ETV Bharat / city

মৰিয়নিত প্ৰথমজন কোভিড-19 পজিটিভ ৰোগীৰ মৃত্যু

author img

By

Published : Jul 23, 2020, 2:35 AM IST

মৰিয়নিত প্ৰথমজন কোভিড-19 পজিটিভ ৰোগীৰ মৃত্যু ৷ মৃত্যুৰ পিছতহে গম পোৱা গ'ল কোভিড-19 আক্ৰান্ত বুলি ।

মৰিয়নিত প্ৰথমজন কোভিড-19 পজিটিভ ৰোগীৰ মৃত্যু
মৰিয়নিত প্ৰথমজন কোভিড-19 পজিটিভ ৰোগীৰ মৃত্যু

মৰিয়নি, 23 জুলাই : দেশজুৰি কোভিডৰ আতংকৰ পিছত বিগত নিশা মৰিয়নিৰ এজন ৰোগীৰ মৃত্যু হোৱাৰ ঘটনাই সমগ্ৰ মৰিয়নিতে ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে । মৰিয়নি নগৰৰ ৪ নং ৱাৰ্ডৰ বাসন্তী মন্দিৰৰ সমীপৰ অলক ঘোষ নামৰ প্ৰায় ৫৫ বছৰীয়া লোকজনৰ মঙলবাৰৰ নিশা যোৰহাট চিকিৎসা মহাবিদ্যালয়ত মৃত্যু হয় ।

লগতে পঢ়কঃ অসমীয়াক ONGC ত নিযুক্তি দিয়াৰ বিৰুদ্ধে শিলচৰত প্ৰতিবাদ

মৰিয়নি নগৰৰ এখন প্ৰতিষ্ঠিত ব্যৱসায়িক প্ৰতিষ্ঠানৰ কৰ্মচাৰী অলক ঘোষ বিগত দুদিন মানৰ পৰা অসুস্থ হৈ আছিল । কালিও তেখেতে ব্যৱসায়িক প্ৰতিষ্ঠানখনলৈ গৈছিল । কিন্তু তেওঁ কিছু অসুস্থ অনুভৱ কৰাৰ ঘৰলৈ গুচি আহে বুলি জানিব পৰা গৈছে । ইয়াৰ পিছত তেখেতে নগৰৰ এগৰাকী বেচৰকাৰী চিকিৎসাকৰ্মীৰ ওচৰলৈ গৈ পৰামৰ্শ লয় । কিন্তু ৰাতিলৈ তেখেতৰ স্বাস্থ্যৰ অধিক অৱনতি হোৱাত ৰাতি ততাতয়াকৈ যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ লৈ যোৱা হয় ।

কোভিড-19ত আক্ৰান্ত হৈ মৃত্যু হোৱা অলক ঘোষ

লগতে পঢ়কঃ বাঘজানৰ বিস্ফোৰণঃ 3 বিদেশী বিশেষজ্ঞ আহত

কিন্তু ৰাতি 2 মান বজাত তেখেতৰ মৃত্যু হোৱাৰ লগতে তেখেত কোভিড-19ত আক্ৰান্ত বুলি জানিব পাৰে । চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱাৰ পিছতেই তেখেতৰ স্বাৱৰ ৰেপিড টেষ্টিং হোৱা বুলি জানিব পৰা গৈছে । তাতেই তেওঁৰ দেহত কোভিড-19ৰ অৱস্থিতি ধৰা পৰে । ইয়াৰ পিছতো তেখেতৰ স্বাৱৰ নমুনা লৈ পৰীক্ষা কৰা হয় আৰু তাতো পুনৰ প'জিটিভ হোৱা বুলি জানিব পৰা গৈছে ।

লগতে পঢ়কঃ ৱাল খহিল এন এইচ পিচিৰ পাৱাৰ হাউচৰ,প্ৰতিক্ৰিয়া প্ৰকাশ আছুৰ

চিকিৎসা মহাবিদ্যালয়ৰ এক সূত্ৰই জানিবলৈ দিয়া মতে তেখেতক সংকটজনক অৱস্থাত ভৰ্তি কৰোৱা হৈছিল আৰু তেতিয়া তেখেতে উশাহ লোৱাত কষ্ট পাই আছিল । পিছত যোৰহাটৰ গড়মুৰ শ্মশানত পৰিয়ালৰ মুষ্টিমেয় লোকৰ উপস্থিতিত তেখেতৰ অন্তিম সৎকাৰ সম্পন্ন কৰা হয় ।

লগতে পঢ়কঃ অখিল গগৈৰ মুক্তিৰ দাবীৰে বিলাসীপাৰাত অভিনৱ প্ৰতিবাদ

ইফালে, প্ৰথমগৰাকী কোভিড-19 পজিটিভ ৰোগীৰ মৃত্যুৰ বাতৰি বিয়পি পৰাৰ লগে লগে নগৰখনত ব্যাপক চাঞ্চল্যৰ সৃষ্টি হয় । মৃত্যুৰ পূৰ্বে তেখেত কোভিড-19ত আক্ৰান্ত বুলি গম নোপোৱা বিষয়টোৱে মৰিয়নিত অধিক প্ৰতিক্ৰিয়াৰ সৃষ্টিৰ কৰিছে । তেখেত এই সময়ছোৱাত ইতিমধ্যে বহু লোকৰ সংস্পৰ্শলৈ অহাতো একপ্ৰকাৰ নিশ্চিত হৈছে । স্বাভাৱিকতে মৰিয়নিত ইয়াকে লৈ এক আতংকৰো সৃষ্টি হৈছে । তেখেতে কাম কৰা ব্যৱসায়িক প্ৰতিষ্ঠানৰ লগতে চিকিৎসা কৰ্মীজনে পৰীক্ষা কৰা ফাৰ্মাচীখনৰ লগতে আন একাধিক ব্যৱসায়িক প্ৰতিষ্ঠানো বন্ধ কৰি সম্পূৰ্ণৰূপে ছেনিটাইজ কৰাৰ প্ৰয়োজন আছে । প্ৰশাসন আৰু স্বাস্থ্য বিভাগে এই ক্ষেত্ৰত শীঘ্ৰেই ব্যৱস্থা গ্ৰহণৰ পোষকতা কৰিছে সচেতন ৰাইজে । প্ৰশাসন আৰু স্বাস্থ্য বিভাগে মৰিয়নিৰ ৰাইজক অধিক সচেতন হ'বলৈ আহ্বান জনাইছে । সামাজিক ব্যৱধান মানি চলাৰ লগতে মাস্ক পিন্ধাতো সকলোৰে বাবে বাধ্যতামূলক কৰিছে প্ৰশাসনে । মৃত্যুৰ সময়ত পত্নীৰ লগতে দুগৰাকী কন্যা সন্তান এৰি থৈ গৈছে প্ৰয়াত অলক ঘোষে ।

লগতে পঢ়কঃ ডিব্ৰুগড় আৰক্ষীত সংযোজন নতুন তহলদাৰী ব্যৱস্থা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.