ETV Bharat / city

শিৱসাগৰ আৰু যোৰহাটত পৰম্পৰাগত ভাৱে উদযাপন মে-ডাম-মে-ফি

author img

By

Published : Jan 31, 2020, 3:15 PM IST

শিৱসাগৰ জিলাৰ ঐতিহাসিক বৰ্ডিং খেলপথাৰত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হৈছে বৃহত্তৰ ৰংপুৰ মে-ডাম-মে-ফি ৷ আনহাতে পৰম্পৰা ৰক্ষা কৰি 600 বছৰীয়া আহোম ৰাজত্বৰ শেষ ৰাজধানী যোৰহাটতো পালন কৰা হৈছে 37 সংখ্যক মে দাম মে ফি ৷

Me-dam-mee-fi celebated at Sivsagar and Jorhat
শিৱসাগৰ আৰু যোৰহাটত পৰম্পৰাগত ভাৱে উদযাপন মে-ডাম-মে-ফি

শিৱসাগৰ,31 জানুৱাৰী : আজি মে-ডাম-মে-ফি ৷ আহোমসকলে পূৰ্বপুৰুষ সকলক স্মৰণ কৰি আৰু বিশ্ব শান্তিৰ কামনা কৰি অসমৰ বিভিন্ন প্ৰান্তত পৰম্পৰাগত ভাৱে উদযাপন কৰিছে এই উৎসৱৰ ৷ এই পৰম্পৰাৰ জৰিয়তে উপৰি-পুৰুষৰ সৈতে অশাৰীৰিক যোগসূত্ৰ স্থাপন কৰি নিজৰ আৰু সমাজৰ তথা দেশৰ মংগলৰ বাবে জন-মিং বা আশীৰ্বাদ বিচাৰে আহোম সকলে ৷

শিৱসাগৰ: ৰাজ্যৰ আন আন জিলাসমুহৰ সমান্তৰালকৈ শিৱসাগৰ জিলাৰ ঐতিহাসিক বৰ্ডিং খেলপথাৰত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হৈছে বৃহত্তৰ ৰংপুৰ মে-ডাম-মে-ফি ৷ অনুষ্ঠাৰ প্ৰথমটো দিনত অৰ্থাৎ শুকুৰবাৰে ৰংপুৰ মে-ডাম-মে-ফিত উপস্থিত থাকিব উচ্চতম ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত মূখ্য ন্যায়াধীশ ৰঞ্জন গগৈ, ত্ৰিপুৰাৰ ৰাজপৰিয়ালৰ প্ৰদ্যুৎ কিশোৰ মানিক্য দেৱবাৰ্মা, নাগালেণ্ডৰ প্ৰাক্তন মূখ্যমন্ত্ৰী এছ চি জমিৰ, সত্ৰাধিকাৰ পীতাম্বৰ দেৱ গোস্বামীকে ধৰি বহু কেইগৰাকী বিশিষ্ট অতিথি ৷

শিৱসাগৰত পৰম্পৰাগত ভাৱে উদযাপন মে-ডাম-মে-ফি

যোৰহাট: আনহাতে পৰম্পৰা ৰক্ষা কৰি 600 বছৰীয়া আহোম ৰাজত্বৰ শেষ ৰাজধানী যোৰহাটতো পালন কৰা হৈছে 37 সংখ্যক মে দাম মে ফি ৷ চহৰখনৰ মাজ মজিয়াত অৱস্থিত ৰাজমাও পুখুৰীৰ পাৰত অৱস্থিত জয়া ভৱনত টাইচাবৰ উদ্যোগত অনুষ্ঠিত কৰা হৈছে মে ডাম মেফি ৷

যোৰহাটত পৰম্পৰাগত ভাৱে উদযাপন মে-ডাম-মে-ফি

আনহাতে যোৰহাটৰ ৰজা মৈদামত স্বৰ্গদেউ কমলেস্বৰ সিংহ আৰু স্বৰ্গদেউ পুৰন্দৰ সিংহৰ মৈদামত বন্তি প্ৰজ্বলন কৰি প্ৰাৰ্থনা কৰে শতাধিক লোকে ৷

যোৰহাটত পৰম্পৰাগত ভাৱে উদযাপন মে-ডাম-মে-ফি
Me-dam-mee-fi celebated at Jorhat
যোৰহাটত পৰম্পৰাগত ভাৱে উদযাপন মে-ডাম-মে-ফি

লগতে পঢ়ক: সহস্ত্ৰ সংগ্ৰাম ত্যাগ কৰি শান্তি আলোচনালৈ আহক আলফাঃ সৰ্বানন্দ সোণোৱাল

Intro:Body:*শিৱসাগৰত মে-ডাম-ফি-উদযাপন*
Story-ME_DAM_ME_FI
Ananta Smith
Sivasagar
31st January

