ETV Bharat / city

11 বজাৰ শীৰ্ষ দহটা বাতৰি...

11 বজাৰ শীৰ্ষ দহটা বাতৰি...

11 বজাৰ শীৰ্ষ দহটা বাতৰি...
11 বজাৰ শীৰ্ষ দহটা বাতৰি...
author img

By

Published : Aug 4, 2021, 11:15 AM IST

আজিৰে পৰা পুনৰ আৰম্ভ হ’ল বাজেট অধিৱেশন: লাভলীনাৰ খেলৰ সাক্ষী হ'ব সদন

বুধবাৰৰ পৰা পুনৰ আৰম্ভ হ'ল অসম বিধানসভা(ASSAM ASSEMBLY)ৰ বাজেট অধিৱেশন(BUDGET SESSION) । অসম বিধানসভাৰ বাবে এক গুৰুত্বপূৰ্ণ দিন ৰূপে চিহ্নিত হৈ ৰ'ব । দিনৰ ১১ বজাৰ পৰা আধা ঘন্টাৰ বাবে স্থগিত ৰখা হ'ব সদনৰ কাম-কাজ ।

টকিঅ' অলিম্পিক: প্ৰথম প্ৰচেষ্টাতে ফাইনেলত Javelin thrower নীৰজ চোপ্ৰা

টকিঅ' অলিম্পিকত প্ৰথম প্ৰচেষ্টাতে পুৰুষৰ ফাইনেলৰ বাবে যোগ্যতা অৰ্জন কৰিবলৈ সক্ষম হৈছে Javelin thrower নীৰজ চোপ্ৰা ৷ ফিনলেণ্ডৰ Lassi Etelataloও প্ৰথমটো প্ৰচেষ্টাতে ফাইনেলৰ বাবে যোগ্যতা অৰ্জন কৰিবলৈ সক্ষম হৈছে ৷

মুখ্যমন্ত্ৰীয়ে তদন্ত কৰক বহু ৰৌ-বৰালি জালত পৰিব : ৰেজাউল কৰিম সৰকাৰ

ইশান উদয় ছাত্ৰ বৃত্তি দিয়াৰ নামত ব্যাপক দুৰ্নীতি সংঘটিত কৰাৰ অভিযোগ সদৌ অসম মুছলিম ছাত্ৰ সন্থাৰ চমুকৈ 'আমছু'ৰ ৷ এজন ছাত্ৰৰ নামত 10 বাৰকৈ ধন উলিয়াই দিয়াৰ অভিযোগ আমছুৰ সভাপতিগৰাকীৰ ৷

আটক হ’ল বগা আৰু টেকেলি

আৰক্ষীৰ জালত পৰিল বগা আৰু টেকেলি চোৰ । দক্ষিণ কামৰূপৰ বিজয়নগৰত দিন দুপৰতেই ব্যৱসায়ীক গুলীয়াই হত্যাৰ চেষ্টা চলোৱা দুই দুৰ্বৃত্তক কৰায়ত্ব কৰিবলৈ সক্ষম হ’ল বিজয়নগৰ আৰক্ষীয়ে ।

HSLC ৰ ফলাফলক লৈ বিজনীত এচএফআইৰ প্ৰতিবাদ

ৰাজ্যত অব্যাহত আছে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল বিতৰ্ক ৷ ইয়াৰ মাজতে অনুত্তীৰ্ণসকলক ন্যায় প্ৰদান কৰাৰ দাবীত মঙলবাৰে বিজনীত এচএফআইয়ে সাব্যস্ত কৰে প্ৰতিবাদ ৷

চিৰাঙত বন বিভাগৰ জালত চোৰাং চিকাৰী

মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ কুকলুং বনাঞ্চলৰ ভিতৰত চাৰিটাকৈ বন্দুক আৰু তিনিটা কাছসহ দুটা চিকাৰী গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে অভিযানকাৰী দল ।

মহানগৰীত আৰক্ষীৰ জালত পৰিছে বৃহৎ চোৰৰ চক্ৰ

ৰাজ্যত অব্যাহত থকা ক'ভিড পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে ৰাজ্য চৰকাৰে জাৰি কৰা ক'ভিড নীতি তথা মিনি লক ডাউনৰ সুযোগ গ্ৰহণ কৰি মহানগৰীত সক্ৰিয় হৈছে একাংশ দুষ্ট চক্ৰ ৷ ইয়াৰ মাজতে শেহতীয়াকৈ আৰক্ষীয়ে চলোৱা অভিযানত জালত পৰিছে 20 টা গভাইত চোৰ ৷

Mere Mehboob Qayamat Hogi ৰ পৰা Keh Doon Tumheinলৈ: HAPPY BIRTHDAY কিশোৰ কুমাৰ

সংগীতপ্ৰেমী সকলৰ লগতে চলচ্চিত্ৰ প্ৰেমীসকলক এৰি যোৱাৰ তিনিটা দশক পাৰ হৈ গ'ল যদিও নিজৰ বহুমুখী প্ৰতিভাৰে এতিয়াও নিজৰ অস্তিত্ব বজাই ৰাখিবলৈ সক্ষম হোৱা কিংবদন্তি গায়ক তথা অভিনেতা কিশোৰ কুমাৰৰ আজি 92তম জন্ম জয়ন্তী ৷ 'Mere Mehboob Qayamat Hogi' ৰ পৰা 'Keh Doon Tumhein' লৈকে বহু চিৰসেউজ গীতেৰে আজিও সকলোৰে মাজত সজীৱ কিশোৰ কুমাৰ ৷

চিৰাঙত গাঞ্জাসহ আটক তিনি ব্যৱসায়ী

মঙলবাৰে চিৰাঙৰ বাসুগাঁৱত গাঞ্জা (Ganja)সহ তিনিজন ব্যৱসায়ীক আটক চিৰাং আৰক্ষী (Chirang Police)ৰ ৷ অৱশ্যে আৰক্ষীৰ আগমণৰ সম্ভেদ পাই ব্যৱসায়ী কেইজনে গাঞ্জা লুকুৱাবলৈ সক্ষম হোৱাত মাত্ৰ ডেৰ কেজি গাঞ্জাহে উদ্ধাৰ কৰে আৰক্ষীয়ে ৷

বহিৰাজ্যত উদ্ধাৰ বিলাসীপাৰাৰ তিনি যুৱতী

বিলাসীপাৰা আৰক্ষীৰ (Bilasipara Police Station) ব্যাপক তৎপৰতা ৷ নাৰী সৰবৰাহ চক্ৰৰ পৰা উদ্ধাৰ কৰিলে তিনি যুৱতী ৷ উদ্ধাৰৰ স্থান হাৰিয়ানা ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.