যোৰহাট, 6 জুনঃ যোৰহাট পৰ্বতীয়াৰ এটি অতি দৰিদ্ৰ পৰিয়ালৰ মেধাৱী ছাত্ৰীয়ে হাইস্কুল শিক্ষান্ত পৰীক্ষাত লাভ কৰিলে লেটাৰ মাৰ্কসহ প্ৰথম স্থান ৷ ছাত্ৰী গৰাকীৰ নাম পূজা শৰ্মা ৷
শনিবাৰে ঘোষণা কৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত যোৰহাটৰ পৰ্বতীয়াৰ পূজা শৰ্মা নামৰ ছাত্ৰী গৰাকীয়ে লেটাৰ মাৰ্কসহ প্ৰথম বিভাগত উত্তীৰ্ণ হ'বলৈ সক্ষম হয় ৷ দৰিদ্ৰতাই কোঙা কৰা পৰিয়ালটোৰ এইগৰাকী মেধাৱী ছাত্ৰী পূজা শৰ্মাই আজি হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত ভূগোলত লেটাৰ মাৰ্কসহ প্ৰথম স্থান পাবলৈ সক্ষম হয় ৷ পূজাৰ মাক বজয়ন্তী দেৱীয়ে অতি কষ্টৰে লোকৰ হোটেলত কাঁহী-বাতি ধুই পূজাক শিক্ষা গ্ৰহণৰ ব্যৱস্থা কৰাইছিল বুলি সাংবাদিকৰ আগত সদৰি কৰে ৷ তাৰোপৰি,কোনো টিউচন নকৰাকৈয়ে বিদ্যালয় আৰু ঘৰতেই বহু কষ্টৰে পঢ়ি এই কৃতিত্ব দেখুৱাবলৈ সক্ষম হৈছে ৷ পূজাৰ এই ফলাফলত মাতৃৰ লগতে সমগ্ৰ গাওঁবাসীয়ে ভূয়সী প্ৰশংসা কৰিছে ৷
লগতে পঢ়ক- হাইমাদ্ৰাছাত প্ৰথম স্থানত উজ্বলিল পাচলি বিক্ৰী কৰা পিতৃৰ সন্তান