শিৱসাগৰৰ ঐতিহাসিক বৰ্ডিং খেলপথাৰত বৃহত্তৰ ৰংপুৰ মে-ডাম-মে-ফি ৷
দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত এই মে ডাম মে ফি ৷

আজি উপস্থিত থাকিব উচ্চতম ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত মূখ্য ন্যায়াধীশ ৰঞ্জন গগৈ, ত্ৰিপুৰাৰ ৰাজপৰিয়ালৰ প্ৰদ্যুৎ কিশোৰ মানিক্য দেৱবাৰ্মা, নাগালেণ্ডৰ প্ৰাক্তন মূখ্যমন্ত্ৰী এছ চি জমিৰ, সত্ৰাধিকাৰ পীতাম্বৰ দেৱ গোস্বামীকে ধৰি বহু কেইগৰাকী অতিথি উপস্থিত থাকিব ৷

ইতিমধ্যে মে-ডাম-মে-ফীৰ পূজা আৰম্ভ হৈছে ৷

উল্লেখ্য যে মে ডাম মে ফী পূজা অসমত চুকাফাই ৰাজত্ব কৰাৰ দিনৰে পৰা পালন কৰি অহা হৈছে । টাই আহোমসকলে অতীজৰে পৰা উপৰিপুৰুষৰ লগতে স্বৰ্গৰ দেৱতাসকলক এই মে-ডাম-মে-ফীৰ জড়িয়তে পূজা কৰি সন্তুষ্ট কৰি আহিছে।

মে মানে পূজা ,ডাম মানে উপৰিপুৰুষ আৰু ফী মানে দেৱতা অৰ্থাৎ মে-ডাম-মে-ফী মানে স্বৰ্গৰ দেৱতা আৰু উপৰিপুৰুষসকলৰ পূজা অৰ্চনা কৰা ।

আহোমসকলৰ প্ৰধান উপাস্য দেৱতা হ'ল লেংডন অৰ্থাৎ স্বৰ্গৰ অধিপতি ইন্দ্ৰ ।তেখেতৰ দুই নাতি খুনলুঙ আৰু খুনলাইয়ে পৃথিৱীলৈ সোণৰ জখলাৰে নামি আহিছিল পৃথিৱীত ৰাজ্য স্থাপন কৰিবলৈ । আহোতে জ্ঞানৰ দেৱী জাচিংফাই তেওঁলোকক পৰামৰ্শ দি কৈছিল ,''পৃথিৱীৰ মুংকাং ৰাজ্যত থাকি সদায় উপৰিপুৰুষক পূজা-অৰ্চনা কৰিবা ,তেতিয়াহে দেশত শান্তি হ'ব ,প্ৰগতি হ'ব,উন্নতি হ'ব আৰু সকলোৱে মিলিজুলি বাস কৰিব পাৰিবা '' তেতিয়াৰেপৰা মে-ডাম-মে-ফী পালন কৰি অহা হৈছে ।

মে-ডাম-মে-ফী পূজাত আঠজন দেৱতাৰ বাবে আঠখন শৰাই পতা হয়।বুৰঞ্জীমতে চুকাফাৰ নামতো নিম্নস্থানত আৰু এখন শৰাই পতা হয় । টাই আহোমসকলৰ মাজত বিশ্বাস আছে যে মৃত্যুৰ পাছত উপৰিপুৰুষসকল প্ৰথমে ডাম (মৃতক), তাৰ পিছতহে ডাম-ফী(দেৱতা)হৈ যায় ।তাৰপিছত মৃতকসকলে স্বৰ্গত বাস কৰিবলৈ লয় আৰু পৃথিৱীত বাস কৰা নাতি পৰিনাতিসকলৰ অভিভাৱকত্ব গ্ৰহণ কৰে ।
মে-ডাম-মে-ফী ত স্মৰণ কৰা দেৱতাসকল হ'ল (১)খাওখাম বা জল আৰু শইচৰ অধিপতি (২)আই লেংদিন বা স্থলাধিপতি (৩) ফা-নুৰু লেংদন বা স্বৰ্গৰ অধিপতি (৪) চিতলাম চাম বা লেংদনৰ সাতজন পুত্ৰক একেলগে সাঙুৰি (৫) মুট কুম টাই কুম বা চন্দ্ৰ সূৰ্যৰ অধিপতি (৬) জা চিং ফা বা বিদ্যাৰ অধিপতি (৭) জান চাই হুং বা অনন্তৰ অধিপতি (৮) ৰা খিন আৰু বা খিন দুয়োকে একেলগে সাঙুৰি(এওঁলোক সময় নিৰূপনকাৰী অধিপতি) (৯) চুকাফাকে ধৰি তেৰ পুৰুষৰ আগৰ ডাম-ফীসকল ৷

Bite— পদ্মশ্ৰী তথা বিশিষ্ট টাই পণ্ডিত যোগেন্দ্ৰ নাথ ফুকনConclusion:

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.