ETV Bharat / city

ক’ভিড স্বাস্থ্যকৰ্মীৰ ঘৰত চুৰিকাণ্ড

author img

By

Published : Jul 28, 2020, 1:07 AM IST

দিন দুপৰতে টীয়কত দুটাইকৈ চুৰিকাণ্ডৰ ঘটনা ৷ বিয়লি মাস্ক পৰিধান কৰা এজন যুৱকে বিচাৰি আহিছিল ভুক্তভোগী এগৰাকীৰ ঘৰত ৷ তাৰ পাচতেই সংঘটিত হয় চুৰিকাণ্ড ৷

Robbery at the home of a Covid health worker

টীয়ক, 28 জুলাই : সোমবাৰে দিন দুপৰতে দুটাকৈ ধাৰাবাহিক চুৰিকাণ্ডই এক চাঞ্চল্যৰ সৃষ্টি কৰিছে সমগ্ৰ টীয়ক চহৰখনত ৷ টীয়কৰ FRU ৰ আৱাসিক এলেকাত মানুহ নথকাৰ সুযোগ লৈয়ে ক’ভিড ডিউটিত কৰ্মৰত জ্যোতিকা নায়ক নামৰ এগৰাকী নাৰ্ছৰ বাসগৃহত প্ৰৱেশ কৰি আলমিৰাৰ তলা ভাঙি নগদ ধন লৈ উধাও হয় চোৰ ৷

জানিব পৰা মতে, বিয়লি মাস্ক পৰিধান কৰা এজন যুৱক আহি নায়কৰ ঘৰত থকা আইতাক বাইদেউগৰাকী আছে নে নাই সুধি আইতাই নাই বুলি কোৱাত উভতি গৈছিল আৰু তাৰ পাছত আইতাগৰাকী ওচৰৰ কোনোবা এঘৰলৈ ওলাই গৈছিল আৰু পৰৱৰ্তী সময়ত আহি আইতাই আলমিৰাটো ভঙা অৱস্থাত দেখি ওচৰৰ সকলোকে খবৰ দিওতেহে ঘটনাটো পোহৰলৈ আহে ৷

অৱশ্যে ঘৰৰগৰাকী ক’ভিড ডিউটিত থকাৰ বাবে কি কি বস্তু চোৰে নিলে এই মুহূৰ্ত্বলৈকে জানিব পৰা হোৱা নাই ।

ক’ভিড স্বাস্থ্যকৰ্মীৰ ঘৰত চুৰিকাণ্ড

ইপিনে একে সময়তে টীয়ক নগৰৰ 2 নং ৱাৰ্ডৰ মাজগাঁও পথতো মমী বৰুৱা নামৰ এগৰাকী ভাড়াতীয়াৰ ঘৰৰ গ্ৰীলৰ তথা দুৱাৰৰ তলা ভাঙি কোনো নথকাৰ সুযোগ লৈ আলমিৰাৰ পৰা প্ৰায় 40 হাজাৰ টকাৰ সোণৰ সামগ্ৰী লৈ উধাও হৈ চোৰ । দুইটা ঘটনাৰ সন্দৰ্ভত ইতিমধ্যে টীয়ক আৰক্ষী থানাত পৃথকে পৃথকে এজাহাৰ দাখিল কৰা হৈছে আৰু আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ।

লগতে চাওক-ৰাফেলেৰে তুলনা নহয় পাকিস্তানৰ F-16ৰ : গ্ৰুপ কেপ্তেইন মহন্ত পাংগিং

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.