যোৰহাট, 15 ফেব্ৰুৱাৰী : মঙলবাৰে অসম কৃষি বিশ্ববিদ্যালয় ( Assam Agricultural University) ত "কৃষিক্ষেত্ৰত ৰসায়নিক প্ৰয়োগ ব্যৱস্থাপনা, স্বাস্থ্য আৰু পৰিবেশৰ দিশত প্ৰভাৱ" শীৰ্ষক এক প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত হয় ৷ অসম কৃষি বিশ্ববিদ্যালয়ৰ পতংগতত্ব বিভাগৰ উদ্যোগত আৰু জৈৱ ৰসায়ন আৰু কৃষি ৰসায়ন বিভাগৰ সহযোগত অনুষ্ঠিত এই কাৰ্যসূচীত উপস্থিত থাকে অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড৹ বিদ্যুৎ চন্দন ডেকা ৷
আজাদী কি অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি ৰাষ্ট্ৰীয় কৃষি উচ্চ শিক্ষা প্ৰকল্প(নাহেপ) ( National Agricultural Higher Education Project) ৰ অৰ্থসাহাৰ্যৰে অনুস্থিত 12দিনীয়া এই প্ৰশিক্ষণ কাৰ্যসূচীত উপস্থিত থাকি হাৰিয়ানাৰ ইনষ্টিটিউট অফ পেষ্টিচাইড ফৰ্মুলেশ্যন টেকন্যলজি ৰ সঞ্চালক ড৹ জিতেন্দ্ৰ কুমাৰে ফল-মূল আৰু শাক-পাচলিত কীটনাশক দ্ৰব্যৰ অৱশেষ আৰু ইয়াৰ ঋণাত্মক প্ৰভাৱৰ ওপৰত মন্তব্য আগবঢ়ায় ৷ ড্ৰোণ প্ৰযুক্তিৰ দৰে আধুনিক কাৰিকৰী কৌশল প্ৰয়োগ কৰি কৃষিক্ষেত্ৰৰ প্ৰয়োজনীয় অংশতহে কীটনাশক দ্ৰব্য প্ৰয়োগ কৰি মানৱ স্বাস্থ্য আৰু পৰিৱেশতন্ত্ৰ সুস্থিৰ কৰি ৰখাত অধিক গুৰুত্ব দিয়া উচিত । ইয়াৰ জৰিয়তে বৰ্তমান সময়ত ৰাসায়নিক কীটনাশকৰ কু প্ৰভাৱৰ পৰা মুক্ত সবল কৃষি ক্ষেত্ৰ তৈয়াৰ কৰাটো সময়ৰ আহ্বান বুলিও মন্তব্য কৰে সঞ্চালকগৰাকীয়ে ।
লগতে পঢ়ক : Assam 8th Medical College : লখিমপুৰত ৰাজ্যৰ অষ্টমখন চিকিৎসা মহাবিদ্যালয়ৰ উদ্বোধন
লগতে উপাচাৰ্য ড৹ বিদ্যুৎ চন্দন ডেকাই ৰাসায়নিক দ্ৰব্যৰ অপ প্ৰয়োগে মানৱ স্বাস্থ্য আৰু পৰিবেশতন্ত্ৰৰ ওপৰত পেলোৱা কুপ্ৰভাৱ বিষয়ে সচেতন হ’বলৈ সকলোকে উপদেশ দিয়ে ৷ ইফালে, বৰ্তমান উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্য সমুহক জৈবিক কৃষি ক্ষেত্ৰলৈ ৰূপান্তৰ কৰিবলৈ হ’লে কৃষি ক্ষেত্ৰত ৰাসায়নিক দ্ৰব্য ব্যৱহাৰৰ বিষয়টো অতি গুৰুত্বপূৰ্ণ বুলি মন্তব্য কৰে বিশ্ববিদ্যালয়ৰ কৃষি গৱেষণা সঞ্চালক ড৹ অশোক ভট্টাচাৰ্যই । লগতে কৃষি ক্ষেত্ৰত ৰাসায়নিক দ্ৰব্যৰ যথোচিত ব্যৱহাৰৰ দিশত সচেতনতা অতি প্ৰয়োজন । যধে মধে ৰাসায়নিক ব্যৱহাৰ কৰাৰ ফলত ঋণাত্মক প্ৰভাৱ পৰে বুলি অনুষ্ঠানটোত উপস্থিত থাকি কৃষি বিজ্ঞানগুৰু ড৹ জয়ন্ত ডেকাই কয় ।
সমান্তৰালভাৱে, নতুন দিল্লীস্থিত ভাৰতীয় কৃষি অনুসন্ধান পৰিষদৰ শস্য সুৰক্ষা বিভাগৰ প্ৰাক্তন সহকাৰী সঞ্চালক ড৹ টি পি ৰাজেন্দ্ৰণে "স্বাধীনোত্তৰ ভাৰতবৰ্ষৰ 75 বছৰীয়া ইতিহাসত কৃষি জাত ৰাসায়নিক দ্ৰব্যৰ স্বাস্থ্য আৰু পৰিবেশ তন্ত্ৰত প্ৰভাৱ" শীৰ্ষক বিষয়ৰ ওপৰত বিশেষভাৱে আলোকপাত কৰে । অনুষ্ঠানটোত পতংগতত্ব বিভাগৰ মুৰব্বী অধ্যাপক ড৹ বাদল ভট্টাচাৰ্যৰ লগতে বিভাগটোৰ সহকাৰী অধ্যাপিকা ড৹ অঞ্জুমণি দেৱীয়েও বক্তব্য আগবঢ়ায় ।
লগতে পঢ়ক : Recruitment in Education Department: 10 মে'ৰ পূৰ্বে আৰম্ভ হ’ব শিক্ষা বিভাগৰ 20 হাজাৰ পদৰ নিযুক্তি প্ৰক্ৰিয়া