ETV Bharat / city

উৰুখা পঁজাতে চিকিৎসক হোৱাৰ সপোন ৰচিলে মধুস্মিতাই

author img

By

Published : May 17, 2019, 2:40 PM IST

সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৯০% নম্বৰ লাভ কৰিছে টীয়ক জাতীয় বিদ্যালয়ৰ ছাত্ৰী মধুস্মিতা বৰাই । আনন্দত চকুলো নিগৰি অহা ছাত্ৰীগৰাকীয়ে ভৱিষ্যতে সফল চিকিৎসক হোৱাৰ সপোন ব্যক্ত কৰিলে সাংবাদিকৰ আগত ।

মধুস্মিতা বৰা আৰু তেওঁৰ পিতৃ - মাতৃ

টীয়ক, ১৭ মে': বুধবাৰে ঘোষিত অসম হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৯০% নম্বৰ লাভেৰে টীয়ক অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিছে টীয়ক জাতীয় বিদ্যালয়ৰ ছাত্ৰী মধুস্মিতা বৰাই । পেছাত শাক - পাছলি বেপাৰী পিতৃ মনোজ বৰা আৰু মাতৃ বন্তি বৰাই কন্যাৰ সাফল্যত আনন্দত আত্মহাৰা হৈ পৰিছে । মধুস্মিতাৰ এই সফলতাত উৎফুল্লিত সমগ্ৰ অঞ্চল তথা বিদ্যালয়ৰ শিক্ষক - শিক্ষয়িত্ৰী । ছাত্ৰী গৰাকীৰ সফলতাৰ পাছতে গাঁওবাসীয়ে ভিৰ কৰিছেহি তেওঁৰ চোতাল ।

উৰুখা পঁজাতে চিকিৎসক হোৱাৰ সপোন ৰচিলে মধুস্মিতাই

কেমেৰাৰ সন্মুখত আনন্দত চকুলো টোকা মধুস্মিতাই ভৱিষ্যতে এই উৰুখা পঁজাৰ পৰাই এগৰাকী সফল চিকিৎসক হোৱাৰ সপোণ ৰচিছে । আৰ্থিক দুৰ্বলতাৰ বাবে কোনো কাৰণতে যাতে মধুস্মিতাৰ উচ্চ শিক্ষাৰ ক্ষেত্ৰত বাধা আহিব নোৱাৰে তাৰ বাবে টীয়কৰ কেইবাটাও দল - সংগঠন তথা বহুকেইজন ব্যক্তিয়ে সহায়ৰ হাত আগবঢ়াইছে ।

Intro:Body:ভঙা পজাতে ৰচিছে অলেখ সপোণ টীয়কৰ ছাত্ৰী মধুস্মৃতা বৰাই
TEOK:বুধবাৰে ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৯০% নম্বৰেৰে উত্তীৰ্ণ হৈ সমগ্ৰ টীয়কলৈ গৌৰৱ কঢ়িয়াই আনিছে টীয়ক জাতীয় বিদ্যালয়ৰ ছাত্ৰী তথা টীয়কৰ বলমা পাইপলাইনৰ মধুস্মিতা বৰাই।পিতৃ মনোজ বৰা আৰু মাতৃ বন্তি বৰাই পেটত ভোক লৈ দিনক ৰাতি কৰি শাক পাছলিৰ বেপাৰ কৰি অশেষ কষ্টেৰে মেধাবী ছাত্ৰীগৰাকীক পঢ়াইছিল যদিও সন্তানৰ সফলতাত আজি আনন্দত আত্মহাৰা হৈ পৰিছে।মধুস্মিতাৰ এই সফলতাত উৎফুল্লিত সমগ্ৰ অঞ্চল।বিদ্যালয়ৰ শিক্ষক কৰ্মচাৰীৰ লগতে গাঁৱবাসীয়ে ভিৰ কৰিছে ছাত্ৰীগৰাকীৰ ঘৰৰ চোতাল।কেমেৰাৰ সন্মুখত আনন্দত চকুলু টুকি ভৱিষ্যতে এই ভঙা পজাৰে পৰাই এগৰাকী সফল চিকিৎসক হোৱাৰ সপোণ ৰচিছে মধুস্মিতাই।আৰ্থিক দুৰ্বলতাই যাতে কোনো কাৰণত মধুস্মিতাৰ উচ্চ শিক্ষাৰ ক্ষেত্ৰত হেঙাৰ হ'ব নোৱাৰে তাক লৈ ইতিমধ্যে টীয়কৰ কেইবাটাও দল সংগঠন তথা ব্যক্তি বিশেষ ওলাই আহি সহায়ৰ হাত আগ বঢ়াইছে।মেধাবী ছাত্ৰী মধুস্মিতাৰ সপোণবোৰ যাতে পুৰণ হয় ই টিভি ভাৰতৰ তৰফৰ পৰা আমিও তাকে কামনা কৰিছো।Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.