ETV Bharat / city

মেৰাপানীত প্ৰায় 1,500 টিন লালীগুৰ জব্দ - যোৰহাট জিলাৰ চুলাই ট্ৰেজেডি

মঙলবাৰে খাদ্য সুৰক্ষা বিভাগ, আবকাৰী বিভাগৰ এটা দলে মেৰাপানীৰ ৰামপুৰত এটা অভিযান চলাই ৷ উক্ত অভিযানত প্ৰদীপ গুপ্তা নামৰ এজন লোকে মজুত কৰি ৰখা প্ৰায় 1,500 টিন লালীগুৰ জব্দ কৰাৰ লগতে গুদামটো ছীল কৰি দিয়ে আৰক্ষীয়ে ৷

Large Number Of  jag grey Seized By Excise Department At Jorhat
মেৰাপানীত প্ৰায় 1,500 টিন লালীগুৰ জব্দ
author img

By

Published : Jun 30, 2021, 11:47 AM IST

তিতাবৰ, 30 জুন : ৰাজ্যৰ বিভিন্ন জিলাত ড্ৰাগছ (Drugs), অবৈধ চুলাই ঘাটি তথা বিভিন্ন অপৰাধজনীত কামৰ বিৰুদ্ধে আৰক্ষীয়ে চলোৱাৰ সমান্তৰালকৈ এইবাৰ যোৰহাট জিলা (Jorhat District)ত লালীগুৰৰ বিৰুদ্ধে অব্যাহত ৰাখিছে তীব্ৰ অভিযান ৷ আৰক্ষী, আবকাৰী বিভাগ আৰু খাদ্য সুৰক্ষা বিভাগৰ সহযোগত অভিযান চলাই মেৰাপানীৰ পৰা জব্দ কৰে বুজন পৰিমাণৰ অবৈধভাৱে মজুত কৰি ৰখা লালীগুৰ ।

এই বুজন পৰিমাণৰ লালীগুৰখিনি প্ৰদীপ গুপ্তা নামৰ এজন লোকৰ ঘৰৰ পৰা উদ্ধাৰ কৰে আৰক্ষীয়ে ৷ উল্লেখযোগ্য যে,২০১৯ বৰ্ষৰ গোলাঘাট আৰু যোৰহাট জিলাৰ চুলাই ট্ৰেজেডি (Jorhat hooch tragedy)ৰ অন্যতম খলনায়ক আছিল প্ৰদীপ গুপ্তা । কিন্তু সেইসময়ত আইনৰ সুৰুঙাৰে বাচি গৈছিল প্ৰদীপ গুপ্তা । সুৰা ট্ৰেজেদিৰ পাছতো প্ৰদীপ গুপ্তাই বিনাদ্বিধাই চুলাই মদ প্ৰস্তুতকৰণৰ বাবে লালীগুৰ যোগান ধৰি আহিছিল বুলি জানিব পৰা গৈছে ।

মেৰাপানীত প্ৰায় 1500 টিন লালীগুৰ জব্দ

ইফালে আৰক্ষীয়ে এই খবৰ লাভ কৰাত মঙলবাৰে খাদ্য সুৰক্ষা বিভাগ, আবকাৰী বিভাগৰ (Excise Department) এটা দলে প্ৰদীপ গুপ্তাৰ মেৰাপানীৰ ৰামপুৰস্থিত গুদামত এটা অভিযান চলায় ৷

উক্ত অভিযানত প্ৰদীপ গুপ্তা মজুত কৰি ৰখা প্ৰায় 1,500 টিন লালীগুৰ জব্দ কৰাৰ লগতে গুদামটো ছীল কৰি দিয়ে আৰক্ষীয়ে ৷ ইফালে উক্ত লালীগুৰ খিনিত ৰাসায়নিক দ্ৰব্য মিহলাই নষ্ট কৰে খাদ্য সুৰক্ষা বিভাগে । প্ৰদীপ গুপ্তাই মজুত কৰি ৰখা লালীগুৰখিনিৰ কোনো ধৰণৰ নথি পত্ৰ খাদ্য সুৰক্ষা বিভাগ তথা আবকাৰী দলটোৰ সন্মুখত প্ৰদৰ্শন কৰিব নোৱাৰিলে বুলি আৰক্ষী সুত্ৰে প্ৰকাশ কৰিছে । ইফালে নষ্ট কৰা লালীগুৰখিনিৰ বজাৰ মূল্য প্ৰায় পোন্ধৰ লাখ টকা হ'ব বুলি আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে ।

লালীগুৰ মাফিয়া প্ৰদীপ গুপ্তাই বহিঃৰাজ্যৰ পৰা লালীগুৰসমূহ আনি চুলাই প্ৰস্তুতকৰণৰ বাবে ৰাজ্যৰ বিভিন্ন প্ৰান্তলৈ যোগান ধৰি আহিছিল বুলি আৰক্ষীৰ সূত্ৰে জানিব পৰা গৈছে ৷ মুখ্যমন্ত্ৰী হিচাপে ড৹ হিমন্ত বিশ্ব শৰ্মা (Dr. Himanta Biswa Sarma)ই শপত গ্ৰহণ কৰাৰ পাছতেই ড্ৰাগছ মুক্ত ৰাজ্য় হিচাপে গঢ়ি তোলাৰ লক্ষ্য উদ্দেশ্যেৰে প্ৰশাসন বিভাগত ব্যাপক ৰদবদল কৰিছে ৷ ইফালে ড্ৰাগছ, গাঞ্জা, বিভিন্ন অপৰাধমূলক ঘটনাৰ বিৰুদ্ধে প্ৰতিখন জিলাতে সস্তম হৈ পৰিছে অসম আৰক্ষী (Assam Police) ৷ আৰক্ষীৰ অভিযানত প্ৰতিদিনেই বিভিন্ন প্ৰান্তত বহু পৰিমানৰ ড্ৰাগছ,গাঞ্জা,লালীগুৰকে আদি কৰি বহুকেইটা ড্ৰাগছ মাফিয়াক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে ৷

লগতে পঢ়ক-বৰপেটাত বন বিভাগৰ অভিযানত অবৈধ কাঠ ফলা কল উৎখাত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.