ETV Bharat / city

75th years of independence : আজি ৰাজ্যৰ বিভিন্ন হিতাধিকাৰীৰ সৈতে মত বিনিময় কৰিব প্ৰধানমন্ত্ৰীয়ে

author img

By

Published : May 31, 2022, 7:33 AM IST

ৰাজ্যৰ বিভিন্ন আঁচনিৰ অধীনৰ হিতাধিকাৰীসকলৰ সৈতে মত বিনিময় কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ (PM modi to be interacts with beneficiaries) ৷ আজাদী কা অমৃত মহোৎসৱ(75th years of independence) ৰ লগত সংগতি ৰাখি এই অনুষ্ঠান অনুষ্ঠিত হ’ব ৷

prime-minister-narendra-modi-interacts-with-beneficiaries-under-various-schemes-of-the-state
ৰাজ্যৰ বিভিন্ন আঁচনি অধীনৰ হিতাধিকাৰীসকলৰ সৈতে মত বিনিময় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ

যোৰহাট, ৩১ মে': মঙলবাৰে ৰাজ্যৰ বিভিন্ন আঁচনিৰ অধীনৰ হিতাধিকাৰীসকলৰ সৈতে মত বিনিময় কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে (PM modi to be interacts with beneficiaries) ৷ আজাদী কা অমৃত মহোৎসৱ(75th years of independence) ৰ সৈতে সংগতি ৰাখি 31 মে'ত প্ৰধানমন্ত্ৰী মোডীয়ে ভাৰত চৰকাৰৰ ৯ টা বিভাগৰ দ্বাৰা ৰূপায়িত প্ৰায় ১৬ খন আঁচনিৰ অধীনৰ হিতাধিকাৰীসকলৰ সৈতে মত বিনিময় কৰিব ।

"গৰীৱ কল্যাণ সন্মিলন" নামৰে নামাকৰণ কৰা এই অনুষ্ঠানটোৰ জৰিয়তে চৰকাৰৰ দ্বাৰা ৰূপায়িত আঁচনিসমূহে হিতাধিকাৰীসকলৰ জীৱন ধাৰণত বৃহৎ প্ৰভাৱ পেলোৱাৰ লগতে একত্ৰীকৰণ আৰু সংপৃক্ততাৰ সম্ভাৱনাও অন্বেষণ কৰিব ৷ লগতে এই অনুষ্ঠানে ভাৰতৰ প্ৰতিগৰাকী হিতাধিকাৰীৰ আকাংক্ষা মূল্যায়ণ কৰাৰো সুযোগ প্ৰদান কৰিব ৷

এই সন্মিলনখনত ৰাজ্যৰ সকলো জিলাকে সামৰি লোৱা হৈছে ৷ প্ৰধানমন্ত্ৰীগৰাকীয়ে আৱাসগৃহ নিৰ্মাণ, খোৱাপানীৰ যোগান, খাদ্য, স্বাস্থ্য আৰু পুষ্টিৰ লগতে জীৱিকা তথা বিত্তীয় অন্তৰ্ভুক্তি ৰূপায়িত বিস্তৃত আঁচনিসমূহে হিতাধিকাৰীসকলৰ জীৱনত কি প্ৰভাৱ পেলাইছে, সেই সন্দৰ্ভতো মত বিনিময় কৰিব ৷

এই সন্মিলনত অন্তৰ্ভুক্ত কৰা আঁচনিসমূহ হৈছে-

  • প্ৰধানমন্ত্ৰী আৱাস যোজনা (গ্ৰামীণ আৰু চহৰাঞ্চল)
  • প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি
  • প্ৰধানমন্ত্ৰী উজ্জ্বলা আঁচনি
  • প্ৰধানমন্ত্ৰী মাত্ৰু বন্দনা যোজনা
  • স্বচ্ছ ভাৰত অভিযান (গ্ৰামীণ আৰু চহৰাঞ্চল)
  • জল জীৱন মিছন আৰু অটল মিছন ফৰ ৰিজুভেনেচন এণ্ড আৰ্বান ট্ৰেন্সফৰ্মেচন (AMRUT)
  • প্ৰধানমন্ত্ৰী স্বনিধি আঁচনি
  • এক ৰাষ্ট্ৰ, এক ৰেচন কাৰ্ড
  • প্ৰধানমন্ত্ৰী গৰীৱ কল্যাণ অন্ন যোজনা
  • আয়ুষ্মান ভাৰত প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনা
  • আয়ুষ্মান ভাৰত হেল্থ এণ্ড ৱেলনেছ চেণ্টাৰ
  • প্ৰধানমন্ত্ৰী মুদ্ৰা যোজনা

