয়ে চাকৰি তথা কৰ্মসংস্থাপন হেৰুৱাই ঢাপলি মেলিছে স্ব-গৃহলৈ ৷
ইফালে আতংকময় পৰিবেশৰ বাবে বহিঃৰাজ্যত কৰ্মৰত বহু যুৱকে বৰ্তমান নিজ গৃহতে আৱদ্ধ হৈ ঘৰৰ পৰাই কৰ্ম সম্পাদন কৰিবলগীয়া হৈছে । তেনে সময়তে টীয়কৰ কাকজানৰ তিনিজন যুৱক ক্ৰমে পল্লৱ কৃষ্ণ মহন্ত, গুৱাহাটীৰ ৰাজদ্বীপ লেখাৰু আৰু মাজুলীৰ বিক্ৰম কৈৰিয়ে অতিমাৰীৰ সময়ত ৰাইজক সহায়ৰ হাত আগবঢ়োৱাৰ উদ্দেশ্যে 'জনুস্থান' নামেৰে এক স্বেচ্ছাসেৱী সংগঠনৰ( VOLUNTARY ORGANIZATIONS) জন্ম দিয়ে ৷
বিশেষকৈ ক'ভিডৰ আগশাৰীৰ যুদ্ধাসকলক সাধ্যনুসৰি কিছু সহায়ৰ হাত আগবঢ়াই আহিছে সংগঠনটোৰ সদস্য সকলে । তাৰে অংশ স্বৰূপে বৃহস্পতিবাৰে টীয়কৰ কাকজান প্ৰাথমিক চিকিৎসা কেন্দ্ৰৰ (PHC) অধীনস্থ উপ-স্বাস্থ্য কেন্দ্ৰসমূহৰ নাৰ্চ আৰু চিকিৎসাকৰ্মী সকলৰ মাজত মাস্ক, (MASK)ছেনিটাইজাৰ (SANITIZER)আৰু অক্সিমিটাৰ((OXIMETER) বিতৰণ কৰে ৷
উক্ত সংগঠনটোৰ সদস্য সকলে চিকিৎসাকৰ্মী সকলক ক'ভিডৰ ভয়াৱহতাৰ মাজতে সেৱা আগবঢ়োৱাৰ বাবে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে । লগতে অনাগত দিনতো সাধ্যনুসৰি সহায়ৰ হাত আগবঢ়াই যাব বুলি সাংবাদিকৰ আগত মন্তব্য কৰে কৰে সংগঠনটোৰ সদস্য সকলে ।
লগতে পঢ়ক-আন্ত:ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত জিলিকিলে অসমৰ চাৰিগৰাকীকৈ শিক্ষক