যোৰহাট, 20 নৱেম্বৰ : মাইক্ৰ' ফাইনেন্স কোম্পানীৰ ওপৰত অনুসন্ধান আৰু নিয়ন্ত্ৰণৰ ব্যৱস্থা গ্ৰহণৰ দাবীত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ লগতে মহিলা সংগঠনে বুধবাৰে যোৰহাটত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ৷ ৰাজ্যৰ গ্ৰাম্য জীৱনৰ অৰ্থনীতি কোঙা কৰি পেলোৱা একাংশ ক্ষুদ্ৰ বিত্তীয় প্ৰতিষ্ঠানৰ বিৰুদ্ধে যোৰহাটৰ শতাধিক মহিলাই ৰাজপথলৈ ওলাই আহি প্ৰতিবাদত অংশগ্ৰহণ কৰে৷
উল্লেখ্য যে, ৰাজ্যখনৰ বিভিন্ন জিলাৰ লগতে যোৰহাটতো ক্ষুদ্ৰ বিত্তীয় প্ৰতিষ্ঠানৰ তীব্ৰ চাপত ইতিমধ্যে বহু ঘৰ ধংস হৈছে । ঋণৰ নামত অত্যাধিক সুদ পৰিশোধ কৰিব লগা হোৱাত বহু লোকে আত্মহত্যাৰ পথ বাছি লোৱাৰ লগতে বহুসংখ্যকে নিজৰ সৰ্বস্ব হেৰুৱাব লগা পৰিস্থিতিৰ সৃষ্টি হৈছে ৷ ৰাষ্ট্ৰীয় বৃত্তীয় সংস্থাৰ নিয়ম উলংঘা কৰি ঋণ আদায়ৰ নামত সাধাৰণ জনসাধাৰণক হাৰাশাস্তি কৰাৰো বহু অভিযোগ উত্থাপিত হৈছে ।
কিন্তু, ৰাজ্য চৰকাৰ তথা জিলা প্ৰশাসনে এই ক্ষেত্ৰত কঠোৰ নীতি নিৰ্ধাৰণ নকৰাৰ ফলত গ্ৰাম্য জীৱনৰ অৰ্থনীতি কোঙা হৈ পৰিছে। যোৰহাট জিলাখনত বৰ্তমানে বন্ধন,নৰ্থ ইষ্ট স্মল,উজ্জ্বীৱন,ছেটিং,উনাক,আৰ বি এল,আৰোহণ,এল এন্ড চি,অন্নপূৰ্ণা,ফিউজন,আৰ্শীবাদ, সমস্তা,আশা,ভেক্টৰ,অসমী,সত্য,জনলক্ষী,এক্সিছ নামৰ কেইবাটাও ক্ষুদ্ৰ বিত্তীয় প্ৰতিষ্ঠানে সক্ৰিয়ভাৱে কাৰ্য সম্পাদন কৰি আছে ৷ কিন্তু এইক্ষেত্ৰত জিলা প্ৰশাসনে বৰ্তমানলৈকে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই ৷ সেয়েহে বুধবাৰে জাগ্ৰত নাৰী সুৰক্ষা সমাজ তথা কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে যোৰহাট চহৰৰ মাজৰে প্ৰতিবাদী সমদল কৰি জিলা উপায়ুক্তক স্মাৰক পত্ৰ প্ৰদান কৰে ।
আনহাতে,নাগৰিকত্ব সংশোধনী বিধেয়কে ৰাজ্যক পুনৰ অগ্নিগৰ্ভা কৰি তোলাটো নিশ্চিত হৈ পৰিছে ৷ ইতিমধ্যে ৰাজ্যৰ বিভিন্ন স্থানত ইয়াৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি আহিছে বহুকেইটা জাতীয় সংগঠনে ৷ ছয় জনগোষ্ঠীৰ জনজাতিকৰণ আৰু নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত বুধবাৰে যোৰহাটত অৱস্থান ধৰ্মঘট কৰে চুতীয়া ছাত্ৰ সন্থাই ৷ ৰাজ্যৰ অন্যতম জাতি চুতীয়া সকলক একমাত্ৰ ভোট বেংক হিচাপেহে ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন কৰে প্ৰতিবাদকাৰীসকলে ৷ অতিশীঘ্ৰে বৃহত্তৰ জাতিটোক জনজাতিকৰণ কৰাৰ লগতে নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত যোৰহাট জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত দুঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে প্ৰতিবাদকাৰীসকলে ৷