ETV Bharat / city

নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত যোৰহাট, নগাঁৱত উত্তাল প্ৰতিবাদ

author img

By

Published : Dec 21, 2019, 2:16 PM IST

Updated : Dec 21, 2019, 3:19 PM IST

নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত শনিবাৰৰ দিনটোত যোৰহাটত সদৌ অসম ছাত্ৰ সন্থাৰ লগতে ৩০ জনগোষ্ঠীয় সংগঠনৰ আহ্বানত ৰাজপথলৈ ওলাই আহিল যোৰহাটৰ নাৰী সমাজ ৷ আনহাতে নগাঁও জিলাতো নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদত নামিল তৰণী সন্থা ৷

Protest against CAA at Jorhat and Nagaon
নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত যোৰহাট, নগাঁওত উত্তাল প্ৰতিবাদ

যোৰহাট,21 ডিচেম্বৰ: ৰাজ্যত অব্যাহত আছে নাগৰিকত্ব সংশোধনী বিধেয়ক 2019, বাতিলৰ দাবীত নিৰবিছিন্ন প্ৰতিবাদ ৷ জাতিধ্বংসী বিধেয়ক খনৰ বিৰোধিতাৰে স্বত:স্ফুৰ্ত ভাৱে ৰাজপথলৈ ওলাই আহিছে ৰাজ্যৰ হাজাৰ-হাজাৰ জনতা ৷ নিৰাপত্তাৰ দোহাই দি ৰাইজৰ গণতান্ত্ৰিক আন্দোলনক প্ৰতিহত কৰাৰ উদ্দেশ্যৰে প্ৰশাসন যন্ত্ৰই সাধাৰণ জনতাৰ ওপৰত নানা ধৰণৰ অত্যাচাৰ চলোৱাৰ পাছতো দুগুণ উৎসাহেৰে ৰাজপথলৈ উলাই আহিছে অগনণ জনতা ৷ শনিবাৰৰ দিনটোতো ৰাজ্যৰ ভিন্ন প্ৰান্তত ৰাইজে সাব্যস্ত কৰিছে নাগৰিকত্ব সংশোধনী বিধেয়ক 2019 বিৰোধী প্ৰতিবাদ ৷

Protest against CAA at Jorhat and Nagaon
নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত যোৰহাটত উত্তাল প্ৰতিবাদ

যোৰহাট: জাতিধ্বংসী নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত শনিবাৰৰ দিনটোত যোৰহাটত সদৌ অসম ছাত্ৰ সন্থাৰ লগতে ৩০ জনগোষ্ঠীয় সংগঠনৰ আহ্বানত ৰাজপথলৈ ওলাই আহিল যোৰহাটৰ নাৰী সমাজ ৷ মহিলা সকলৰ স্পষ্ট মত কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰে অসাংবিধানিক ভাৱে জাপি দিব খোজা জাতি ধ্বংসী নাগৰিকত্ব সংশোধনী আইন খন কোনো কাৰণতে মানি লোৱা নহব ৷ যোৰহাটৰ শ-শ সচেতন মহিলাৰ চৰকাৰ বিৰোধী প্ৰতিবাদত উত্তাল হৈ পৰে যোৰহাটৰ উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখ ভাগ ৷

নগাঁও: আনহাতে ৰাজ্যৰ অন্য প্ৰান্তৰ সমান্তৰালকৈ নগাঁও জিলাতো নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদত নামিল তৰণী সন্থা ৷ শনিবাৰে বিধেয়ক খন বাতিলৰ দাবীৰে তিনিঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে নগাওঁ তৰণী সন্থাই ৷ অসমৰ ভাষা সংস্কৃতিৰ ভাবুকিস্বৰূপ নাগৰিকত্ব সংশোধনী আইন কোনো কাৰণত মানি লোৱা নহ'ব বুলি হুংকাৰ প্ৰদান কৰে তৰণী সন্থাই ৷ ইয়াৰ উপৰিও অৱস্থান ধৰ্মঘটৰ অন্তত নগাওঁ চহৰৰ মাজেৰে প্ৰতিবাদী সমদল উলিয়াই উপায়ুক্তৰ জৰিয়তে কা বাতিলৰ দাবীত প্ৰধানমন্ত্ৰীলৈ স্মৰকপত্ৰ প্ৰেৰণ কৰে নগাঁও তৰণী সন্থাই ৷

নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত নগাঁওত উত্তাল প্ৰতিবাদ

উল্লেখ্য যে, নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত বিভিন্ন দল সংগঠন আৰু সচেতন মহলৰ আবেদনৰ ভিত্তিত ইতিমধ্যে উচ্চতম ন্যায়ালয়ত আৰম্ভ হৈছে আইনী যুঁজ ৷

