ETV Bharat / city

যোৰহাটৰ কাৱৈমাৰী কন্টেইনমেন্ট জ’নৰ ৰাইজৰ খাদ্যৰ বিচাৰি হাহাকাৰ - যোৰহাট ক’ভিড 19

যোৰহাট জিলা টীয়কৰ কাৱৈমাৰী অঞ্চলত পুনৰ ৩১ জনকৈ লোকৰ দেহত ধৰা পৰিছে কৰ'ণা ভাইৰাছৰ (Covid-19) উপস্থিতি ৷ ইতিমধ্যে সমগ্ৰ অঞ্চলটো কন্টেইনমেন জ'ন (Containment Zone) হিচাপে ঘোষণা কৰে জিলা প্ৰশাসনে ৷

kawaimari Village containment zone Allowed By Administration in Jorhat District
কন্টেইমেন্ট জ'ন ঘোষণা কৰিলে নহ'ব খাদ্য সামগ্ৰী যোগান ধৰক
author img

By

Published : Jun 28, 2021, 12:22 PM IST

টীয়ক, 28 জুন : কৰ'ণা মহামাৰী (Covid-19) ৰ দ্বিতীয়টো ঢৌত সমগ্ৰ ৰাজ্যৰ লগতে যোৰহাট জিলাতো ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে ৷ কৰ'ণা ৰোগ প্ৰতিৰোধ কৰিবলৈ চৰকাৰে আংশিক লকডাউন ঘোষণা কৰাৰ পাছত বহু পৰিমানে কৰ'ণাত আক্ৰান্ত হোৱা লোকৰ সংখ্যা হ্ৰাস পাইছিল ৷ কিন্তু চৰকাৰে লকডাউন শিথিল কৰি দিয়াত পুনৰ গোলাঘাট, যোৰহাটকে ধৰি কোনো কোনো জিলাত ভয়ংকৰভাৱে পুনৰ বৃদ্ধি পাবলৈ ধৰিছে কৰ’ণাত (Covid-19) আক্ৰান্ত হোৱা লোকৰ সংখ্যা ৷

কন্টেইমেন্ট জ'ন ঘোষণা কৰিলে নহ'ব খাদ্য সামগ্ৰী যোগান ধৰক

ইফালে যোৰহাট জিলা টীয়কৰ কাৱৈমাৰী অঞ্চলত নতুনকৈ ৩১ জনকৈ লোকৰ দেহত ক'ভিড-১৯ ৰ উপস্থিতি ধৰা পৰিছে ৷ ইতিমধ্যে উক্ত অঞ্চলটোৰ চাৰিজনকৈ লোক ক'ভিড আক্ৰান্ত হৈ মৃত্যু মুখত পৰে ৷ উক্ত ঘটনাটো পোহৰলৈ অহাৰ পিচতেই যোৰহাট জিলা প্ৰশাসনে সমগ্ৰ অঞ্চলটো কন্টেইনমেন জ'ন (Containment Zone) হিচাপে ঘোষণা কৰে ৷ কিন্তু প্ৰশাসনে অঞ্চলটো কন্টেইমেন্ট জন হিচাপে ঘোষণা কৰা দুটাকৈ দিন ওকলি যোৱাৰ পাছতো প্ৰশাসনৰ তৰফৰ পৰা কোনো ধৰণৰ অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী যোগান নধৰাৰ অভিযোগ তুলিছে গাঁওৰক্ষী বাহিনীৰ লগতে পঞ্চায়তৰ কৰ্মী সকলে ।

তাৰোপৰি অঞ্চলটোৰ প্ৰৱেশ পথটো সম্পূৰ্ণ ৰূপে বন্ধ কৰি দিয়াত অঞ্চলটোৰ দিন হাজিৰা কৰি কোনোমতে দুবেলা দুমঠি যোগাৰ কৰা বহুকেইটা পৰিয়ালৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে । প্ৰশাসনে কেৱল কন্টেইনমেন্ট জ'ন ঘোষণা কৰিয়েই দায়িত্ব সামৰাত অঞ্চলটোৰ দৰিদ্ৰ লোকসকলে বহু সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছে বুলি অভিযোগ কৰিছে গাঁওৰক্ষী বাহিনীৰ লগতে পঞ্চায়তৰ কৰ্মী সকলে ৷

শীঘ্ৰেই কন্টেইমেন্ট জ'নত (Containment Zone) থকা ৰাইজক অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী যোগান ধৰিবলৈ জিলা প্ৰশাসনক আহ্বান জনাইছে পঞ্চায়ত প্ৰতনিধিকে ধৰি গাঁওৰক্ষী বাহিনীৰ লোকসকলে । ইপিনে গাঁওখনৰ প্ৰৱেশদ্বাৰত গাঁৱৰক্ষী বাহিনী আৰু পঞ্চায়ত প্ৰতিনিধিয়ে দিনে নিশাই পহৰা দি ক'ভিডৰ গণসংক্ৰমণ ৰোধ কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে । অৱশ্যে বৰ্তমান আক্ৰান্তসকলৰ শাৰীৰিক অৱস্থা সুস্থ বুলি জানিব পৰৈ গৈছে ।

লগতে পঢ়ক-উৎপাদিত সকলো ধান দৰিদ্ৰ ৰাইজক দিম: বিধায়ক দিগন্ত কলিতা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.