ETV Bharat / city

কা বাতিল আৰু অখিল গগৈৰ উন্নত চিকিৎসাৰ দাৱীত ঠায়ে-ঠায়ে প্ৰতিবাদ - নাগৰিকত্ব সংশোধনী আইন

ৰাজ্যজুৰি অব্যাহত আছে কা বাতিল আৰু কাৰাৰুদ্ধ অখিল গগৈ, বিতু সোণোৱাল, বিদ্যুৎ শইকীয়া, ধৈৰ্য কোৱৰ, মানস কোৱৰক বিনাচৰ্তে মুকলিৰ দাবীত প্ৰতিবাদ ৷ শুকুৰবাৰে যোৰহাট আৰু গোলাঘাটতো ব্যাপক প্ৰতিবাদ ৷

people demand to free akhil gogoi, কা আৰু কাৰাৰুদ্ধ অখিল গগৈৰ উন্নত চিকিৎসা,মুক্তিৰ দাবীত প্ৰতিবাদ
কা বাতিল আৰু কাৰাৰুদ্ধ অখিল গগৈৰ উন্নত চিকিৎসা তথা মুক্তিৰ দাবীত ঠায়ে-ঠায়ে প্ৰতিবাদ
author img

By

Published : Mar 6, 2020, 4:28 PM IST

নিউজ ডেস্ক, 6 মাৰ্চঃ কাৰাৰুদ্ধ অখিল গগৈৰ উন্নত চিকিৎসাৰ ব্যৱস্থা কৰাৰ লগতে মুক্তিৰ দাবীত প্ৰতিবাদ । 2019 চনৰ এক গোচৰৰ ভিক্তিত গ্ৰেপ্তাৰ হৈ বৰ্তমান পৰ্যন্ত অতি দীঘলীয়া সময়ৰ বাবে কাৰাবন্দী হৈ থকাটো এক প্ৰকাৰৰ অমানবীয় কাৰ্য সংঘটিত কৰিছে বৰ্তমানৰ বিজেপি চৰকাৰখনে ৷ এজন সন্ত্ৰাসবাদীকৈ কঠোৰ শাস্তি প্ৰদান কৰিছে বিজেপি চৰকাৰে । কাৰাগাৰত এতিয়া সম্পূৰ্ণৰূপে অসুস্থ হৈ পৰিছে যদিও বিজেপি চৰকাৰৰ আক্ৰশমুলক নীতিৰ বাবেই উন্নত চিকিৎসা পৰা বঞ্চিত হৈ আছে কৃষকনেতাগৰাকী ৷ ৰাজ্যৰ প্ৰতিবাদী সত্তা অখিল গগৈৰ উন্নত চিকিৎসা প্ৰদান কৰা লগতে বিনা চৰ্তত মুক্তিৰ দাবীত যোৰহাটৰ একাংশ সচেতন ৰাইজে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ।

আনহাতে অসমত নাগৰিকত্ব সংশোধনী আইন বলৱৎ নকৰিবলৈ অসম বিধান সভাত প্ৰস্তাৱ গ্ৰহণ কৰাৰ বাবে স্মাৰক প্ৰত্ৰ প্ৰেৰণ আম আদমী পাৰ্টীৰ ৷ নাগৰিকত্ব সংশোধনী আইন ৰাজ্যত প্ৰণয়ন কৰা হয় তেন্তে ৰাজ্যৰ ভাষা, সংস্কৃতি লগতে জাতীয় জীৱনত ব্যাপক প্ৰভাৱ পৰিব । অসম আৰু অসমৰ থলুৱা জাতি জনগোষ্ঠীৰ ভাষিক, সাংস্কৃতিক, ৰাজনৈতিক, আৰ্থিক আৰু সামাজিক সুৰক্ষা নিশ্চিত কৰিবলৈ আইনখন যাতে কোনো চৰ্ততে বলৱৎ নহয় বাবে তাৰ ওপৰত গুৰুত্ব আৰোপ কৰি যোৰহাট জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত দুই ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে ৷

যোৰহাটত প্ৰতিবাদ

ইপিনে গোলাঘাটতো ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ ব্যাপক প্ৰতিবাদ । 'কা' বাতিল আৰু অখিল গগৈ, বিতু সোণোৱাল, বিদ্যুৎ শইকীয়া, ধৈৰ্য কোৱৰ, মানস কোৱৰক বিনাচৰ্তে মুকলিৰ দাবীত প্ৰতিবাদ কাৰ্যসূচী । গোলাঘাট জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ গোলাঘাট জিলা উপায়ুক্ত কাৰ্যালয় সন্মুখত 3 ঘন্টীয়া অৱস্থান ধৰ্মঘট । উক্ত দাবী নামানিলে তীব্ৰতেৰ আন্দোলন হুংকাৰ প্ৰদান কৰে সংগঠনটোৱে ।

গোলাঘাটত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.