ETV Bharat / city

প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ অসুস্থতাক লৈ উদিগ্ন জন্মস্থান ৰঙাজান

author img

By

Published : Nov 23, 2020, 5:06 PM IST

প্ৰাক্তন মুখ্যমন্ত্ৰী তথা তিতাবৰ সমষ্টিৰ বিধায়ক তৰুণ গগৈৰ অসুস্থতাৰ খবৰে উদিগ্ন কৰি তুলিছে তেওঁৰ জন্মস্থান ৰঙাজানবাসীক ৷ সকলোৱে তেওঁৰ আশু আৰোগ্য কামনা কৰিছে ৷

প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ অসুস্থতা
উদিগ্ন জন্মস্থান ৰঙাজান

তিতাবৰ, 23 নৱেম্বৰ : প্ৰাক্তন মুখ্যমন্ত্ৰী তথা তিতাবৰ সমষ্টিৰ বিধায়ক তৰুণ গগৈৰ অসুস্থতাৰ খবৰে উদিগ্ন কৰি তুলিছে বৰ্ষীয়ান ৰাজনীতিবিদগৰাকীৰ জন্মস্থান তিতাবৰৰ ৰঙাজানবাসীক । এক নিমাওমাও পৰিৱেশে বিৰাজ কৰিছে তিতাবৰৰ ৰাজীৱ ভৱন । নিজৰ প্ৰিয় নেতাগৰাকী চিকিৎসালয়ত জীৱন মৃত্যুৰ সৈতে যুঁজি থকাৰ খবৰ বিয়পি পৰাৰ লগে লগে প্ৰায় সংখ্যক কংগ্ৰেছ কৰ্মীয়ে গুৱাহাটীলৈ ৰাওনা হৈছে ।

উদিগ্ন তৰুণ গগৈৰ জন্মস্থান ৰঙাজান

নেতাগৰাকীৰ কাষত থাকি তেওঁৰ পৰিয়ালবৰ্গক কংগ্ৰেছ কৰ্মীসকলে মানসিক সাহস যোগাবলৈ গুৱাহাটীত বাহৰ পতাৰ বিপৰীতে তেওঁৰ জন্মস্থান তিতাবৰ ৰঙাজান গাঁৱতো বিৰাজ কৰিছে এক শোকস্তব্ধ পৰিৱেশ । অসমৰ ৰাজনৈতিক মানচিত্ৰত তিতাবৰক এক অনন্য মাত্ৰা প্ৰদান কৰা তৰুণ গগৈৰ আশু আৰোগ্য কামনা কৰি সকলোৱে এটা শুভবাৰ্তাৰ বাবে অপেক্ষা কৰি নেদেখাজনক প্ৰাৰ্থনা জনাইছে ।

উদিগ্ন তৰুণ গগৈৰ জন্মস্থান ৰঙাজান

লগতে পঢ়ক : ডিব্ৰুগড়ৰ পৰা বিশেষ বিমানেৰে গুৱাহাটীলৈ ৰাওনা মুখ্যমন্ত্ৰী সোণোৱালৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.