যোৰহাট,শিৱসাগৰ,গোলাঘাট,14 অক্টোবৰ: ৮৫৫ জন অসমীয়া ডেকা শ্বহীদৰ চৰম ত্যাগৰ বিনিময়ত তথা অসম চুক্তিৰ আধাৰত স্থাপন হোৱা নুমলীগড় শোধনাগাৰৰ লগতে ডিব্ৰুগড়ৰ লেপেটকটা বি চি পি এলক কেন্দ্ৰীয় চৰকাৰে ব্যক্তিগত খণ্ডক গটাব বিচৰা কাৰ্যক তীব্ৰ বিৰোধিতা সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদৰ । যোৰহাট জিলাৰ উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত সংগঠনটোৱে তিনি ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে । সংগঠনটোৱে জনোৱা মতে, যদি চৰকাৰে এই সিদ্ধান্ত বাতিল নকৰে তেনেহলে অনাগত দিনত সমগ্ৰ ৰাজ্যজুৰি তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিব ।
ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰে নুমলীগড় তেল শোধনাগাৰৰ লগতে বি চি পি এলক ব্যক্তিগত খণ্ডক বিক্ৰী কৰিবলৈ লোৱা ভয়ংকৰ ষড়যন্ত্ৰৰ বিৰুদ্ধে ৰাজ্যৰ আন দল সংগঠনৰ লগতে সোমবাৰে শিৱসাগৰতো সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷ সংগঠনটোৱে শিৱসাগৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত তিনিঘন্টাজোৰা অৱস্থান ধৰ্মঘটেৰে চৰকাৰৰ হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে ৷ প্ৰতিবাদ কাৰী সকলে ইয়াৰ পিছতেই শিৱসাগৰ জিলা উপায়ুক্তৰ যোগেদি অসমৰ মুখ্যমন্ত্ৰীলৈ এখনি স্মাৰকপত্ৰ প্ৰদান কৰে ৷
ইফালে, গোলাঘাট জিলাতো বি,পি,চি এলৰ ব্যক্তিগতকৰণ বন্ধ কৰা আৰু এন.আৰ.এল বিক্ৰীৰ প্ৰস্তাৱ বন্ধ কৰাৰ দাবীত সোমবাৰে নুমলীগড় ৰিফাইনেৰী এমপ্লইজ ইউনিয়নে CITU ৰ সহযোগত গোলাঘাট জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে ৷ কেন্দ্ৰীয় চৰকাৰৰ এনে হঠকাৰী সিদ্ধান্তক ৰাজ্য চৰকাৰে মানি লোৱা কাৰ্যক একে মুখে গৰিহণা দিছে সংগঠনটোৰ নেতা সকলে ৷ প্ৰতিবাদস্থলীৰ পৰাই চৰকাৰক সকীয়নি প্ৰদান কৰি প্ৰতিবাদৰ অন্তত গোলাঘাট উপায়ুক্তৰ যোগেদি মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে ৷
নুমলীগড় তেল শোধনাগাৰৰ চৌহদতো পুৱাৰে পৰা উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে ঐক্য সেনা অসম, নুমলীগড় শোধনাগাৰ উচ্ছেদিত পৰিয়াল উন্নয়ন সমিতি আৰু সদৌ অসম ছাত্ৰ সন্থাই । নুমলীগড় শোধনাগাৰত ৬১.৬৫ শতাংশ অংশীদাৰিত্ব থকা BPCL বিক্ৰী কৰি প্ৰায় ৬০ হাজাৰ কোটি টকা সংগ্ৰহৰ লক্ষ্য লোৱাৰ সিদ্ধান্তৰ বিৰোধিতা কৰি সোমবাৰে দল সংগঠনৰ প্ৰতিবাদত নুমলীগড় তেল শোধনাগাৰ উত্তাল হৈ পৰে ৷ নুমলীগড় শোধনাগাৰ লিমিটেডক ব্যক্তিগতকৰণ কৰাৰ প্ৰতিবাদত আৰু সম্প্ৰসাৰণ প্ৰক্ৰিয়া ক্ষীপ্ৰ কৰাৰ দাবীত গোলাঘাট জিলা ছাত্ৰ সন্থাই তিনি ঘন্টা ধৰি মুখ্যদ্বাৰ বন্ধ কৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কৰা মন্তব্যৰ তীব্ৰ সমালোচনা কৰে । আনহাতে ঐক্য সেনা অসমে নুমলীগড় তেল শোধনাগাৰৰ চৌহদত মুণ্ডন কৰি অসমীয়াৰ আবেগ-অনুভূতি জড়িত হৈ থকা প্ৰতিষ্ঠান ব্যক্তিগতকৰণ নকৰিবলৈ দাবী জনায়, গোলাঘাট জিলা অনুসুচীত জাতি ছাত্ৰ সন্থাই কেন্দ্ৰীয় চৰকাৰৰ নিবিদা প্ৰতিলিপি দাহ কৰে আৰু নুমলীগড় শোধনাগাৰ উচ্ছেদিত পৰিয়াল উন্নয়ন সমিতিয়ে সৰ্বানন্দ সোণোৱালৰ প্ৰতিমূৰ্তি দাহ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ।