যোৰহাট, 18 জুলাই : যোৰহাট প্ৰশাসন আৰু স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শনিবাৰে যোৰহাটত এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয় ৷ যোৰহাটৰ শেহতীয়া ক'ভিড পৰিস্থিতিৰ পৰ্যালোচনা কৰে স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।
যোৰহাটৰ চিকিৎসালয়ৰ ৱাৰ্ডসমূহত মুকলি ক'ভিড স্কেনিং চেন্টাৰ মুকলি কৰা হ'ব বুলি জানিবলৈ দিয়ে স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে ৷ লগতে ঘোষণা কৰে যে,ক'ভিডত আক্ৰান্ত ৰোগীৰ বাবে নিৰ্মাণ হ'ব এখন অস্থায়ী চিকিৎসালয় আৰু ইয়াত একেলগে 400/500 ৰোগীক চিকিৎসা কৰিব পৰা যাব । আগষ্ট মাহত কৰ'ণা ৰোগীৰ সংখ্যা বৃদ্ধি পালেও আতংকিত হোৱাৰ প্ৰয়োজন নাই বুলি জনাই স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে ৷
সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত বিভিন্ন আঁচনিসমূহৰ কাম আৰম্ভ কৰা সম্পৰ্কতো মন্তব্য কৰে স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ ক'ভিডৰ চিকিৎসাৰ সমান্তৰালভাৱে 1 আগষ্টৰ পৰা ৰাজ্য চৰকাৰৰ বাজেটৰ অধীনৰ অন্য আঁচনিমসূহৰ কাম আৰম্ভ হ'ব বুলি তেওঁ জনায় ৷
সোমবাৰৰ পৰা গুৱাহাটীত আনলক প্ৰক্ৰিয়া আৰম্ভ কৰা হ'ব বুলি মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে ৷ আনহাতে, ক'ভিডৰ ৰেপিড টেষ্ট যোৰহাটত পূৰ্বেই আৰম্ভ হৈছে যদিও শনিবাৰৰ পৰা পূৰ্ণ পৰ্যায়ত আৰম্ভ হোৱা বুলি জানিবলৈ দিয়ে হিমন্ত বিশ্ব শৰ্মাই ৷
লগতে পঢ়ক : 22 জুলাইত শপত গ্ৰহণ কৰিব অসমৰ তিনি নৱ নিৰ্বাচিত সাংসদে