ETV Bharat / city

টীয়কত বিধ্বস্ত পথে অতিষ্ঠ কৰিছে ৰাইজক

author img

By

Published : Oct 27, 2020, 11:31 AM IST

বছৰ বছৰ ধৰি জৰাজীৰ্ণ অৱস্থাত থকা পথৰ দুৰাৱস্থাই এতি টীয়কত জলা-কলা খুৱাইছে ৰাইজক ৷ এজাক বৰষুণতেই পথটো বোকাময় হৈ পৰাত যাতায়াতৰ বাবে হাহাকাৰ কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হয় পথাচাৰীৰ মাজত ৷

poor road Condition in Teok
টীয়কত বিধ্বস্ত পথত অতিষ্ঠ ৰাইজ

টীয়ক,27 অক্টোবৰঃ দেশে স্বাধীনতা লাভ কৰা 70 টা দশক পাৰ হৈ যোৱাৰ পিছতো ৰাজ্যখনত এতিয়াও বহু অঞ্চলতে যাতায়াতৰ বাবে সুচল নহ'ল বাট-পথ ৷ কি কংগ্ৰেছ, কি বিজেপি কোনো এখন চৰকাৰেই এই সমূহ বাট পথ মেৰামতিৰ বাবে কোনো উপযুক্ত ব্যৱস্থা গ্ৰহণ নকৰিলে ৷ ফলত বছৰ-বছৰ ধৰি যাতায়াতৰ বাবে দুৰ্ভোগ ভূগিব লগীয়া হৈ ৰাইজে ৷

সমান্তৰালকৈ যোৰহাট জিলাৰ টীয়কটো বাট-পথৰ একেবাৰে জৰাজীৰ্ণ অৱস্থা ৷ সকলো পথৰ মাজতেই প্ৰকাণ্ড- প্ৰকাণ্ড গাঁঁত সৃষ্টি হোৱাৰ উপৰিও একাঠুকৈ বোকাৰ মাজেৰেই যাতায়াত কৰিবলগীয়া হৈছে ৰাইজে ৷

টীয়কত বিধ্বস্ত পথত অতিষ্ঠ ৰাইজ

আনহাতে পৰিৱৰ্তনৰ ঢাক-ঢোল বজোৱা বিজেপি মিত্ৰজোঁট চৰকাৰ খনেও ইতিমধ্যে 4 বছৰ 6 মাহ অতিক্ৰম কৰিলে যদিও বাট-পথ মেৰামতিৰ বাবে কোনো উপযুক্ত ব্যৱস্থা নকৰাৰ ফলত যাতায়াতৰ বাবে যমৰ-যাতনা খাবলগীয়া হৈছে ৰাইজে ৷

ইফালে, টীয়ক নগৰৰ গাতে লাগি থকা চিৰাম মিচিং গাঁৱৰ মূল পথটোত একাঠু পৰ্যন্ত বোকা । ফলত গাড়ী চলাতো দূৰৰে কথা খোজ কাঢ়িয়ো যাব নোৱাৰা পৰিৱেশৰ সৃষ্টি হৈছে ৷ পথটো জৰাজীৰ্ণ অৱস্থা হোৱাৰ বাবে ছাত্ৰ-ছাত্ৰী সকলে বিদ্যালয়লৈ গৈ শিক্ষা গ্ৰহণৰ পৰাও বঞ্চিত হ'বলগীয়া হৈছে বুলি গুৰুতৰ অভিযোগ কৰিছে ৰাইজে ৷

আনহাতে, মূল পথটো মেৰামতি কৰি দিবলৈ স্থানীয় জনপ্ৰতিনিধি গৰাকীৰ লগতে বিভাগীয় কৰ্তৃপক্ষক বাৰম্বাৰ অনুৰোধ কৰি আহিছে ৰাইজে ৷ কিন্তু পথটো মেৰামতিৰ বাবে স্থানীয় জনপ্ৰতিনিধি আৰু বিভাগীয় কৰ্তৃপক্ষই কোনো ব্যৱস্থা গ্ৰহণ নকৰাত অতিস্থ স্থানীয় ৰাইজৰ লগতে বিভিন্ন দল সংগঠন হৈ পৰিছে অধিক ক্ষুব্ধ ৷ সেয়ে অনতি পলমে পথটো যাতায়াতৰ বাবে সুচল কৰি দিবলৈ চৰকাৰক আহ্বান জনাইছে টীয়কবাসী ৰাইজে।

লগতে পঢ়ক- দক্ষিণ কামৰূপত মটৰচাইকেল আৰু মেজিকৰ সংঘৰ্ষ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.