Intro:বিজেপি চৰকাৰ বিৰোধী শ্ল'গানেৰে উত্তাল টিংখাঙৰ আকাশ-বতাহ। CAA ৰ বিৰুদ্ধে দিনে-নিশাই সাব্যস্ত উত্তাল প্ৰতিবাদ। Body:টিংখাং- অসমত অসমীয়াৰ নিজা পৰিচয়ৰ প্ৰতি ভাবুকি কঢ়িয়াই অনা জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়ক এতিয়া আইনলৈ পৰিণত হ'ল। অসমীয়াৰ স্বাভিমানক কুঠাৰাঘাট কৰা কেন্দ্ৰীয় চৰকাৰৰ এনে হিটলাৰী কাণ্ডৰ বিৰুদ্ধে এতিয়া সমগ্র ৰাজ্য জ্বলিছে।
ইয়াৰ সমান্তৰালভাৱে ডিব্ৰুগড় জিলাৰ টিংখাঙতো নাগৰিকত্ব সংশোধনী আইন ( CAA) ৰ বিৰুদ্ধে দিনে-নিশাই সাব্যস্ত হৈছে উত্তাল প্ৰতিবাদ। লোকসভাত কেব গৃহীত হোৱাৰ দিনৰ পৰাই টিংখাং সমষ্টিৰ প্ৰতিটো প্ৰান্তত ইয়াৰ বিৰুদ্ধে তীব্ৰ সংগ্ৰাম অব্যাহত আছে। ৰাজ্যসভাত কেব গৃহীত হোৱাৰ পাচৰ পৰা টিংখাঙত সম্পূৰ্ণৰূপে স্তব্ধ হৈ পৰিছে স্বাভাৱিক জীৱন যাত্ৰা। জাতীয় দল-সংগঠনৰ আহ্বানত ৰাজপথলৈ উলাই আহিল হাজাৰ-হাজাৰ প্ৰতিবাদী জনতা। প্ৰায় প্ৰতিটো তিনিআলি-চাৰিআলিত টায়াৰ জ্বলাই ব্যাপক প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হয়। প্ৰতিবাদী জনতাই প্ৰতিদিনে স্বত:স্ফূৰ্ত ভাৱে ৰাজপথলৈ ওলাই আহি CAA বিৰোধীতাৰে বিজেপি চৰকাৰ বিৰোধী শ্লগানেৰে কপাই তোলে টিংখাঙৰ আকাশ বতাহ। বিগত সপ্তাহজুৰি স্বতস্ফূতভাৱে বন্ধ হৈ পৰে সকলোবোৰ ব্যৱসায়িক প্ৰতিষ্ঠান , চৰকাৰী-বেচৰকাৰী কাৰ্যালয় ইত্যাদি। গ্ৰহণ কৰা হয় এটাৰ পাছত আনটো প্ৰতিবাদী কাৰ্যসূচী। সেই অনুসৰি টিংখাঙৰ বিভিন্ন ঠাইত BJP আৰু অ,গ,প ৰ বহু নেতা, কৰ্মীয়ে দল ত‍্যাগ কৰাৰ ওপৰিও টিংখাঙৰ বিভিন্ন পঞ্চায়তৰ জনপ্ৰতিনীধি সকলে CAA বিৰোধীতাৰে পদ ত‍্যাগ কৰি সংগ্ৰামী জনতাৰ লগত সংগ্ৰামত মিলিত হয়।উল্লেখ যে আছুৰ গনহত‍্যাগ্ৰহ কাৰ্যসূচীৰ শেষৰ দিনা টিংখাং মহাবিদ্যালয়ৰ খেল পথাৰত অনুষ্ঠিত প্ৰতিবাদী সভাৰ লগতে টিংখাঙৰ বিভিন্ন প্ৰান্তত যি সকল BJP নেতা,কৰ্মী আৰু জনপ্ৰতিনীধিয়ে বত্তমানলৈকে সংগ্ৰামী ৰাইজৰ সতে ৰাজপথলৈ ওলাই অহা নাই তেওঁলোকক সামাজিক ভাৱে এঘৰীয়া কৰিবলৈ এক সৰ্বসন্মত প্ৰস্তাৱ গ্ৰহন কৰা হয়।
Conclusion: ক'লা আইনখনৰ বিৰুদ্ধে ১৪ ডিচেম্বৰত টিংখাঙৰ গান্ধী ময়দানত অনুষ্ঠিত হয় এক বিশাল গণ সমাবেশ। সমাবেশত অঞ্চলটোৰ প্ৰায় ৭ সহস্ৰাধিক প্ৰতিবাদী পুৰুষ-মহিলাই অংশগ্ৰহণ কৰি CAA কেতিয়াও মানি নোলোৱাৰ সংকল্প গ্ৰহণ কৰে। বিজেপি চৰকাৰ বিৰোধী শ্ল'গানেৰে উত্তাল হৈ পৰে টিংখাঙৰ আকাশ-বতাহ।
Last Updated : Dec 21, 2019, 3:19 PM IST

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.