যোৰহাট, 15 জুন : ৰাজ্যৰ ভিন্ন প্ৰান্তত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষী প্ৰশাসনে তীব্ৰতৰ কৰি তুলিছে অভিযান । ৰাজ্যৰ বিভিন্ন প্ৰান্তত ড্ৰাগছ সৰবৰাহকাৰী তথা সেৱনকাৰী ইতিমধ্যে আৰক্ষীৰ জালত পৰিছে ।
তেনে সময়তে যোৰহাটৰ কছাৰীপৰীয়া ধুবী ঘাটত ৰাইজে দুটা ড্ৰাগছ সেৱনকাৰীক কৰায়ত্ত কৰি গটাই দিয়ে যোৰহাট আৰক্ষী (Jorhat Police)ক । ধৃত ড্ৰাগছ সেৱনকাৰী দুটা মইনুল আৰু বিকি দত্ত বুলি জানিব পৰা গৈছে । জানিব পৰা মতে ড্ৰাগছ সেৱন কৰি থকাৰ সময়তে ৰাইজে কৰায়ত্ত কৰে দুয়ো গৰাকী ব্যক্তিক ৷
স্থানীয় লোকৰ ভাষ্য অনুসৰি যোৰহাটৰ কছাৰীপুৰীয়াৰ ধুবী ঘাটত ড্ৰাগছ সেৱনকাৰী লোকসকলে এক অৰাজত পৰিৱেশক সৃষ্টি কৰি আহিছে ৷ যাৰ ফলত সাধাৰণ ৰাইজ জীৱনক নিৰাপত্তাহীনতাত ভুগিব লগা হৈছে ৷ আৰক্ষীক অতি সোনকালে বিহিত ব্যৱস্থা লবলৈ আহ্বান জনাইছে ধুবী ঘাটৰ ৰাইজে ৷
লগতে পঢ়ক : অসম আৰক্ষীৰ জোৱান ঋতুৰ সন্ধান বিচাৰি মুখ্যমন্ত্ৰীলৈ পত্ৰ পিতৃৰ