যোৰহাট, 6 অক্টোবৰ : মহা অষ্টমী উপলক্ষ্যে যোৰহাটৰ বুঢ়ী গোঁসানী দেৱালয়ত আশীষ লোৱাৰ উদ্দেশ্যে ভক্তই ভিৰ কৰিছেহি ৷ জাতি-ধৰ্ম-ভাষা নিৰ্বিশেষে দেৱীৰ ওচৰত সেৱা জনাবৰ বাবে লানি নিছিগা সোঁত বৈছে বুঢ়ী গোঁসানী দেৱালয়ত ৷
পুৱা 5 বজাৰ পৰাই যোৰহাটৰ ঐতিহাসিক বুঢ়ী গোঁসানী দেৱালয়ত ভক্তৰ লানি নিছিগা সোঁত বৈছে ৷ বিভিন্ন জাতি-ধৰ্মৰ লোকেৰে পৰিপূৰ্ণ হৈ পৰিছে দেৱালয়ৰ চৌহদ । সকলোৰে একমাত্ৰ লক্ষ্য হৈছে দেৱীৰ আশীষ লাভ কৰা ।
বুঢ়ী গোঁসানী দেৱালয়ত দেৱীৰ আশীষ লাভৰ বাবে উপস্থিত হৈছে অসমৰ জনপ্ৰিয় অভিনেত্ৰী গীতাৱলী ৰাজকুমাৰী ৷