অন্যান্য জিলাসমূহৰ লগতে যোৰহাট জিলা প্ৰশাসন আৰু জিলা পৰিষদৰ উদ্যোগত যোৰহাট জিলা পুথিভঁৰালত পুৱা ৯.৩০ বজাৰ পৰা অনু্ষ্ঠিত হ'বলগীয়া কাৰ্যসূচীৰ বাবে সকলো প্ৰয়োজনীয় ব্যৱস্থা কৰা হৈছে(Azadi ka amrit mahotsav celebration in Jorhat) ৷ অনুষ্ঠানটোত মুখ্য অতিথি হিচাপে ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা, যোৰহাট সমষ্টিৰ বিধায়ক হিতেন্দ্ৰ নাথ গোস্বামী, দেৰগাঁও সমষ্টিৰ বিধায়ক ভবেন ভৰালী, টীয়ক সমষ্টিৰ বিধায়িকা ৰেণুপমা ৰাজখোৱা, মৰিয়নী সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী, তিতাবৰ সমষ্টিৰ বিধায়ক ভাস্কৰ বৰুৱা, জিলা উপায়ুক্ত অশোক কুমাৰ বৰ্মনৰ লগতে বহু গণ্য-মান্য ব্যক্তি উপস্থিত থাকিব ৷

জিলা পৰ্যায়ত পুৱা 11 বজাৰ পৰা প্ৰধানমন্ত্ৰীগৰাকীয়ে ছিমলাৰ পৰা দেশৰ হিতাধিকাৰীসকলৰ সৈতে ভাৰ্চুৱেলী মত বিনিময় কৰিব । আনহাতে, ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰধানমন্ত্ৰীগৰাকীয়ে সমগ্ৰ দেশজুৰি বিয়পি থকা হিতাধিকাৰীসকলৰ সৈতে কনফাৰেঞ্চৰ জৰিয়তে মত বিনিময় কৰিব ।

প্ৰধানমন্ত্ৰী মোডীয়ে এই অনুষ্ঠানত কিষাণ সন্মান নিধিৰ একাদশ সংখ্যক কিস্তি মুকলি কৰিব । এই সন্মিলনখনি দূৰদৰ্শনৰ জৰিয়তে ৰাষ্ট্ৰীয় আৰু আঞ্চলিক চেনেলসমূহত পোনপটীয়াকৈ সম্প্ৰচাৰ কৰা হ'ব । আনহাতে, MyGov ৰ জৰিয়তে অনুষ্ঠানটিৰ ৱেবকাষ্ট কৰাৰ ব্যৱস্থা কৰা হৈছে, যাৰ বাবে জনসাধাৰণে ইয়াত পঞ্জীয়ন কৰিব লাগিব । বিভিন্ন সামাজিক মাধ্যম যেনে- ইউটিউব, ফেচবুক, টুইটাৰ আৰু ইনষ্টাগ্ৰামৰ জৰিয়তে এই অনু্ষ্ঠানটি সকলোৱে উপভোগ কৰিব পাৰিব ।

এই মত বিনিময় অনু্ষ্ঠানে কেৱল নাগৰিকসকলৰ জীৱন-ধাৰণ সূচল কৰি তোলা আঁচনিসমূহৰ প্ৰতি জনকেন্দ্ৰিক দৃষ্টিভংগীক আলোকপাতেই নহয়, জনসাধাৰণৰ আকাংক্ষাৰ বিষয়ে চৰকাৰকো উদ্বুদ্ধ কৰাৰ লগতে দেশৰ এই প্ৰগতিৰ যাত্ৰাত যাতে কোনেও বাদ পৰি নাযায়, সেয়াও নিশ্চিত কৰাত সহায় কৰিব বুলি আশা প্ৰকাশ কৰে ৷

লগতে চাওক: যোৰহাটৰ তিনিখন উচ্চ শিক্ষানুষ্ঠান পৰিদৰ্শন ৰাজ্যপাল জগদীশ মুখীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.