যোৰহাট, 21 অক্টোবৰ: দেওবাৰে নিশা যোৰহাটৰ পুলিবৰ আৰক্ষী থানাৰ অন্তৰ্গত বহতীয়া গাঁৱত সংঘটিত হয় মৰেল পুলিচৰ ঘটনা ৷ সোণৰ বস্তু চুৰি কৰাৰ অভিযোগত দুজন কিশোৰক আটক কৰি মাৰপিট কৰে স্থানীয় লোকে ৷ দুয়োগৰাকী কিশোৰৰ পকেটৰ পৰা চুৰি কৰা সোণৰ বস্তু উদ্ধাৰ হোৱাৰ পাচতে এনেদৰে ৰাজহুৱা শাস্তি প্ৰদান কৰা হয় কিশোৰ দুজনক ৷
পৰৱৰ্তী সময়ত পুলিবৰ আৰক্ষীক চমজাই দিয়া হয় দুই কিশোৰক। সমগ্ৰ ঘটনা ভাইৰেল হোৱাৰ পাছত সমগ্ৰ চহৰখনত চাঞ্চল্যৰ সৃষ্টি হৈছে ।