ETV Bharat / city

মূল্যবৃদ্ধি ৰোধৰ দাবীত বিভিন্ন প্ৰান্তত কংগ্ৰেছৰ প্ৰতিবাদী কাৰ্যসূচী

author img

By

Published : Nov 14, 2019, 9:56 PM IST

যোৰহাট-গোলাঘাটত কংগ্ৰেছৰ বিক্ষোভ প্ৰদৰ্শন ৷ মূল্যবৃদ্ধি ৰোধৰ দাবীত বিশাল প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কংগ্ৰেছৰ ৷ ফিল্মফেয়াৰ পতাৰ সলনি 15 কোটিৰে কাগজ কল পুনৰ উদ্ধাৰ কৰাৰ দাবী চৰকাৰক ৷

মূল্যবৃদ্ধি ৰোধৰ দাবীত কংগ্ৰেছৰ বিশাল প্ৰতিবাদী কাৰ্যসূচী

নিউজ ডেস্ক, 14 নৱেম্বৰ: নমামি ব্ৰহ্মপুত্ৰ-পূষ্কৰ মহোৎসৱৰ পিচত বলিউডৰ চমক দিবলৈ ‘ফিল্মফেয়াৰ এৱাৰ্ড’ আয়োজন কৰিবলৈ লোৱা ৰাজ্য চৰকাৰৰ বিৰুদ্ধে সোচ্চাৰ হৈ পৰিল কংগ্ৰেছ দল। বিজেপি চৰকাৰে 30 কোটি টকা ব্যয় সাপেক্ষে ফিল্মফেয়াৰ পাতিব পাৰে কিন্তু মাত্ৰ 15 কোটি টকা খৰছ কৰি কাগজ কল পুনৰ উদ্ধাৰ কৰিব নোৱাৰে বুলি তীব্ৰ কটাক্ষ কৰে বিজেপি দলক। এই সোণোৱাল চৰকাৰখনে সকলো চৰকাৰী সম্পদ ব্যক্তিগতকৰণ কৰাৰ ষড়যন্ত্ৰ চলাইছে বুলি দাবী উত্থাপন কৰে যোৰহাটৰ প্ৰাক্তন কংগ্ৰেছী বিধায়ক ৰাণা গোস্বামীয়ে।

মূল্যবৃদ্ধি ৰোধৰ দাবীত বিশাল প্ৰতিবাদী কাৰ্যসূচী গোলাঘাটত

উল্লেখযোগ্য যে, কেন্দ্ৰীয় চৰকাৰৰ জনবিৰোধী নীতিৰ প্ৰতিবাদকল্পে বৃহস্পতিবাৰে যোৰহাট জিলা কংগ্ৰেছে জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে । নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ আহ্বানত যোৰহাট জিলা কংগ্ৰেছৰ এই প্ৰতিবাদী কাৰ্যসূচী কলিয়াবৰ সমষ্টিৰ প্ৰাক্তন সাংসদ দীপ গগৈ,যোৰহাটৰ বিধায়ক ৰাণা গোস্বামী,মৰিয়নী সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী,দেৰগাঁও সমষ্টিৰ প্ৰাক্তন বিধায়িকা আৰতি কছাৰীয়ে অংশগ্ৰহণ কৰে।

যোৰহাটত কংগ্ৰেছৰ বিক্ষোপ প্ৰদৰ্শন

ইপিনে মূল্যবৃদ্ধি,নুমলীগড় তেল শোধনাগাৰ ব্যক্তিগতকৰণৰ বিৰোধিতা,শীঘ্ৰে দেৰগাঁৱক মহকুমা ঘোষণা কৰা,অনুসূচিত জাতিৰ লোক সকলৰ কল্যাণৰ বাবে অধিক পুঁজি যোগান ধৰা আদি দাবী লৈ দুঘন্টীয়া ধৰ্ণাত বহে ভাৰতীয় জাতীয় কংগ্ৰেছ অনুসূচিত জাতি বিভাগৰ কৰ্মকৰ্তাসকল।

প্ৰতিবাদত অংশগ্ৰহণ কৰে ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ অনুসূচিত বিভাগৰ কেন্দ্ৰীয় সমন্বয়ক অশয় কুমাৰ মৰ্যা,অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ অনুসূচিত জাতি বিভাগৰ সভাপতি ডঃ ৰমানন্দ দাস,উপ সভানেত্ৰী ৰূপা দাস আৰু জিলা পৰ্যায়ৰ বহু কেইজন কংগ্ৰেছ কৰ্মী।

লগতে চাওক-উচ্চতম ন্যায়ালয়ে খাৰিজ কৰিলে ৰাহুল গান্ধীৰ অবমাননাৰ গোচৰ

যোৰহাটত কংগ্ৰেছৰ বিশাল প্ৰতিবাদী কাৰ্যসূচী।।
মুল্যবৃদ্ধি ৰোধৰ দাবীত কংগ্ৰেছৰ এই প্ৰতিবাদ।

৩০ কোটিৰে ফিল্মফেয়াৰ পতাতকৈ ১৫ কোটিৰে কাগজ কল পুনৰ উদ্ধাৰ কিয় নকৰে।।
বিধায়ক ৰাণা গোস্বামী।

নামামি ব্ৰহ্মপুত্ৰ-পূষ্কৰ মহোৎসৱৰ পিচত বলিউডি চমকৰ আয়োজন কৰিব লোৱা ৰাজ্য চৰকাৰৰ বিৰুদ্ধে সুচাৰ হৈ পৰিল কংগ্ৰেছ। ৩০ কোটি টকীয়া ফিল্মফেয়াৰ পাতিব পাৰে কিন্তু মাত্ৰ ১৫ কোটি টকা খৰছ কৰি কাগজ কল পুনৰ উদ্ধাৰ কৰিব নোৱাৰে।সকলো সম্পদ ব্যক্তিগত কৰাৰ ষড়যন্ত্ৰক সোনোৱাল চৰকাৰৰ।এই দাবী যোৰহাটৰ প্ৰাক্তন কংগ্ৰেছী বিধায়ক ৰাণা গোস্বামীৰ।

উল্লেখযোগ্য যে কেন্দ্ৰীয় চৰকাৰৰ জনবিৰোধী নীতিৰ প্ৰতিবাদকল্পে আজি যোৰহাট জিলা কংগ্ৰেছে জিলা উপায়ুক্ত কায্যলয়ৰ সন্মুখত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে।নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ আহ্বানত যোৰহাট জিলা কংগ্ৰেছৰ এই প্ৰতিবাদী কাৰ্যসূচী কলিয়াবৰ সমষ্টিৰ প্ৰাক্তন সাংসদ দীপ গগৈ,যোৰহাটৰ বিধায়ক ৰাণা গোস্বামী, মৰিয়ণী সমষ্টিৰ বিধায়ক ৰূপজ্যোতী কুৰ্মী,দেৰগাঁৱ সমষ্টিৰ প্ৰাক্তন বিধায়ীকা আৰতি কচাৰীয়ে অংশগ্ৰহণ কৰে।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.