ETV Bharat / city

মৰিয়নীত ক'ভিড-19 পজিটিভ চিকিৎসক : গণ সংক্ৰমণৰ আশংকা

author img

By

Published : Jul 13, 2020, 10:23 PM IST

ক'ভিড-19 পজিটিভ মৰিয়নিৰ 5 নং ৱাৰ্ডৰ শংকৰদেৱ কলনিৰ বিজু দে আৰু শৰ্মিলা লোদ দেৰ সংস্পৰ্শলৈ আহিছিল ডাঃ ভুৱন চন্দ্ৰ গগৈ । যোৱা 5 জুলাইত শৰ্মিলা লোদ দেৰ স্বাস্থ্য পৰীক্ষা কৰা হৈছিল বুলি জানিব পৰা গৈছে । কিন্তু সেই সময়ত দম্পতিদ্বয় ক'ভিড-19 আক্ৰান্ত বুলি জানিব পৰা নাছিল । 9 জুলাইত দম্পতিহাল ক'ভিড-19 ত আক্ৰান্ত বুলি ধৰা পৰে ।

মৰিয়নীত ক'ভিড-19 পজিটিভ চিকিৎসক : গণ সংক্ৰমণৰ আশংকা
মৰিয়নীত ক'ভিড-19 পজিটিভ চিকিৎসক : গণ সংক্ৰমণৰ আশংকা

মৰিয়নি, 13 জুলাই: মৰিয়নিত সোমবাৰে জ্যেষ্ঠ চিকিৎসক ডাঃ ভুৱন চন্দ্ৰ গগৈ ক'ভিড-19 পজিটিভ বুলি স্বাস্থ্য বিভাগে জানিবলৈ দিয়াৰ পিছতেই সমগ্ৰ মৰিয়নি নগৰত প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় । ইয়াৰ লগে-লগে মৰিয়নি নগৰত ক'ভিড-19 ত আক্ৰান্তৰ সংখ্যা 12 জনলৈ বৃদ্ধি পাইছে । উল্লেখ্য, ইতিমধ্যে ক'ভিড-19 পজিটিভ হোৱা মৰিয়নিৰ 5 নং ৱাৰ্ডৰ শংকৰদেৱ কলনিৰ বিজু দে আৰু শৰ্মিলা লোদ দেৰ সংস্পৰ্শলৈ আহিছিল ডাঃ ভুৱন চন্দ্ৰ গগৈ । যোৱা 5 জুলাইত শৰ্মিলা লোদ দেৰ স্বাস্থ্য পৰীক্ষা কৰা হৈছিল বুলি জানিব পৰা গৈছে । কিন্তু সেই সময়ত দম্পতি হাল ক'ভিড-19 আক্ৰান্ত বুলি জানিব পৰা নাছিল । 9 জুলাইত দম্পতিহাল ক'ভিড-19 আক্ৰান্ত বুলি ধৰা পৰে । আনহাতে যোৱা 11 জুলাইত চিকিৎসক ডাঃ গগৈৰ স্বাৱৰ নমুনা সংগ্ৰহ কৰা হৈছিল আৰু সোমবাৰে তেওঁৰ ফলাফল পজিটিভ বুলি ধৰা পৰে ।

যোৱা 11 জুলাইৰ পৰা চিকিৎসকজন হ’ম কোৱাৰেন্টাইনত আছিল যদিও 9 জুলাইৰ পৰা 10 জুলাই লৈকে দুদিন উক্ত সময়ছোৱাত তেখেতে নিজৰ চেম্বাৰত বহু ৰোগী পৰীক্ষা কৰা বুলি জানিব পৰা যায় । যিটো বিষয়লৈ এতিয়া মৰিয়নি নগৰৰ লগতে দাঁতিকাষৰীয়া অঞ্চলসমূহত হাহাকাৰ সৃষ্টি হৈছে । এজন সু-চিকিৎসক হোৱাৰ বাবেই স্বাভাৱিকতে তেখেতৰ যথেষ্ট সুনাম আছে সেই অনুসৰি তেখেতৰ ওচৰত চিকিৎসাৰ বাবে অহা ৰোগীৰ সংখ্যাও যথেষ্ট বেছি । তেনেস্থলত এইকেইটা দিনত তেখেত বহু ৰোগীৰ সংস্পৰ্শলৈ অহাৰ তথ্য আমাৰ হাতত আহি পৰিছে ।

এতিয়া তেওঁৰ সংস্পৰ্শলৈ অহা লোকসকলক চিনাক্তকৰণ কৰাটো যথেষ্ট প্ৰত্যাহ্বান হ'ব । ইফালে, স্বাস্থ্য বিভাগৰ লগতে প্ৰশাসন আৰু আৰক্ষীয়ে আজি চিকিৎসকজনক চিকিৎসাৰ বাবে যোৰহাটলৈ লৈ যোৱাৰ ব্যৱস্থা কৰে যদিও তেওঁ যাবলৈ অমান্তি হয় । তাৰ পৰিৱৰ্তে তেখেতে নগৰৰ 2 নং ৱাৰ্ডৰ নিজৰাপাৰৰ নিজৰ ঘৰতে চিকিৎসা গ্ৰহণ কৰাৰ পোষকতা কৰে ।

এই বিষয়লৈ স্থানীয় ৰাইজৰ লগতে তেওঁক আনিবলৈ যোৱা স্বাস্থ্য বিভাগৰ দলৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । অঞ্চলটোৰ ৰাইজে চিকিৎসকজনৰ এনে কাৰ্যত ব্যাপক অসন্তুষ্টি প্ৰকাশ কৰিছে । পৰিস্থিতি অধিক জটিল হোৱাত প্ৰশাসনৰ বিষয়াৰ লগতে মৰিয়নী আৰক্ষীৰ উপস্থিতত হয় । অৱশেষত প্ৰায় 4 ঘণ্টাৰ পাছত সন্ধিয়া তেওঁক এম্বুলেঞ্চ যোগে চিকিৎসাৰ বাবে যোৰহাটলৈ লৈ যোৱা হয় । চিকিৎসক ডাঃ গগৈয়ে ৰোগী চোৱা 'আসাম ড্ৰাগছ' নামৰ ফাৰ্মাচিখনো সম্প্ৰতি প্ৰশাসনে বন্ধ কৰি দিয়া বুলি জানিব পৰা গৈছে ।

আনহাতে, আৰক্ষী আৰু প্ৰশাসনে চিকিৎসকজনৰ সংস্পৰ্শলৈ অহা লোকসকলক স্বেচ্ছাই স্বাস্থ্য বিভাগ অথবা আৰক্ষীৰ সৈতে যোগাযোগ কৰিবলৈ আহ্বান জনাইছে । স্বাভাৱিকতে মৰিয়নি নগৰৰ লগতে ইয়াৰ উপকণ্ঠ অঞ্চলসমূহৰ ৰাইজৰ মাজৰ গণ সংক্ৰমণৰ আশংকাই গা কৰি উঠিছে । প্ৰশাসন আৰু স্বাস্থ্য বিভাগে এই ক্ষেত্ৰত অতি জৰুৰী ব্যৱস্থা গ্ৰহণ কৰাতো অতি প্ৰাসংগিক হৈ পৰিছে । প্ৰশাসন আৰু আৰক্ষীয়ে কোনো লোককেই ঘৰৰ পৰা অনাহকত বাহিৰলৈ নোলাবলৈ আৰু সকলো লোককে সামাজিক ব্যৱধান মানি চলাৰ লগতে মাস্ক বাধ্যতামূলকভাৱে ব্যৱহাৰ কৰিবলৈও আহ্বান জনাইছে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.