ETV Bharat / city

নতুন ভূমি নীতিৰ বিৰুদ্ধে কৃষক মুক্তিৰ প্ৰতিবাদ - নতুন ভূমি নীতিৰ বিৰুদ্ধে কৃষক মুক্তিৰ প্ৰতিবাদ

অসম চৰকাৰে গ্ৰহণ কৰা ভূমি নীতিৰ বিৰোধিতাৰে টীয়কত প্ৰতিবাদ কৰে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে ৷

নতুন ভূমি নীতিৰ বিৰুদ্ধে কৃষক মুক্তিৰ প্ৰতিবাদ

author img

By

Published : Jul 6, 2020, 6:50 PM IST

টীয়ক, 6 জুলাই : অসম চৰকাৰে উদ্যোগ স্থাপনৰ বাবে সাধাৰণ কৃষকৰ মূৰত মাধমাৰ শোধাই কেবিনেটত গ্ৰহণ কৰা সিদ্ধান্তৰ বিৰুদ্ধে টীয়কত কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে প্ৰতিবাদ সাব্যস্ত কৰে ৷ অসমত উদ্যোগৰ ক্ষেত্ৰত সকাহ দিয়াৰ নামত অসম চৰকাৰে লোৱা কেবিনেট সিদ্ধান্তৰ বিৰোধিতা কৰি টীয়কৰ ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ৰ সন্মুখত কৃষক মুক্তি সংগ্ৰাম সমিতি যোৰহাট জিলা সমিতিয়ে অনশন কাৰ্যসূচী গ্ৰহণ কৰে ৷

নতুন ভূমি নীতিৰ বিৰুদ্ধে কৃষক মুক্তিৰ প্ৰতিবাদ

কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে চৰকাৰৰ হঠকাৰী সিদ্ধান্ত বাতিল কৰাৰ দাবী জনাইছে । উদ্যোগ স্থাপনৰ নামত খিলঞ্জীয়াৰ হাতত থকা ভূমি অনা অসমীয়াই কোনো কাৰণতে যাতে ক্ৰয় কৰিব নোৱাৰে তাৰ বাবে প্ৰয়োজন হ'লে তীব্র গণ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিছে সংগঠনটোৱে । উল্লেখযোগ্য যে, বৰ্তমান কৃষক নেতা অখিল গগৈৰ স্বাস্থ্যৰ উন্নত চিকিৎসাৰ বাবে দাবী জনোৱাৰ লগতে অনতি পলমে বিনা চৰ্তত মুক্তি দিবলৈ অনশনস্থলীৰ পৰাই দাবী জনাইছে সংগঠনটোৱে । ইতিমধ্যে জেলত থকা অখিল গগৈৰ স্বাস্থ্যৰ অৱস্থা অধিক অৱনতি ঘটিছে বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়কঃ নতুন ভূমি নীতিৰ বিৰোধিতাৰে শিৱসাগৰত অনশন কাৰ্যসূচী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.