ETV Bharat / city

নিয়তিয়ে জীৱনৰ পৰীক্ষা লৈছে তিনিটি শিশুৰ - three childrens story

তিনিটা শিশুৰ কৰুণ কাহিনী ৷ প্ৰথমে তিনি বছৰৰ পূৰ্বে এক দুৰাৰোগ্য ৰোগত ভুগি প্ৰাণ হেৰুৱাইছিল শিশুকেইটাৰ পিতৃয়ে ৷ শেহতীয়াকৈ শিশু কেইটাৰ মাতৃগৰাকীৰো বিয়োগ হয় ৷ পিতৃ-মাতৃৰ মৰমৰ বান্ধোনত ডাঙৰ হোৱাৰ বয়সত এইদৰে ঘাট-মাউৰা হোৱা শিশু কেইটাৰ জীৱন পৰিক্ৰমাই এতিয়া সকলোকে কন্দুৱাইছে ৷

three-children-from-jorhat-facing-tragedy-of-life-losing-both-their-parents
পিতৃ-মাতৃক হেৰুৱাই এটা সৰু পঁজাত বিনীদ্ৰ ৰজনী কটাইছে তিনিটা কণমানিয়ে
author img

By

Published : Aug 9, 2021, 9:45 PM IST

যোৰহাট, 9 আগষ্ট : এক কৰুণ বৰ্তমানৰ সাক্ষী হৈছে যোৰহাটৰ দোহাটীয়া বৰ খঙীয়া গাঁৱৰ তিনিটি কণমানি শিশু ৷ পিতৃ-মাতৃৰ অবিহনেই এতিয়া ফুল-কুমলীয়া শিশু কেইটাই মুখা-মুখি হৈছে ৰুঢ় বাস্তৱৰ সৈতে ৷ তিনিওটা কণমানিৰ ভিতৰত আটাইতকৈ ডাঙৰ আৰু একমাত্ৰ ছোৱালীজনীৰ বয়স 13 বছৰ ৷ আন দুটা শিশুৰ বয়স ক্ৰমে 9 বছৰ আৰু 4 বছৰ ৷

আজিৰ পৰা প্ৰায় তিনি বছৰ পূৰ্বে এক দুৰাৰোগ্য ৰোগত ভুগি মৃত্যু হৈছিল কণমানি কেইটাৰ পিতৃৰ ৷ সৰু পঁজাটোতে তিনিটা সন্তানক বুকুত বান্ধি জীৱন যুদ্ধৰ বাবে সাজু হৈছিল সিহঁতৰ মাক ৷ পিছে, নিয়তিৰ কৰুণ পৰিহাস, দুৰ্ভগীয়া শিশু কেইটা বঞ্চিত হ’ল মাতৃৰ মমতাৰ পৰাও ৷ দুটা সপ্তাহ পূৰ্বে শিশুকেইটাৰ মাতৃ গৰাকীয়েও এক দুৰাৰোগ্য ৰোগত ভুগি হেৰুৱালে প্ৰাণ হেৰুৱাই ৷

পিতৃ-মাতৃক হেৰুৱাই এটা সৰু পঁজাত বিনীদ্ৰ ৰজনী কটাইছে তিনিটা কণমানিয়ে

অৱশ্যে, শিশুকেইটাৰ ভৱিষ্যতলৈ নামি অহা এই ভয়ংকৰ ভৱিষ্যতৰ আগজাননীৰ মাজতে দায়বদ্ধতাৰ প্ৰমাণ দিছে আত্মীয়-স্বজন তথা গাঁওবাসীয়ে ৷

ইয়াৰ লগতে যোৰহাট জিলাৰ বহু দয়াৱান লোকেও শিশু কেইটাৰ দায়িত্ব গ্ৰহণ কৰিবৰ বাবে আগ্ৰহ প্ৰকাশ কৰিছে ৷ পিতৃ-মাতৃৰ মৰমৰ বান্ধোনত ডাঙৰ হোৱাৰ বয়সত এইদৰে ঘাট-মাউৰা হোৱা শিশু কেইটাৰ জীৱন পৰিক্ৰমাই এতিয়া সকলোকে কন্দুৱাইছে ৷ তথাপি বাধাৰ প্ৰাচীৰ ভাঙি শিশু কেইটা এদিন প্ৰতিষ্ঠিত হোৱালৈকে সমাজ সচেতন লোক সকলে দায়িত্ব লোৱাৰ কথাই এতিয়া এক ইতিবাচক ধাৰাৰ সৃষ্টি কৰিছে ৷

লগতে পঢ়ক : অসম-মেঘালয় সীমা বিবাদক লৈ মুখ্য সচিব জীষ্ণু বৰুৱাৰ প্ৰতিক্ৰিয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.